/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/3b54df22-90f4-4c98-a081-4f743a29a53e/dhumuha_new.jpg)
প্ৰচণ্ড ধুমুহাত ক্ষতি
প্ৰতিদিন সংবাদ, বেকাজানঃ বিগত কেইদিন মান ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ বৰষুণে বিস্তৰ ক্ষতিসাধন কৰিছে । তিতাবৰ মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ বেকাজানত মঙলবাৰে বিয়লি অহা প্ৰচণ্ড ধুমিহা, বৰষুণৰ কবলত পৰে ।
যাৰ ফলত প্ৰায় দহখনৰো অধিক গাঁৱৰ শতাধিক ৰাইজৰ ঘৰ -দুৱাৰ আৰু প্ৰকাণ্ড গছ বন উভালি পৰে বিস্তৰ ক্ষতিসাধন হৈছে ।
আজি আবেলি প্ৰায় ২ বজাত অহা ঘূৰ্ণি বতাহ সদৃশ প্ৰচণ্ড ধুমুহাই পানীখেতি বেকাজান, ঠেঙাল গাওঁ, ৩৬ ঘৰীয়া, এশঘৰীয়া, নহটীয়া, গায়নবাৰী, ভেলৌগুৰি, বাষষ্ঠি ঘৰীয়া, গোহাঁই গাঁৱ, দকলঙ্গীয়া, বালিজান মিচিং গাঁৱ, বজালকটা, অজয়নগৰ, ৰাইডাংজুৰি, নাগনীজুৰি, শুকানজান, মাটিখোলা অনপূৰ্ণা গাঁৱ আৰু নৱমিলন আদি গাঁৱৰ শতাধিক লোকৰ ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে বহুতৰ ঘৰ সম্পূৰ্ণৰূপে ভাঙি পেলায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/883695ef-a5ad-400c-a5d5-070fee17cbac/afb63a95_9c6d_4153_9c3e_e2c060decd7e.jpg)
আনহাতে ধুমুহাৰ ফলত প্ৰকাণ্ড গছ ৰাস্তা আৰু বিদ্যুতৰ তাঁৰত বাগৰি পৰাত ঠায়ে ঠায়ে বিদ্যুতৰ খুঁটা ভাঙি পৰে । আৰু লগে লগেই বহু স্থানত বিদ্যুৎ যোগান আৰু যাতায়ত ব্যাহত হৈ পৰে ।
ইফালে ধুমুহাৰ সৈতে হোৱা প্ৰবল বৃষ্টিপাতে পানীখেতি, নগাবাট , বেকাজান , বালিজান গড়াজান গাঁৱৰ শ শ বিঘা ৰবি শস্য নষ্ট বিস্তৰ লোকচান কৰে । এই ধুমুহাত শ শ লোকৰ তামোল পান গছ বাগিচা ধবংস কৰে।
অৱশ্যে এই ধুমুহাৰ ফলত কোনো এতিয়ালৈকে লোক হতাহত হোৱাৰ বাতৰি পোৱা নাই । ইফালে ধুমুহাত ক্ষতিগ্ৰস্ত গাঁৱসমূহ তিতাবৰ মহকুমা প্ৰশাসন আৰু বিধায়ক ভাস্কৰজ্যোতি বৰুৱাক পৰিস্থিতি বুজ লবলৈ আহ্বান ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b4a67a5f-360f-4528-b38a-aeefb9a0e78a/f88c0e4d_7b3b_4155_b3f0_039e54bca250.jpg)
Also Read: বিনামূল্যে ১০ দিন প্ৰশিক্ষণ প্ৰদান কৰা প্ৰশিক্ষকক অপমান আয়োজক কমিটিৰ!