'মহৎ উদ্দেশ্যৰে শিশুক অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়াটো কোনো ভুল কাম নহয়'- গৌতম গম্ভীৰ

'মহৎ উদ্দেশ্যৰে শিশুক অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়াটো কোনো ভুল কাম নহয়'- গৌতম গম্ভীৰ
'মহৎ উদ্দেশ্যৰে শিশুক অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়াটো কোনো ভুল কাম নহয়'- গৌতম গম্ভীৰ

ডিজিটেল ডেস্কঃ 'ভাল কামৰ বাবে শিশুক অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়াটো কোনো ভুল কাম নহয়।'- এই মন্তব্য পূৰ্বৰ ক্ৰিকেটাৰ তথা দিল্লীৰ প্ৰাক্তন বিজেপি সাংসদ গৌতম গম্ভীৰৰ।

বিভিন্ন সময়ত নিজৰ মন্তব্যৰ বাবে চৰ্চাৰ শীৰ্ষত থকা গৌতম গম্ভীৰে দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে। উল্লেখ্য, বিভিন্ন স্থানত আয়োজিত শিখ ধৰ্মাৱলম্বী লোকসকলৰ পৰম্পৰাগত ক্ৰীড়া গটকাক অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰচেষ্টা চলাই থকা হৈছে।

শেহতীয়াকৈ গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াতো এই ক্ৰীড়াবিধৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। গোৱাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ লোৱাৰ পাছত দিল্লীত গটকাৰ এক বিশেষ কাৰ্যসূচী আয়োজন কৰা হয়।

এই অনুষ্ঠানতে উপস্থিত থাকি গৌতম গম্ভীৰে এইদৰে কয়। অনুষ্ঠানত দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱো উপস্থিত আছিল।

অনুষ্ঠানত গৌতম গম্ভীৰে, দেশ ৰক্ষাৰ ক্ষেত্ৰত সদায় সন্মুখত থকা শিখ সম্প্ৰদায়ক তেওঁ প্ৰশংসা কৰে। শিখসকলৰ সমৰকলাৰ বাবে দিয়া অস্ত্ৰ প্ৰশিক্ষণ সন্দৰ্ভত গৌতম গম্ভীৰে কয়, যেতিয়ালৈকে মহৎ উদ্দেশ্যেৰ বাবে এনে প্ৰশিক্ষণ দিয়া হয় তেতিয়ালৈকে ইয়াত কোনো ভুল নাই।অনুষ্ঠানত বিভিন্ন গোটে গটকা প্ৰদৰ্শন কৰে।  

'মহৎ উদ্দেশ্যৰে শিশুক অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়াটো কোনো ভুল কাম নহয়'- গৌতম গম্ভীৰ
আলফাৰ নামত দাবী কৰা ধন নিবলৈ আহি ঢেকীয়াজুলিত গণৰোষত দুই যুৱক...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in