কনক্লেভ-২০২৩ঃ মোডীৰ নেতৃত্বত উত্তৰ-পূৱৰ সৰ্বক্ষেত্ৰত হৈছে বিকাশ...

কনক্লেভ-২০২৩ঃ মোডীৰ নেতৃত্বত উত্তৰ-পূৱৰ সৰ্বক্ষেত্ৰত হৈছে বিকাশ...

ডিজিটেল ডেস্কঃ দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা দিল্লীস্থিত অশোক হোটেলত আৰম্ভ হৈছে সাদিন- প্ৰতিদিন গোষ্ঠীৰ বিশেষ আয়জন কনক্লেভ-২০২৩। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে উদ্বোধন কৰা এই অনুষ্ঠানত উত্তৰ-পূৱৰ ৰাজনীতি, অৰ্থনীতি, সমাজ,সংস্কৃতিৰ উপৰিও জলবায়ু ,গোলকীয় উষ্ণতা আদিৰ ওপৰতো আলোচনা হ'ব।

দিনৰ ১১ বজাত নিৰ্মলা সীতাৰমণে আনুষ্ঠানিক ভাৱে 'দ্যা কনক্লেভ-২০২৩' আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি 'সাদিন-প্ৰতিদিন গোষ্ঠী'য়ে গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ মৰ্যাদাক বজাই ৰখাৰ বাবে শলাগ লয়।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰে। তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ-পূৱক ভাৰতৰ প্ৰাকৃতিক অৰ্থনীতি বুলি অভিহিত কৰিছে। উত্তৰ পূৱৰ সম্ভাৱণাৰ ওপৰত তেওঁৰ অগাধ বিশ্বাস আছে। যাৰ বাবে উত্তৰ পূৱক তেওঁ "ভাৰতৰ নতুন বিকাশ ইঞ্জিন" বুলি গন্য় কৰিছে।

দক্ষিণ পূৱ এছিয়াৰ প্ৰৱেশদ্বাৰ আৰু অতুলনীয় অৰ্থনৈতিক সম্ভাৱণা থকা সত্বেও উত্তৰ-পূৱৰ ৮ খন ৰাজ্যই তেওঁলোকৰ প্ৰাপ্য কেতিয়াও পোৱা নাছিল। ৰাজনৈতিক কাৰণত তেওঁলোকে উত্তৰ-পূৱক হেয় প্ৰতিপন্ন কৰিছিল। বিভিন্ন বিষয়ৰ অজুহাত দেখুৱাইছিল। কিন্তু যোৱা ৯ বছৰত মোডী চৰকাৰে নিজেই উত্তৰ-পূবৰ দুৱাৰমুখত উপনীত হৈছে । প্ৰধানমন্ত্ৰীৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী, জ্যেষ্ঠ আমোলা বিষয়া সকলে উত্তৰ-পূৱ ভ্ৰমণ কৰিছে।

তেওঁ ভাষণত কয়, যোৱা ৯ টা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৬০ বাৰকৈ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে। ইয়াৰোপৰি কেবিনেট মন্ত্ৰী, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী আদিৰ ভ্ৰমণক একত্ৰিত কৰিলে তেওঁলোকে মুঠ ৪০০ বাৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে। তেওঁ কয়, এই ভ্ৰমণ আমোদ প্ৰমোদৰ বাবে নহয়, উত্তৰ পূৰ্বাঞ্চলক ভ্ৰমণক একত্ৰিত কৰিবলৈ।

মোডী চৰকাৰৰ ৯ বছৰত বিভিন্ন পদক্ষেপ হাতত লৈছে। উত্তৰ-পূৱত কেইবা দশকধৰি বিলম্বিত হোৱা আন্তঃগাঁথনি প্ৰকল্পবোৰ সম্পূৰ্ণ কৰিছে মোডী চৰকাৰে। অসমৰ বগীবিল দলং (ঘোষণাৰ ১৬ বছৰ পিছত ২০১৮ চনত প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিছিল), ভূপেন হাজৰিকা সেতু , ধলা-শদিয়া দলং ২০০৩ চনত ঘোষণা কৰা হৈছিল আৰু ২০১৭ চনত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিছিল।

