মোডীয়ে লাভ কৰিব শান্তিৰ ন’বেল!

এই খবৰক লৈ ভাৰতলৈ শান্তিৰ ন’বেল বঁটা আহিব বুলিও শেহতীয়াকৈ সকলোৱে উৎফুল্লিত হৈছে ৷ এনে চৰ্চাৰ মাজতে এই বাৰ্তা ভুৱা প্ৰচাৰ বুলি মন্তব্য কৰিছে ন’বেল কমিটিৰ উপ-প্ৰধান এছলি টোজে
মোডীয়ে লাভ কৰিব শান্তিৰ ন’বেল!

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ভাৰত ভ্ৰমণলৈ আহিছে ন’বেল বঁটা সমিতিৰ এটা প্ৰতিনিধি দল ৷ প্ৰতিনিধি দলতো ভাৰতত থকাৰ সময়তে ন’বেল বঁটাকলৈ বিয়পিছে এক খবৰ ৷ প্ৰতিনিধি দলটো ভাৰতত থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ন’বেল বঁটাৰ বিষয়ক লৈ তীব্ৰ চৰ্চা অব্যাহত আছে ৷

এই খবৰক লৈ ভাৰতলৈ শান্তিৰ ন’বেল বঁটা আহিব বুলিও শেহতীয়াকৈ সকলোৱে উৎফুল্লিত হৈছে ৷ এনে চৰ্চাৰ মাজতে বৃহস্পতিবাৰে এই বাৰ্তা ভুৱা প্ৰচাৰ বুলি মন্তব্য কৰিছে ন’বেল কমিটিৰ উপ-প্ৰধান এছলি টোজে৷ টোজেই কয় যে, ই সম্পূৰ্ণৰূপে ভুৱা ৷ লগতে তেওঁ কয় যে এই বিষয়ক ভুৱা টুইট বিয়পি পৰিছে ৷ আৰু এই বিষয়ত আমি বেছিকৈ আলোচনা কৰি এই ভুৱা খবৰৰ সন্দৰ্ভত অধিক আলোচনা নকৰো ৷

টোজেইৰ এই মন্তব্যৰ পিছতেই সকলো মোডী অনুৰাগীৰ আশাত চেঁচাপানী পৰিছে ৷ পুনৰবাৰ শান্তিৰ ন’বেল বঁটা দেশলৈ মোডীৰ জৰিয়তে আহিব বুলি কৰিছিল অনুৰাগীয়ে ৷

মোডীয়ে লাভ কৰিব শান্তিৰ ন’বেল!
মহিলাৰ বাবে কি আছে এইবাৰ বাজেটত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in