/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/6efdc1cc-5360-4fc8-bb94-05c28c128e07/dhekiajuli_09.jpg)
আলফাৰ নামত দাবী কৰা ধন নিবলৈ আহি ঢেকীয়াজুলিত গণৰোষত দুই যুৱক
ডিজিটেল সংবাদ ওৰাংঃ নিশা ঢেকীয়াজুলিৰ পানবাৰীত চাঞ্চল্যকৰ ঘটনা। আলফাৰ নামত দাবী কৰা ধন নিবলৈ আহি ৰাইজৰ ৰোষত পৰিল দুই যুৱক। ঘটনাৰ বিৱৰণ অনুসৰি প্ৰায় দুটা সপ্তাহ পূৰ্বে সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ নামত দালং মোম্ফা নামৰ এজন লোকক ৭ লাখ টকা দাবী কৰিছিল। অন্যথা তেওঁৰ পত্নী, সন্তানক অপহৰণৰো ভাবুকি প্ৰদান কৰিছিল।
অৱশ্যে তেওঁলোকে ৭ লাখ টকা দিব নোৱাৰো বুলি কৈ ডেৰ লাখ টকাহে দিয়াৰ কথা কয়। দাবী কৰা সেই ধন বুধবাৰে নিশা নিবলৈ আহিছিল দুই যুৱকে। ইয়াৰ পাছতে স্থানীয় ৰাইজে এই দুই যুৱকক কৰায়ত্ত কৰি উত্তম মাধ্যম সোধাই আৰক্ষীক চমজাই দিয়ে।
উল্লেখ্য যে, আলফাৰ নামত ধন দাবী কৰি নিবলৈ অহা এই যুৱক ক্ৰমে বলোৰাম বসুমতাৰী আৰু ডাজিয়া নাৰ্জাৰী। ইয়াৰে বলোৰাম বসুমতাৰীৰ ঘৰ ঢেকীয়াজুলিৰ ঘগড়া কছাৰী গাঁৱত আৰু ডাজিয়া নাৰ্জাৰীৰ ঘৰ কোকৰাঝাৰত।
এই দুই যুৱকে প্ৰথমে বিভিন্ন স্থানত দাবী কৰা সেই ৭ লাখ টকা দিবলৈ কৈছিল যদিও শেষত ঘৰৰ কাষৰ এজোপা বগৰী গছত টকাখিনি থবলৈ কৈছিল। কিন্তু ঘৰত কোনো নথকা বুলি জানি লোকজনৰ ঘৰত প্ৰৱেশ কৰি টকাখিনি ল'বলৈ গৈ পিষ্টল দেখুৱাই।
ইয়াৰ পাছতে দালং মোম্ফা নামৰ লোকজনে পিষ্টল দেখুওৱা লোকজনৰ পৰা পিষ্টলটো কাঢ়ি লবলৈ চেষ্টা কৰে আৰু তাৰ পাছতে আৰক্ষী আহি উপস্থিত হয়। ঘটনাৰ সবিশেষ জানিব পাৰ স্থানীয় ৰাইজৰ ৰোষত পৰে দুই ভুৱা আলফা।
ফলত স্থানীয় লোকে দুয়োকে উত্তম মাধ্যম সোধাই। পিছত আৰক্ষীয়ে দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰে। আৰক্ষীয়ে জব্দ কৰিছে তেওঁলোকে ব্যৱহাৰ কৰা এটা পিষ্টলো। উল্লেখ্য, বিভিন্ন সময়ত ঢেকীয়াজুলি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত সংঘটিত হৈ অহা বিভিন্ন ডকাইতি কাণ্ডৰ সৈতেও এই দুই যুৱক থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/805f912d-0f0b-43d8-ad2c-133fd849fc51/194bdd7e_7144_4a6f_8da8_fa0d1193325d.jpg)
Also Read: মাৰ্ঘেৰিটাত বীৰ ৰাঘৱ মৰাণ দিৱসৰ আয়োজন : বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ 'বীৰ ৰাঘৱ মৰাণ' বঁটা