সমষ্টি পুনৰ নিৰ্ধাৰণঃ অখিল গগৈক উভতি ধৰিলে বিধায়ক ভুৱন পেগুৱে...

সমষ্টি পুনৰ নিৰ্ধাৰণঃ অখিল গগৈক উভতি ধৰিলে বিধায়ক ভুৱন পেগুৱে...
সমষ্টি পুনৰ নিৰ্ধাৰণঃ অখিল গগৈক উভতি ধৰিলে বিধায়ক ভুৱন পেগুৱে...

ডিজিটেল সংবাদ জোনাইঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। একাংশই এই খচৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে আন একাংশই ইয়াৰ বিৰোধিতা কৰিছে।

এনে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজতে এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰি থকা অখিল গগৈক উভতি ধৰিলে আন এগৰাকী বিধায়ক ভুৱন পেগুৱে। উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে বিভিন্ন প্ৰসংগ উল্লেখ কৰাৰ মাজতে বিধায়ক অখিল গগৈয়ে হিন্দু বঙালীৰ স্বাৰ্থতে এই সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া কৰা বুলৈ কৈছিল। বিধায়ক গগৈৰ এই মন্তব্যৰ বিৰোধিতা কৰিছে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে।

দেওবাৰে জোনাইৰ বিধায়ক ভুৱন পেগুয়ে সংবাদ মাধ্যমৰ আগত কয় যে, অখিল গগৈ এজন আবোল-তাবোল বকা মানুহ। ইছ্যু নোহোৱা কথা কৈ সদায় হুলস্থুল লগোৱাই তেওঁৰ কাম ।

তেওঁ কয়, এটা সময়ত অখিল গগৈয়ে কৈছিল 'কা' গৃহীত হ'লে বাংলাদেশৰ পৰা ট্ৰাকে ট্ৰাকে হাজাৰ হাজাৰ মানুহ আনি সংস্থাপন দিয়া হ'ব। পিছে 'কা' গৃহীত হোৱাৰ পাছত ক'ত মানুহ আহিছে?

গতিকে চিচিবৰগাওঁ সমষ্টি হিন্দু বাঙালীক গতাই দিয়া কথাটো একেবাৰে মিছা। চিচিবৰগাঁও সমষ্টি সংৰক্ষণ মুক্ত কৰাৰ দীৰ্ঘদিনীয়া ৰাজহুৱা দাবীৰ প্ৰতি সন্মান জনাই নিৰ্বাচন আয়োগে সমষ্টি সংৰক্ষণ মুক্ত কৰিছে। অনাগত নিৰ্বাচনত ৰাইজে য'তেই বিছাৰিব তাতেই বিধায়কগৰাকীয়ে নিৰ্বাচন খেলিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

সমষ্টি পুনৰ নিৰ্ধাৰণঃ অখিল গগৈক উভতি ধৰিলে বিধায়ক ভুৱন পেগুৱে...
ৰাজপথৰ আন্দোলন প্ৰত্যাহাৰ মল্লযুঁজাৰুৰঃ যুঁজ চলিব ন্যায়ালয়ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in