যাতায়তৰ কথা উল্লেখ কৰি বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে, ছিকিমৰ পাকিয়ং বিমানবন্দৰ; উত্তৰ-পূব বাট-পথ, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাৰ ৰাজ্যিক ৰাজধানী সমূহৰ ৰেল নেটৱৰ্কৰ সৈতে সংযোগ কৰা হৈছে।

উত্তৰ-পূৱৰ জিএছটিৰ কথা উল্লেখ কৰি সীতাৰমণে কয় যে, উত্তৰ-পূবৰ ৰাজ্যসমূহ জিএছটি ব্যৱস্থাত উন্নত হৈছে। উত্তৰ-পূৱ GST ৰ দ্বাৰা বিশেষভাৱে লাভৱান হৈছে। উত্তৰ-পূৱত GST ৰ হাৰ পূৰ্বৰ ১৪ শতাংশৰ পৰা ২৭.৫ শতাংশলৈ বৃদ্ধি হৈছে।

উত্তৰ পূৱৰ কৰ সংগ্ৰহ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি সীতাৰমণে কয় যে, ২০০৪-১৪ চনত কৰ সংগ্ৰহৰ পৰিমাণ ১.০৮ লাখ কোটি টকাৰ পৰা ২০১৪-২৪ চনলৈ ইয়াৰ পৰিমাণ ৫.০৬ লাখ কোটি টকা হয়গৈ। আনহাতে অসমলৈ কৰ সংগ্ৰহ ২১৭.৭১ শতাংশ বৃদ্ধি হৈছে ।

উত্তৰ-পূবৰ বাবে সাহায্যৰ অনুদান দুগুণতকৈও অধিক হৈ ৪.৯৪ লাখ কোটি টকা হৈছেগৈ। ২০০৪-১৪ চনত ইয়াৰ পৰিমাণ ২.৩৮ লাখ কোটি টকাৰ পৰা ২০১৪-২৩ চনত ইয়াৰ পৰিমাণ ৪.৯৪ লাখ কোটি টকা হয়গৈ।

অসমতো ইয়াৰ পৰিমাণ বৃদ্ধি হৈ ইউপিএ চৰকাৰৰ ৬৩,১৭৮.৭৩ কোটি টকাৰ পৰা এনডিএ চৰকাৰত ১,৯৭.১৭৪ কোটি টকা হয়গৈ।

উত্তৰ-পূৱৰ ৮ খন ৰাজ্যক ২০২১-২২ বিত্তীয় বৰ্ষৰ পৰা, ৫০ বছৰৰ সূত-মুক্ত ঋণ হিচাপে ১৫,৪৪০ কোটি টকা প্ৰদান কৰা হৈছে।

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো কোণত উপনীত হোৱাৰ বাবে মোডী চৰকাৰৰ চেষ্টা কৰি আহিছে। 'অন্তোদয়' আৰু 'সবকা সাথ সবকা বিকাশ'ৰ দ্বাৰা প্ৰতিগৰাকী লোকৰ ওচৰলৈ যাবৰ প্ৰয়াস কৰিছে।

২০২৩ চনলৈ উত্তৰ পূৱত পিএম মুদ্ৰা যোজনাৰ অধীনত ১.৩৯ কোটি একাউন্ট ৭৩,৮২১ কোটি টকাৰ ঋণ দিয়া হৈছে।  পিএম জীৱন বীমা যোজনাৰ অধীনত ৪৯.৮ লাখক ২৭৮.৩ কোটি টকা, পিএম সুৰক্ষা বিমা যোজনাৰ অধীনত ১৭.৬ কোটি, অটল পেঞ্চন যোজনাৰ অধীনত ১৭.৩১ হিতাধিকাৰী, ষ্টেণ্ড আপ ইণ্ডিয়াৰ অধীনত ৫৯১.১৬ টকা বিতৰণ আৰু পিএম চবনিধিৰ অধীনতত ১.৫ লোন একাউন্ট দিয়া হৈছে।

