দুখন বাছৰ মুখামুখি সংঘৰ্ষ: বিয়াৰ পৰা উভতি আহোতেই একেটা পৰিয়ালৰে ৭ জন সহ ১২ জন নিহত

দুখন বাছৰ মুখামুখি সংঘৰ্ষ: বিয়াৰ পৰা উভতি আহোতেই একেটা পৰিয়ালৰে ৭ জন সহ ১২ জন নিহত

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১২ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আহত হয় বহুতো। আনহাতে মৃতলোকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা আছে। জানিব পৰা মতে দুখন বাছৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

সোমবাৰে আৰক্ষীয়ে জনাই যে উৰিষ্যাৰ গঞ্জাম জিলাত সংঘটিত হয় এই ঘটনা। এখন বাছখনৰ যাত্ৰীসকল বিয়া অনুষ্ঠানত অংশ লৈ উভতি আহি আছিল আৰু আনখন যাত্ৰীবাহী বাছ আছিল।

উল্লেখ্য যে, দেওবাৰে নিশা এই দুৰ্ঘটনাটো সংঘটিত হয়। মৃত ১২ জনৰ ভিতৰত এটা পৰিয়ালৰ ৭ জন সদস্য আৰু তেওঁলোকৰ আত্মীয় আছিল। আহত সকলক হস্পাতাললৈ প্ৰেৰণ কৰা হৈছে।

দুখন বাছৰ মুখামুখি সংঘৰ্ষ: বিয়াৰ পৰা উভতি আহোতেই একেটা পৰিয়ালৰে ৭ জন সহ ১২ জন নিহত
সমষ্টি পুনৰ নিৰ্ধাৰণঃ অখিল গগৈক উভতি ধৰিলে বিধায়ত ভুৱন পেগুৱে...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in