/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/99ba2734-292a-4213-ad51-e9c1b8445b85/protest.jpg)
ডিজিটেল সংবাদ, মথুৰাপুৰঃ চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আটছাৰ প্ৰতিবাদ ৷ শনিবাৰে পুৱা অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে মথুৰাপুৰ উপ-শাখাৰ উদ্যোগত আৰু শ্ৰমিক ৰাইজৰ সহযোগত মথুৰাপুৰ চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আটছাই দুই ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷
সংগঠনটোৱে চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া এলানি দাবী উত্থাপন কৰি পৰিৱেশ প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰীসকলে মেনেজমেন্ট হায় হায়, বিজেপি চৰকাৰ হায় হায়, চাহ শ্ৰমিকৰ সমস্যা সমাধান কৰক শ্ল'গানেৰে আটছাৰ লগতে দুই শতাধিক চাহ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে, চাহ শ্ৰমিকৰ স্বাস্থ্যজনিত সমস্যা, অনাময় ব্যৱস্থা কৰা, বিশুদ্ধ খোৱাপানীৰ সমস্যা, নলা-নৰ্দমাৰ সমস্যা, চিকিৎসা সমস্যাকে ধৰি মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ।
এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা পিচতেই বাগিচাখনৰ চাহ শ্ৰমিকসকলে ভুগি অহা বিভিন্ন সমস্যাসমূহ সামৰি কেইবা দফীয়া দাবী সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ৷ এই স্মাৰক পত্ৰখনত মথুৰাপুৰ চাহ বাগিচাৰ প্ৰধান পৰিচালকগৰাকীৰ লগতে শ্ৰমিকসকলৰ এই দাবীসমূহ অনতিপলমে সমাধানৰ ব্যৱস্থা নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে সংগঠনটোৱে ৷
Also Read: ৰাজ্যৰ চিকিৎসা খণ্ডৰ ফোপোলা স্বৰূপঃ ভেলৌগুৰি নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত নাই চিকিৎসক...