/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/3ebaa0b2-aeb0-44ea-9b4a-580388734e0c/AP_FOR_WEB_Rain.jpg)
ডিজিটেল ডেস্কঃ আগন্তুক ৪-৫ দিন হ'ব পাৰে ধাৰাসাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা তথ্য় অনুসৰি আগন্তুক ৪ দিন ভাৰতৰ উত্তৰ পশ্চিম অঞ্চলত ধাৰাসাৰ বৰষুণ, বজ্ৰপাত আৰু ধুমুহাৰ সম্ভাৱণা আছে। মঙলবাৰে বতৰ বিজ্ঞান কেন্দ্ৰই জনাই এই কথা। উত্তৰ পশ্চিম ভাৰতত ৪০- ৫০ কিলোমিটাৰ প্ৰতিঘন্টাত ধুমুহা অহাৰ সম্ভাৱণা আছে। ইয়াৰোপৰি উত্তৰাখণ্ড, হিমাচল আদি প্ৰান্তত তুষাৰপাত হোৱাৰ সম্ভাৱণা আছে।
উল্লেখ্য যে, ৰাজধানী দিল্লীৰ আজিৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল ২০.৭ ডিগ্ৰী চেলচিয়াছ। যি স্বাভাৱিক অৱস্থাতকৈ প্ৰায় ছয় গুণ কম। চহৰখনক পুৱা প্ৰায় ৮/৮.৩০ বজাত ১ মি.মিৰ বৰষুণে ধুই যায়। যি কথা বতৰ বিজ্ঞান বিভাগে আগজাননী দিছিল। বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰা মতেই বজ্ৰপাতও দেখা দিলে চহৰখনত। যাৰ বাবে আজি দিল্লীৰ সৰ্বনিম্ন তাপমাত্ৰা ২০.৭ ডিগ্ৰী চেলচিয়াছ হোৱাৰ বিপৰীতে সৰ্বাধিক তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলচিয়াছ। চাবলৈ গ'লে সৰ্বাধিক তাপমাত্ৰাও স্বাভাৱিক অৱস্থাতকৈ পাঁচ গুণ কম।
আনহাতে আজিৰ দিনটোত অসমত গৰমৰ মাত্ৰা অধিক হোৱা দেখা যায়। ৩৫ ডিগ্ৰী ছেলচিয়াচতকৈ অধিক হয় উষ্ণতা। কাইলৈ সামান্য বৰষুণ অহাৰ সম্ভাৱণা অৱশ্যে আছে।
Also Read: কেনে আছে অশান্ত মণিপুৰ?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us