ছত্তিশগড়ৰ সুৰা কেলেংকাৰী গোচৰত ই ডিক সকিয়ালে উচ্চতম ন্যায়ালয়ে...
ছত্তিশগড়ৰ সুৰা কেলেংকাৰী গোচৰত ই ডিক সকিয়ালে উচ্চতম ন্যায়ালয়ে...

ছত্তিশগড়ৰ সুৰা কেলেংকাৰী গোচৰত ই ডিক সকিয়ালে উচ্চতম ন্যায়ালয়ে...

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাবোৰক ৰাজনৈতিক প্ৰতিহিংসাত ব্যৱহাৰ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে। বিজেপিৰ ক্ষমতা দখলৰ অন্যতম অস্ত্ৰ হৈ পৰিছে চি বি আই আৰু ইডি।

দেশৰ বিৰোধী দলবোৰে এই অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপন কৰি আহিছে। তাৰ মাজতে সোমবাৰে এটা গোচৰ সন্দৰ্ভত স্বয়ং উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ই ডিক  উদ্দেশ্য কৰি ক'লে, সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি নকৰিব।

ছত্তিশগড় চৰকাৰে দেশৰ এই শীৰ্ষ ন্যায়ালয়ত অভিযোগ কৰি কৈছে যে, ২ হাজাৰ কোটিৰ সুৰা কেলেংকাৰীত ই ডিয়ে জোৰ কৰি মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ নাম জোৰ দিয়াৰ চেষ্টা কৰিছে। এই গোচৰৰ শুনানিতে এইদৰে মন্তব্য কৰিলে উচ্চতম ন্যায়ালয়ে।

ন্যায়ালয়ৰ ন্যায়াধীশ এছ কে কৌল আৰু ন্যায়াধীশ আমানুল্লাহৰে গঠিত দুজনীয়া বিচাৰপীঠৰ আগত ছত্তিশগড় চৰকাৰে অভিযোগ কৰি কয়, ৰাজ্যিৰ একাধিক আবকাৰী বিষয়া আৰু তেওঁলোকৰ আত্মীয়ক গ্ৰেপ্তাৰৰ হুংকাৰ দিছে ই ডিয়ে। সুৰা কেলেংকাৰীত মুখ্যমন্ত্ৰীক সাঙোৰাৰ চেষ্টা চলিছে।

ইয়াৰোপৰি কয়, এনে পৰিস্থিতিৰ ভয়ত আবকাৰী বিষয়াই তেওঁলোকৰ দপ্তৰত কাম কৰিবলৈ বিচৰা নাই। ছত্তিশগড় চৰকাৰৰ হৈ দেশৰ বিশিষ্ট আইনজ্ঞ কপিল শিব্বালে শুনানিৰ সময়ত কয়, ইডিয়ে উত্তেজনা বৃদ্ধি কৰিছে। হুমকি দিছে আবকাৰী বিষয়াসকলক। এয়া দুৰ্ভাগ্যজনক। সন্মুখত ছত্তিশগড়ৰ নিৰ্বাচন। সেয়ে এনেধৰণৰ কাৰ্যকলাপ বৃদ্ধি পাইছে।

এই শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰিপীঠে কয়, এনে আচৰণে এটা সত্য বিষয়কো সন্দেহজনক কৰি তোলে। ন্যায়ালয়ে ইয়াৰ উপৰিও ই ডিৰ শীৰ্ষ বিষয়াসকলক উদ্দেশ্যি কয়, সন্ত্ৰাসৰ পৰিস্থিতি সৃষ্টি নকৰিব। 

উল্লেখ্য যে, ছত্তিশগড় চৰকাৰে দাবী কৰিছে ই ডিয়ে ৰাজ্যখনৰ ৫২ গৰাকী আবকাৰী বিষয়াক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছে। ইয়াৰোপৰি তেওঁলোকৰ আত্মীয়ৰ ক্ষেত্ৰতো একেই ব্যৱহাৰ কৰিছে ইডিয়ে।

মন কৰিবলগীয়া যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও একেই অভিযোগ উত্থাপন কৰি আহিছে। তেওঁলোকৰো স্পষ্ট অভিযোগ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক মোডী চৰকাৰে নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে।

কংগ্ৰেছসহ অন্যান্য বিৰোধী দলসমূহৰ অভিযোগ, নিৰ্বাচনৰ পূৰ্বে হঠাৎ অতি সক্ৰিয় হৈ উঠে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহ। তেওঁলোকৰ দাবী এয়া প্ৰতিহিংসামূলক ৰাজনীতিৰ বাহিৰে বেলেগ একো নহয়।

ছত্তিশগড়ৰ সুৰা কেলেংকাৰী গোচৰত ই ডিক সকিয়ালে উচ্চতম ন্যায়ালয়ে...
শুভমণ গীললৈ অধিনায়কৰ দায়িত্ব ! বিৰাট কোহলিৰ এই কথাই দিলে ইংগিত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in