মহিলাৰ বাবে কি আছে এইবাৰ বাজেটত...

মহিলাৰ বাবে কি আছে এইবাৰ বাজেটত...

বৃহস্পতিবাৰে বিত্তমন্ত্ৰী অজন্ত নেওগে বিধানসভাত দাখিল কৰিলে ২০২৩-২০২৪ বৰ্ষৰ বাজেট । এই বৰ্ষৰ বাজেটত বহু কেইটা গুৰুত্বপূৰ্ণ দিশ সামৰি লোৱা সামৰি লৈছে ।

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে বিত্তমন্ত্ৰী অজন্ত নেওগে বিধানসভাত দাখিল কৰিলে ২০২৩-২০২৪ বৰ্ষৰ বাজেট । এই বৰ্ষৰ বাজেটত বহু কেইটা গুৰুত্বপূৰ্ণ দিশ সামৰি লোৱা সামৰি লৈছে । ইয়াৰ ভিতৰত অন্যতম এটা দিশ হৈছে মহিলাৰ ক্ষেত্ৰত। এইবাৰৰ বাজেটত ৰাজ্যৰ নিবনুৱা মহিলাসকলৰ বাবেও কেতবোৰ গুৰুত্বপূৰ্ণ দিশ সামৰি লৈছে।

অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ জৰিয়তে ঋণ লোৱা মহিলাসকলক আৰ্থিক দিশত সকাহ প্ৰদানত গুৰুত্ব আৰোপ কৰা হৈছে৷ আজিৰ বাজেটত বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে, ঋণ গ্ৰহণ কৰা দুদৰ্শাগ্ৰস্থ আৰু অভাৱগ্ৰস্থ মহিলাসকলৰ যিসকলৰ ২০২১ বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত বন্ধ হৈছে ৷ সেইসকল মহিলাকো সাঙুৰি পুনৰ এই বাজেটে সহায়ৰ হাত আগবঢ়াব ৷ ২৫ হাজাৰতকৈ অধিক ধণৰ ঋণ লোৱা মহিলাক এই অগ্ৰাধিকাৰ প্ৰদান কৰিব৷ মাক্ৰইফাইনেন্সৰ বাবে ধাৰ্য কৰা হৈছে ৫০০ কোটি টকা ৷

সম্পসাৰণ কৰা হ’ব অৰুণোদয় আঁচনি ৷ অৰুণোদয় আঁচনি ২.০ অধীনত নতুনকৈ অন্তভুক্তি হোৱা সকলৰ বাবে নথিসমূহ জিলা পৰ্যায়ত নিৰীক্ষণ সমিতিৰ দ্বাৰা পৰীক্ষণ প্ৰক্ৰিয়া চলি আছে ৷ এই প্ৰক্ৰিয়াৰ অন্তত পুনৰ ১০ লাখ মহিলা এই আঁচনিৰ অন্তভুক্তি হ’ব ৷ অৰুণোদয় আঁচনিৰ জৰিয়তে ১৭ লাখতকৈ অধিক মহিলাক বৰ্তমানেও ১,২৫০ টকাকৈ প্ৰতিমাহে প্ৰদান কৰা হব ৷

অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতিমাহে হিতাধীকাৰীয়ে লাভ কৰিব ১৪০০ টকাকৈ ৷ ১৫০ টকাকৈ অধিককৈ প্ৰতিগৰাকী হিতাধীকাৰীৰ নামত ব্যয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ মহিলাসকলক সকাহৰ উদ্দেশ্য অৰুণোদয় আঁচনিৰ বাবে ৩,৪২০ কোটি টকা ধাৰ্য কৰা হৈছে ৷

নাৰী সবলীকৰণৰ বিষয়টোত এইবাৰ বাজেটত গুৰুত্ব আৰোপ কৰা হৈছে ৷ আত্মসহায়ক গোটৰ অন্তভুক্ত প্ৰতিগৰাকী মহিলাৰ একাউন্টত ১০০০ টকাকৈ প্ৰদান কৰা হ’ব৷ যাতে মহিলা সকলে বেংক একাউন্ট সক্ৰিয় কৰি ৰখাৰ লগতে ব্যৱসায়িক প্ৰকল্প বাবে প্ৰস্তাৱ আগবঢ়াবলৈ সামৰ্থবান হয়৷ ব্যৱসায়িক প্ৰকল্পৰ প্ৰস্তাৱ অনুমোদিত হ’লে পৰৱৰ্তী বৰ্ষত লাভ কৰিব ১০,০০০ টকাকৈ ৷ এই প্ৰকল্পৰ যোগেদি ৩০ লাখ উদ্যামী মহিলাৰ সৃষ্টি কৰা হ’ব৷

মাতৃৰ আৰু শিশুৰ বাবে ৫,০০০ অংগনবাডী কেন্দ্ৰ স্থাপন কৰা হ’ব ৷ অৰোণোদয় লাভ নকৰা মহিলাক ১,২৫০ টকাৰ লগতে ৯৫০ চকাৰ টপ-আপ প্ৰদান কৰা হ’ব ৷

এই আঁচনি সমূহৰ জৰিয়তে মহিলাসকলক আৰ্থিকভাবে সকাহ দিয়াৰ উপৰিও বিভিন্ন আঁচনিৰ জৰিয়তে মহিলা সকলক উদ্যমী কৰি তোলাৰ ক্ষেত্ৰত এইবাৰ বাজেটে সাঙুৰি লৈছে৷

মহিলাৰ বাবে কি আছে এইবাৰ বাজেটত...
অজন্তা নেওগে দাখিল কৰিলে বাজেটঃ পলকতে চাওঁক ৫ টা মূল বিষয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in