কেজিৰৱাল, খাৰ্গেৰ যুদ্ধত মমতাৰ হস্তক্ষেপঃ আৰম্ভণিতে ভাঙিল নেকি মিত্ৰজোট?

কেজিৰৱাল, খাৰ্গেৰ যুদ্ধত মমতাৰ হস্তক্ষেপঃ আৰম্ভণিতে ভাঙিল নেকি মিত্ৰজোট?
কেজিৰৱাল, খাৰ্গেৰ যুদ্ধত মমতাৰ হস্তক্ষেপঃ আৰম্ভণিতে ভাঙিল নেকি মিত্ৰজোট?

ডিজিটেল ডেস্কঃ ২০২৪ ৰ লোকসভা নিৰ্বাচনত একত্ৰিত ভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ দেশৰ বিৰোধী দলসমূহে শুকুৰবাৰে পাটনাট নীতিশ কুমাৰৰ পৃষ্ঠপোষকতাত একত্ৰিত হ’ল যদিও এই বৈঠকত দৃষ্টিকটু ভাৱে দুই ৰাজনৈতিক দলৰ নিজা এজেণ্ডাক লৈ বাক বিতণ্ডাত লিপ্ত হৈ বিৰোধীৰ মূল উদ্দেশ্যৰ পৰা ফালৰি কাটি গ’ল।

যাক লৈ এতিয়া বিজেপি বিৰোধী শিৱিৰত এই দুই ৰাজনৈতিক দল তথা নেতৃত্বক লৈ অসন্তুষ্টিয়ে দেখা দিয়াই নহয়, এনে মানসিকতাৰে কেনেকৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিব তাক লৈও প্ৰশ্নৰ অৱতাৰণা কৰিছে। শুকুৰবাৰৰ গুৰুত্বপূৰ্ণ এই সভাখনত উপস্থিত আছিল কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী আৰু আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল।

সভাখনত এই দুই দলৰ নেতৃত্ব মল্লিকাৰ্জুন খাৰ্গে আৰু অৰবিন্দ কেজৰিৱালে বৃহত্তৰ স্বাৰ্থৰ কথা পাহৰি কেৱল নিজা এজেণ্ডাক লৈহে বাকযুদ্ধত লিপ্ত হোৱা দেখা গ’ল। পৰিস্থিতি এনে পৰ্যায়ত উপনীত হয় যে, মূল বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দুয়ো নেতাৰ বাকযুদ্ধৰ মাজত হস্তক্ষেপ কৰিবলৈ বাধ্য হয়।

তেওঁ দুয়ো নেতাক বুজনি দি শান্ত কৰাৰ চেষ্টা কৰে। উল্লেখ্য যে, বিৰোধী শক্তি একত্ৰিকৰণ আৰু এগৰাকী সৰ্বগ্ৰহণীয় নেতৃত্বৰ সন্ধানত শুকুৰবাৰে অনুষ্ঠিত হৈছিল এই বৈঠক। এই বৈঠকতে দুই নেতৃত্বৰ যুঁজে মূল আলোচনাৰ বিষয়ৰ পৰা সকলোকে কিছু সময়ৰ পৰা আঁতৰাই ৰাখে।

মমতা বেনাৰ্জীৰ হস্তক্ষেপত এই বাকযুদ্ধৰ অন্ত পৰে যদিও বিৰোধীৰ মাজত যে এক ব্যৱধান আহি পৰিছে সেয়া নিশ্চিত হৈছে। সেয়ে পৰৱৰ্তী জুলাই মাহত অনুষ্ঠিত হ'বলগীয়া বৈঠকত আম আদমী পাৰ্টী উপস্থিত নাথাকিব !

