৮ টা বছৰে পলাই সাৰিব নোৱাৰিলে দুৰ্নীতিগ্ৰস্ত বিষয়া...

৮ টা বছৰে পলাই সাৰিব নোৱাৰিলে দুৰ্নীতিগ্ৰস্ত বিষয়া...

ডিজিটেল ডেস্কঃ দুৰ্নীতিত লিপ্ত হৈ ৮ বছৰে পলাতক হৈ থকা খণ্ড উন্নয়ন বিষয়া অৱশেষত দুৰ্নীতি নিবাৰক শাখাৰ জালত। ওড়িষ্যাৰ প্ৰাক্তন খণ্ড উন্নয়ন বিষয়া ৰমেশ চন্দ্ৰ চাহুক সোমবাৰে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই। ৮ বছৰৰ পূৰ্বেই ৰুজু হোৱা এক গোচৰৰ ভিত্তিত আটক কৰা হৈছে বিষয়াজনক।

ঘটনা অনুসৰি, ওড়িষ্যাৰ কোৰাপুটৰ নাৰায়ণপাটনা নামৰ ঠাইত ৮ বছৰৰ পূৰ্বে খণ্ড বিষয়া হিচাপে কৰ্মৰত আছিল বিষয়াজন। সেই সময়ত বিষয়াজনৰ বিৰুদ্ধে তোৱাপাদাৰ, মানকিদ আৰু ডুমচিল নামৰ ঠাইত অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ বাবে অহা পুঁজি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হয়।

তদুপৰি পাচিঙী নামৰ এখন ঠাইতো পথ নিৰ্মাণৰ বাবে নিৰ্ধাৰিত পুঁজি আত্মসাৎ কৰাৰ অভিযোগ উঠে বিষয়াজনৰ বিৰুদ্ধে। বিষয়াজনে প্ৰায় ৩৪ লাখ টকাৰ পুঁজি অপব্যৱহাৰ কৰাৰো বুলি অভিযোগ আছিল। যাৰ বাবে বিগত ৮ বছৰে পলাতক আছিল খণ্ড বিষয়াজন।

ৰাজ্যখনৰ দুৰ্নীতি নিবাৰক শাখাই বিগত ৮ বছৰে বিচাৰি উলিয়াব পৰা নাছিল দুৰ্নীতিগ্ৰস্ত খণ্ড উন্নয়ন বিষয়া ৰমেশ চন্দ্ৰ চাহুক। সময়ে সময়ে নিজৰ স্থান সলনি কৰা চাহুক অৱশেষত গোপন সূত্ৰৰ পম খেদি দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। উল্লেখ্য যে, গ্ৰেপ্তাৰৰ পাছতেই খণ্ড উন্নয়ন বিষয়া ৰমেশ চন্দ্ৰ চাহু দিল্লী আদালতত হাজিৰ কৰোৱা হয়। পৰৱৰ্তী সময়ত তেওঁক ওড়িষ্যালৈ লৈ যোৱা হ'ব বুলি জানিবলৈ দিয়ে।

ইপিনে যোৱা ৮টা বছৰত সময়ে সময়ে অৱস্থান সলনি কৰা চাহু বেছিভাগ দিল্লী আৰু ইয়াৰ চুবুৰীয়াঅঞ্চলত বাস কৰাৰ কথা প্ৰকাশ কৰাৰ লগতে কিছু দিন অসমৰ যোৰহাটতো বাস কৰাৰ কথা জেৰাত পোহৰলৈ আহিছে।

৮ টা বছৰে পলাই সাৰিব নোৱাৰিলে দুৰ্নীতিগ্ৰস্ত বিষয়া...
নগদ ধন-মোবাইলসহ কৰিমগঞ্জত আটক ৫ চোৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in