বিজেপিয়ে নহয়, চিবিআইক ব্যৱহাৰ কৰিছিল ইউপিএ চৰকাৰে-অমৃত শ্বাহ...

চিবিআইয়ে কংগ্ৰেছ চৰকাৰৰ সময়ত এটা ভুৱা এনকাউণ্টাৰ গোচৰত গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত মোডীজীক দোষী সজাবৰ বাবে তেওঁৰ নাম উচ্চাৰণ কৰিবলৈ মোক হেঁচা প্ৰয়োগ কৰিছিল

author-image
Asomiya Pratidin
New Update
বিজেপিয়ে নহয়, চিবিআইক ব্যৱহাৰ কৰিছিল ইউপিএ চৰকাৰে-অমৃত শ্বাহ...

অমৃত শ্বাহ

ডিজিটেল ডেস্কঃ ৰাহুল গান্ধী সাংসদ পদ খাৰিছ আৰু বহু নেতাক ইডি হতুৱাই গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে বিজেপিৰ বিৰুদ্ধে । ইয়াৰ পিছতেই সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহে । তেওঁ কয় যে পূৰ্বৰ শাসকৰ ক্ষমতাৰ অপব্যৱহাৰৰ বলি আমিও হৈছো ।

Advertisment

বিজেপিয়ে এই বিষয়ত হৈ চৈৰ সৃষ্টি কৰা নাছিল । চিবিআইয়ে কংগ্ৰেছ চৰকাৰৰ সময়ত এটা ভুৱা এনকাউণ্টাৰ গোচৰত গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত মোডীজীক দোষী সজাবৰ বাবে তেওঁৰ নাম উচ্চাৰণ কৰিবলৈ মোক হেঁচা প্ৰয়োগ কৰিছিল । বিজেপিয়ে ইয়াৰ পিছতো কোনোধৰণৰ হুলস্থুল কৰা নাছিল । কংগ্ৰেছ নেতা জনেই একমাত্ৰ ৰাজনীতিবিদ নহয় যাক আদালতে দোষী সাব্যস্ত কৰিছে আৰু যিয়ে সাংসদ পদ হেৰুৱাইছে ।

গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় ৰাহুল গান্ধীৰ সম্পূৰ্ণ ভাষণ আপোনালোকে শুনিব, এইয়া ৰাহুল গান্ধীৰ এটা ইচ্ছাকৃত মন্তব্য আছিল তেওঁ সমগ্ৰ মোডী সম্প্ৰদায় আৰু অ'বিচি সমাজৰ বাবে আপত্তিজনক মন্তব্য কৰিছে । এয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৰায় । ইয়াত প্ৰতিহিংসাৰ ৰাজনীতিৰ কোনো প্ৰশ্নই নাহে ।

কংগ্ৰেছ নেতাগৰাকীৰ বাংলো খালী কৰাৰ সন্দৰ্ভত গৃহমন্ত্ৰীগৰাকীয়ে কয় উচ্চতম ন্যায়ালয়ে দোষী সাব্যস্ত কৰা পিছত বিশেষ অনুগ্ৰহ কিয় থাকিব লাগে? মই এই দেশৰ লোকসকলক সুধিব বিচাৰো যে এটা পৰিয়ালৰ বাবে পৃথক আইন থাকিব লাগে নেকি?

লগতে শ্বাহে কয় যে হাজাৰ হাজাৰ নিৰীহক জৰুৰীকালীন অৱস্থাত বন্দী কৰা হৈছিল । বহু নিৰিহ লোকে কাৰাবাস খাতিবলগীয়া হৈছিল । লগতে প্ৰশ্ন উত্থাপন কৰে যে জনতাক ১৯ মাহৰ কাৰবন্দী কৰা এয়া কাৰ দিনৰ কাম আছিল । এয়া তেওঁৰে আইতা ইন্দিৰা গান্ধী আছিল বুলি মন্তব্য প্ৰদান কৰিছে শ্বাহে ।

Also Read: পূৰ্বেই বাতিল হোৱা মেট্ৰিকৰ বিজ্ঞান পৰীক্ষাত আজি পুনৰ অৱতীৰ্ণ হৈছে পৰীক্ষাৰ্থীসকল...

#amritshah