বিত্তীয় অন্তৰ্ভুক্তি নিশ্চিত কৰাৰ ক্ষেত্ৰত আঞ্চলিক গ্ৰাম্য বেংকৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সিদ্ধান্ত লৈছে ভাৰতৰ ৬ টা অঞ্চলৰ আঞ্চলিক গ্ৰাম্য বেংকসমূহৰ অঞ্চল অনুসৰি পৰ্যালোচনা কৰা হব। ইয়াৰ বাবে প্ৰথম পৰ্যালোচনা ২০২৩ চনত ত্ৰিপুৰাত অনুষ্ঠিত হব। আৰ.আৰ.বি.-য়ে উত্তৰ-পূবৰ প্ৰায় ৩৮ শতাংশ গ্ৰাম্য লোকৰ বেঙ্কিং প্ৰয়োজনীয়তা পূৰণ কৰে।

২০১৪ চনৰ পৰা উত্তৰ-পূবৰ বেংকসমূহৰ সৈতে সম্পৰ্কিত এছএইচজিৰ সংখ্যা দুগুণতকৈও অধিক হৈছে – ২০১৪ চনত ৩.১৬ লাখৰ পৰা ২০২৩ চনত ৭.৯৩ লাখ হৈছে (মাৰ্চ ২০২৩)।

উত্তৰ-পূবৰ ৰাজ্যসমূহত আন্তঃগাঁথনিৰ ব্যাপক উন্নতি হৈছে । মোডী চৰকাৰৰ আঁচনি আৰু পদক্ষেপে উত্তৰ-পূৱৰ দীৰ্ঘদীনিয়া সমস্যা সমূহ সমাধান কৰিছে। ২০২২-২৩ বৰ্ষৰ বাবে কেন্দ্ৰীয় ভাৱে পুঁজি যোগান ধৰা ১০০ শতাংশ কেন্দ্ৰীয় খণ্ডআঁচনি পিএম-ডেভিনইউনিয়নত ঘোষণা কৰা হৈছিল । এই আঁচনিখনৰ পৰা চাৰি বছৰৰ বাবে ৬,৫০০কোটি টকা ব্যয় হৈছে ।

লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰীয়ে কৈছিল, "সীমান্তৰ গাওঁখন ভাৰতৰ অন্তিমখন নহয়। ই দেশৰ প্ৰথম খন গাওঁ ।ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম (ভিভিপি) ফেব্ৰুৱাৰী ২০২৩,ত। ইয়াৰ বাবে অনুদান ধাৰ্য কৰা হৈছিল ৪৮০০ কোটি টকা।

যোৱা ৯ বছৰত, উত্তৰ-পূৰ্বাঞ্চলত ৭ টা নতুন বিমানবন্দৰ স্থাপন কৰা হৈছে। ২০১৪ চনত মাত্ৰ ৯ টা কাৰ্যকৰী বিমান বন্দৰ আছিল আৰু ২০১৬ চনত ১৬ টা বিমান বন্দৰ কাৰ্যক্ষম হৈ আছে।

উদান আঁচনিয়ে নিশ্চিত কৰিছে যে বিমানৰ বাবে ৰূপচি, তেজু, তেজপুৰ, পাছিঘাট, যোৰহাট, লীলাবাৰীআদি বিমানবন্দৰসমূহ, শ্বিলং, পাকয়ং, ইটানগৰ আৰু ডিমাপুৰ আদিৰ সৈতে মুঠ ৬৪ টা পথসমূহ কাৰ্যকৰী কৰা হৈছে।

ভাৰতৰ উত্তৰ-পূবে ৰে'লৱেৰ আন্তঃগাঁথনিগত নৱজাগৰণ আৰম্ভ কৰিছে। ২০১৪ চনৰ আগতে, উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৰে'লৱেৰ গড় বাজেট আছিল প্ৰায় ২,৫০০ কোটি টকা। আনহাতে ২৩-২৪ বিত্তীয় বৰ্ষৰ উত্তৰ পূৱৰ ৰে'ল বাজেট ১০,০০০ কোটি টকাতকৈও অধিক।

প্ৰধানমন্ত্ৰীয়ে বন্দে ভাৰত এক্সপ্ৰেছ উদ্বোধন কৰিছিল। বন্দে ভাৰতৰ এক্সপ্ৰেছৰ পৰা মা কামাখ্যা মন্দিৰ, কাজিৰঙা , মানস ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতোৰা বন্যপ্ৰাণী অভয়াৰণ্যও চাব পাৰিব।

