বনাঞ্চলৰ পৰা আহি জনাঞ্চলত ৫ দিনে সন্ত্ৰাস চলাই আছে এটা ঢেঁকীয়াপতিয়াই...

বনাঞ্চলৰ পৰা আহি জনাঞ্চলত ৫ দিনে সন্ত্ৰাস চলাই আছে এটা ঢেঁকীয়াপতিয়াই...
বনাঞ্চলৰ পৰা আহি জনাঞ্চলত ৫ দিনে সন্ত্ৰাস চলাই আছে এটা ঢেঁকীয়াপতিয়াই...প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল ডেস্কঃ ৰাজ্যৰ চৌদিশে বান পৰিস্থিতি অব্যাহত থকাৰ মাজতে বিভিন্ন স্থানত বন্যজন্তুৱেও সন্ত্ৰাস অব্যাহত ৰাখিছে। বিশেষকৈ বন্যহস্তীয়ে বিভিন্ন প্ৰান্তত চলাইছে সন্ত্ৰাস।

তাৰ মাজতে এইবাৰ ৰাইজৰ মাজত সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে এটা ঢেঁকীয়াপতিয়া বাঘ। জুৰীয়াত যোৱা ৫ দিন ধৰি আতংকৰ কাৰণ হৈ পৰিছে এটা ঢেঁকীয়াপতিয়া বাঘ।

বিগত ৫ দিনত এই ঢেঁকীয়াপতিয়া বাঘটোৱে কেইবাটাও পৰিয়ালৰ পোহনীয়া জন্তুক চিকাৰৰ লক্ষ্য কৰি লৈছে। আক্ৰমণ কৰিছে বহু কেইটা পোহনীয়া জন্তুক। আতংকৰ কাৰণ হৈ পৰা এই বাঘটোৰ আক্ৰমণতে কিছুদিন পূৰ্বে মৃত্যু হৈছিল এটা ঘোঁৰাৰ।

বিগত ৫ টা দিনে এই ঢেঁকীয়াপতিয়া বাঘটোৱে সন্ত্ৰাস অব্যাহত ৰাখিছে যদিও বন বিভাগৰ লোকে এই পৰ্যন্ত খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই। স্থানীয় ৰাইজে শীঘ্ৰেই এই বাঘটোক খেদি পঠিয়াই সকলোকে সুৰক্ষা প্ৰদান কৰাৰ আহ্বান জনাইছে।

বনাঞ্চলৰ পৰা আহি জনাঞ্চলত ৫ দিনে সন্ত্ৰাস চলাই আছে এটা ঢেঁকীয়াপতিয়াই...
উপ-পৰিদৰ্শক নুৰুদ্দিন আহমেদক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in