উৰিষ্যাৰ ৰে'ল দুৰ্ঘটনাঃ তেজৰ চেকুৰা, মৃতদেহৰ মাজত এটা প্ৰেমৰ কবিতা...

উৰিষ্যাৰ বালাচোৰত ২ জুনৰ সংঘটিত হোৱা ৰেল দুৰ্ঘটনাত প্ৰায় ২৮৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰোপৰি আহত হৈছে প্ৰায় ৯০০ গৰাকীকৈলোক।

author-image
Asomiya Pratidin
New Update
উৰিষ্যাৰ ৰে'ল দুৰ্ঘটনাঃ তেজৰ চেকুৰা, মৃতদেহৰ মাজত এটা প্ৰেমৰ কবিতা...

ডিজিটেল ডেস্কঃ উৰিষ্যাৰ বালাচোৰত ২ জুনৰ সংঘটিত হোৱা ৰেল দুৰ্ঘটনাত প্ৰায় ২৮৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰোপৰি আহত হৈছে প্ৰায় ৯০০ গৰাকীকৈলোক। ৩খন ৰে'লৰ সংঘৰ্ষত ছাৰখাৰ হৈ গৈছিল সকলো। নিশেষ হৈ গৈছিল কেইবাটাও পৰিয়াল। সেইদিনা ৰে'লেৰে আহি থকা কোনগৰাকী যাত্ৰীয়েনো ভাৱিছিল তেওঁলোকৰ জীৱনলৈ অমানিশা নামি আহিব বুলি।

Advertisment

এই দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছিল বহুলোকক। কেৱল ইমানেই নহয়, উদ্ধাৰ হৈছিল বহু সা-সামগ্ৰী, খেলৰ সামগ্ৰী, কাৰোবাৰ এপাত জোতা, কাপোৰ আদি। তাৰ মাজতে উদ্ধাৰ হৈছে এখন বহী। য'ত লিখা আছিল এটা প্ৰেমৰ কবিতা।

বাংলা ভাষাত লিখা আছিল সেই প্ৰেমৰ কবিতাটোত জ্বিলিকি উঠিছে নামবিহীন কবিৰ মনৰ কথা। হয়তো তেওঁ ভাবিছিল প্ৰেমিক/প্ৰেমিককা উপহাৰ দিব কবিতাটি। বাংলা ভাষাত লিখা কবিতাটোৰ অৰ্থ হ'ল- ''অলপ অলপ মেঘ লগ হৈ বৰষুণ হয়, সৰু সৰু কাহিনীৰ পৰাই প্ৰেম হয়''।

কেনোৱে নাজানে এই প্ৰেমৰ কবিতা লিখা ব্যক্তিগৰাকী জীয়াই আছে নে নাই। কেৱল নামবিহীন কবিতাটো এতিয়া চৰ্চাৰ বিন্দু হৈ পৰিছে। সেই ব্যক্তি গৰাকীয়ে কাৰ বাবেনো লিখিছিল এই প্ৰেমৰ কবিতাটো? কাৰ আছিল বহীতো? কোনোৱে একোৱেই নাজানে। কেৱল এটাই প্ৰাৰ্থনা য'তেই নাথাকক শান্তিত থাকাক নামবিহীন কবিগৰাকী।

Also Read: হঠাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ভোট গণনা বন্ধ হ'ল কিয়?

odisha