পূৰ্বেই বাতিল হোৱা মেট্ৰিকৰ বিজ্ঞান পৰীক্ষাত আজি পুনৰ অৱতীৰ্ণ হৈছে পৰীক্ষাৰ্থীসকল...

বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ লগতে অসমীয়া পৰীক্ষা বাতিল কৰা হৈছিল । যোৱা ১৩ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া পৰিক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত বাতিল কৰা হৈছিল বিজ্ঞান বিষয়ৰ পৰীক্ষা
পুনৰ মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা
পুনৰ মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে মেট্ৰিকৰ বিজ্ঞান পৰীক্ষাত বহিছে মেট্ৰিক পৰিক্ষাৰ্থী । পূৰ্বেই বাতিল কৰা হৈছিল মেট্ৰিকৰ দুটাকৈ বিষয়ৰ পৰীক্ষা । বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ লগতে অসমীয়া পৰীক্ষা বাতিল কৰা হৈছিল । যোৱা ১৩ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া পৰিক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত বাতিল কৰা হৈছিল বিজ্ঞান বিষয়ৰ পৰীক্ষা ।

এইবাৰ ছেবাই নতুন এছ পিৰে পৰীক্ষা অনুষ্ঠিত কৰিছে । পুনৰবাৰ পৰীক্ষাৰ বাবে সাজু হৈ লাখ লাখ শিক্ষাৰ্থীয়ে আজিৰ দিনটোত পৰীক্ষাত বহিছে । দুবাৰকৈ প্ৰশ্নকাকত ফাদিলৰ পিছত স্বাভাৱিকতেই ক্ষুন্ন হৈ পৰিছিল শিক্ষাৰ্থী, অভিভাৱকৰ উপৰিও সচেতন মহল ।

প্ৰশ্নকাকত ফাদিলৰ পিছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰ-ছাত্ৰীৰ উপৰিও বিভিন্ন দল সংগঠনসমূহে । ইমান বেমেজালিৰ পিছতো আজিৰ দিনটোত পৰীক্ষাত বহিছে শিক্ষাৰ্থীসকল । আশাহত হোৱা ছাত্ৰ-ছাত্ৰক এইবাৰ সুকলমে পৰীক্ষা অনুষ্ঠিত কৰি হেৰুৱা বিশ্বাস ঘূৰাই অনাৰ ক্ষেত্ৰত ছেবা কৰ্তৃপক্ষই কিদৰে সফল হয় সেয়া পৰৱৰ্তী সময়ত লক্ষনীয় হ’ব ।

পুনৰ মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা
ভাল খবৰ, পুনৰ ৰাজ্যত নিযুক্তি লাভ কৰিব ৪২ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in