ৰাহুল গান্ধীক গুজৰাট উচ্চ ন্যায়ালয়ে প্ৰদান নকৰিলে সকাহ...

ৰাহুল গান্ধীক গুজৰাট উচ্চ ন্যায়ালয়ে প্ৰদান নকৰিলে সকাহ । মঙলবাৰে প্ৰাক্তন সাংসদগৰাকীয়ে মোডী উপাধিধাৰীক লৈ কৰা বিতৰ্কিত মন্তব্যৰ স্থগিতাদেশ বিচাৰি দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিছিল গুজৰাট উচ্চ ন্যায়ালয়ে
ৰাহুল গান্ধীক গুজৰাট উচ্চ ন্যায়ালয়ে প্ৰদান নকৰিলে সকাহ...

ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীক গুজৰাট উচ্চ ন্যায়ালয়ে প্ৰদান নকৰিলে সকাহ । মঙলবাৰে প্ৰাক্তন সাংসদগৰাকীয়ে মোডী উপাধিধাৰীক লৈ কৰা বিতৰ্কিত মন্তব্যক লৈ স্থগিতাদেশ বিচাৰি দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিছিল গুজৰাট উচ্চ ন্যায়ালয়ে

আজিৰ শুনানিত ৰাহুল গান্ধীক সকাহ প্ৰদান নকৰিলে ন্যায়ালয়ে । উল্লেখ্য যে ৰাহুল গান্ধীয়ে ২০১৯ চনত কৰ্ণাটকত অনুষ্ঠিত এক ৰাজহুৱা সভাত মোডীৰ বিৰুদ্ধে মন্তব্য কৰিছিল ।

তেওঁ কৈছিল যে- ''নীৰৱ মোডী, ললিত মোডী,নৰেন্দ্ৰ মোডীৰ উপাধি কিয় একে? কিয় প্ৰতিটো চোৰৰ উপাধি মোডী হয়? 'ৰাহুল গান্ধীৰ এই মন্তব্যৰ পাছতেই বিধায়ক পূৰ্ণেশ মোডীয়ে মানহানিৰ গোচৰ ৰুজু কৰিছিল ।

আৰু বিধায়কগৰাকীৰ গোচৰৰ ভিত্তিতে মানহানি গোচৰত দোষী সাব্যস্ত হৈছিল । চুৰাট আদালতে দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছিল কংগ্ৰেছ নেতাগৰাকীক ।

দোষী সাব্যস্ত হোৱাৰ পিছতেই নেতাগৰাকীৰ সাংসদ পদ খাৰিজ কৰা হৈছিল । পৰৱৰ্তী জুন মাহত এই সন্দৰ্ভত ৰায় প্ৰদান কৰিব গুজৰাট উচ্চ ন্যায়ালয়ে ।

ৰাহুল গান্ধীক গুজৰাট উচ্চ ন্যায়ালয়ে প্ৰদান নকৰিলে সকাহ...
বেকাজানত প্ৰচণ্ড ধুমুহাত শতাধিক ঘৰ, গছ-গছনি ধবংস, ব্যাহত বিদ্যুৎ সেৱা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in