মোডী চৰকাৰৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে মণিপুৰ, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু মেঘালয় ৰাজ্যত ৰেল যাব পাৰিছে। ইয়াৰোপৰি আৰু বহু ৰেল ষ্টেচনৰ বিকাশৰ বাবে কাম কৰি থকা হৈছে।

আঞ্চলিক বিকাশ আৰু সংযোগৰ বাবে এক গুৰুত্বপূৰ্ণ উপাদান ৰাস্তাবোৰৰ ওপৰতো মোডী চৰকাৰে গুৰুত্ব দিছে। বৰ্তমান ৪,০১৬ কিলোমিটাৰ পথ প্ৰকল্প চলি আছে, যাৰ ভিতৰত আছে মুঠ ২৬১ টা প্ৰকল্পৰ বাবে ১,০২,৫৯৪ কোটি টকাৰ অনুমোদিত হৈছে।

২০১৩-১৪ বৰ্ষত, উত্তৰ-পূব অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ মুঠ দৈৰ্ঘ্য আছিল ৮,৪৮০ কিলোমিটাৰ আৰু মোডী চৰকাৰৰ অধীনত ইয়াৰ দুগুণ হৈ ১৫,৭৩৫ কিলোমিটাৰ হৈছে।

মোডী চৰকাৰৰ অধীনত উত্তৰ-পূবৰ ২০ খন নদীক ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছে। ২০১৪ চনৰ আগতে, উত্তৰ-পূবত মাত্ৰ ১ টা ৰাষ্ট্ৰীয় জলপথ আছিল। উত্তৰ-পূৰ্বৰ বাবে ১৪৫ টা পথৰ বাবে ৩,৪০০ কোটি টকা আৱন্টন দিয়া হৈছে। চৰকাৰে উন্নয়নৰ বাবে মুঠ ১১২৬ কোটি টকা ব্যয় কৰি ৫টা প্ৰকল্পত অনুমোদন জনাইছে ।

শেহতীয়াকৈ আৰম্ভ কৰা ৰাষ্ট্ৰীয় খাদ্য তেল মিছন – পাম অইলৰ খেতিৰ কথা উল্লেখ কৰি সীতাৰমণে কয় যে, ইয়াৰ উদ্দেশ্য হৈছে উত্তৰ-পূবত ৭০০ শতাংশৰ পৰা ৩.৪ লাখ হেক্টৰলৈ, খোৱা তেলত আত্মনিৰ্ভৰ কৰা।

মোডী চৰকাৰে 'ভোকেল ফৰ লোকেল 'এক জিলা, এক সামগ্ৰী'ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কৃষি, পৰ্যটন, বস্ত্ৰ আৰু হস্তশিল্পৰ দৰে ক্ষেত্ৰত অঞ্চলটোৰ অন্তৰ্নিহিত শক্তি আছে। প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ আৰম্ভনি কৰে যাতে তেওঁলোকক সমৰ্থন আগবঢ়ায়।

উত্তৰ-পূৱৰ শিক্ষাৰ দিশৰ কথা উল্লেখ কৰি তেওঁ কয় যে, ২০১৪ চনৰ পৰা জানুৱাৰী ২০২৩ লৈকে উত্তৰ পূৱত শিক্ষাৰ প্ৰচাৰৰ বাবে চৰকাৰে ১৪,০০০ কোটি টকা ব্যয় কৰিছে। উচ্চ শিক্ষাৰ ১৯১ খন নতুন প্ৰতিষ্ঠান স্থাপন কৰা হৈছে। ২০১৪ চনৰ পৰা স্থাপন কৰা বিশ্ববিদ্যালয়ৰ সংখ্যা ৩৯ শতাংশ বৃদ্ধি হৈছে।

কনক্লেভ-২০২৩ঃ মোডীৰ নেতৃত্বত উত্তৰ-পূৱৰ সৰ্বক্ষেত্ৰত হৈছে বিকাশ...
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শুভ উদ্বোধন কৰিলে 'কনক্লেভ-২০২৩' ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in