মন কৰিবলগীয়া যে, একত্ৰিত বিৰোধীৰ মাজত কংগ্ৰেছৰ উপস্থিতি পূৰ্বৰে পৰা বিৰোধ কৰি আহিছে অৰবিন্দ কেজৰিৱালে। দিল্লীত আমোলাৰ নিয়োগ, বদলি সন্দৰ্ভত দিল্লী চৰকাৰৰ পৰা ক্ষমতা কাঢ়িবলৈ কেন্দ্ৰই বিতৰ্কিত অৰ্ডিনেন্স বিৰোধিতাৰ বাবে কেজৰিৱালে বিৰোধী ৰাজনৈতিক দলৰ দুৱাৰে দুৱাৰে ঘূৰিবলৈ বাধ্য হৈছে।

অৱশ্যে বিৰোধী ৰাজনৈতিক দলবোৰে তেওঁলৈ সমৰ্থনো আগবঢ়াইছে। কেন্দ্ৰৰ এই বিতৰ্কিত অৰ্ডিনেন্স বিৰোধিতা কৰাৰ আশ্বাস দিছিল। ৰাজ্যসভাত বিৰোধীয়ে অৰ্ডিনেন্সৰ বিৰোধিতাৰে ভোট দিয়াৰ আশ্বাস দিয়ে। কিন্তু সেই সময়ত নীৰৱ আছে কংগ্ৰেছ।

শুকুৰবাৰে পাটনাত অনুষ্ঠিত হোৱা বৈঠকত ১৭ বিৰোধী দলৰ বৈঠকত সেই বিষয়টোও উত্থাপন হয়। অৰবিন্দ কেজৰিৱালে এই সভাতেই কংগ্ৰেছ সভাপতিক বিতৰ্কিত অৰ্ডিনেন্সৰ বিৰোধিতাৰে ৰাজ্যসভাত ভোট দিবনে নাই সেই বিষয়টো এই বৈঠকতে স্পষ্ট কৰিবলৈ দাবী কৰে।

কেজৰিৱালৰ এই দাবীৰ উত্তৰত মল্লিকাৰ্জুন খাৰ্গেয়ে কয়, এয়া লোকসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুৰ বৈঠক। ইয়াত ব্যক্তিগত ইছ্যু সন্দৰ্ভত সিদ্ধান্ত লোৱা নহয়। মল্লিকাৰ্জুন খাৰ্গেৰ এই উত্তৰতে খৰ্গহস্ত হৈ পৰে কেজৰিৱাল।

তাৰ পাছত আৰম্ভ হয় দুয়োৰে মাজত বাকযুদ্ধ। পৰিস্থিতি এনে পৰ্যায় পাইগৈ যে, উপায়ন্তৰ হৈ বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিষয়টো হস্তক্ষেপ কৰিবলৈ বাধ্য হয়। তেওঁ সভাত উপস্থিত থকা ৰাহুল গান্ধীক উদ্দেশ্য কৰি কয়, আপুনি এই যুদ্ধ এতিয়াই বন্ধ কৰক। মনত ৰাখিব লাগিব আমি ইয়াত বিজেপি বিৰোধিতাৰ কথাৰে একত্ৰিত হৈছে।

তাৰ পাছতে দুয়ো নেতা কিছু শান্ত হয়। কিন্তু কিছুপৰ পাছতে আলোচনাৰ কক্ষৰ পৰা আঁতৰি যায় কেজৰিৱাল। পৰৱৰ্তী সময়ত এক বিবৃতি দি আম আদমী পাৰ্টীয়ে কয়, কংগ্ৰেছ থাকিলে এই মিত্ৰজোটলৈ যোৱা সম্ভৱ নহয়। কেজৰিৱালৰ এই বিবৃতিৰ পাছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে, আৰম্ভণিতেই ভাঙিল নেকি বিৰোধীৰ এই মিত্ৰজোট?

কেজিৰৱাল, খাৰ্গেৰ যুদ্ধত মমতাৰ হস্তক্ষেপঃ আৰম্ভণিতে ভাঙিল নেকি মিত্ৰজোট?
বনাঞ্চলৰ পৰা আহি জনাঞ্চলত ৫ দিনে সন্ত্ৰাস চলাই আছে এটা ঢেঁকীয়াপতিয়াই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in