বালাছোৰৰ ৰে'ল দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক...

ওড়িষ্যাৰ বালাছোৰাত সংঘটিত ভয়াবহ ৰে'ল দুৰ্ঘটনাকলৈ গভীৰ শোক আৰু উদ্বিগ্ন ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
বালাছোৰৰ ৰে'ল দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক...

ডিজিটেল ডেস্কঃ ওড়িষ্যাৰ বালাছোৰাত সংঘটিত ভয়াবহ ৰে'ল দুৰ্ঘটনাকলৈ গভীৰ শোক আৰু উদ্বিগ্ন ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । পৰিস্থিতিৰ সন্দৰ্ভত বুজ ল'বলৈ এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে প্ৰধানমন্ত্ৰীয়ে । এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি কেইবাগৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত থাকে । আজি ওৰিষ্যাৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে ।

ইফালে তামিলনাডু চৰকাৰে ৰে'ল দুৰ্ঘটনাত নিহত আত্মীয়সকললৈ ৫ লাখ টকা, আহতসকলক আত্মীয়লৈ ১ লাখ টকাকৈ এককালীন ক্ষতিপূৰণ ঘোষণা কৰিছে । ওৰিষ্যাৰ মুখ্য়মন্ত্ৰী নবীন পাটনায়কে পুৱাই চিকিৎসালয়লৈ গৈ আহতসকলৰ স্বাস্থ্যৰ বুজ লয় ।

বালাছোৰৰ ৰে'ল দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক...
মথুৰাপুৰ চাহ বাগিচাত আটছাৰ উত্তাল প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in