/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/fd41ed3a-3fd4-4672-96a7-c1ba135b6fcf/AP_FOR_WEB_suicide.jpg)
ন্য়ায়ালয়ে ক'লে- প্ৰেমত ব্যৰ্থ হৈ আত্মহত্যা কৰিলে প্ৰেমিকা দোষী নহয়...
ডিজিটেল ডেস্কঃ প্ৰেমিকাই প্ৰত্যাখ্যান কৰিলে বা প্ৰেম ব্যৰ্থ হ’লে প্ৰেমিকে যদি আত্মহত্যা কৰে তেন্তে প্ৰেমিকা দোষী নহয়। এনে বিষয়ত প্ৰেমিকাৰ বিৰুদ্ধে আত্মহত্যাৰ প্ৰৰোচনাৰ গোচৰ ৰুজু কৰিব নোৱাৰিব।
এই নিৰ্দেশনা প্ৰদান কৰিছে ছত্তিশগড় উচ্চ ন্যায়ালয়ে। সম্প্ৰতি এনে এক গোচৰৰ শুনানি গ্ৰহণ কৰি ইয়াৰ ৰায় প্ৰদান কৰি এই নিৰ্দেশ প্ৰদান কৰিছে উচ্চ ন্যায়ালয়খনে। ছত্তিশগড় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থপ্ৰতিম চাহুৱে এনে এক গোচৰৰ শুনানিৰ ৰায় প্ৰদান কৰি কয়, যদি কোনো ছাত্ৰ বা ছাত্ৰী পৰীক্ষাত বেয়া ফলাফলৰ কাৰণে আত্মহত্যা কৰে সেই গোচৰ খাৰিজ হৈ যায়। সেই ঘটনাৰ বাবে সেই ছাত্ৰ বা ছাত্ৰীৰ শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা নহয়।
এই তুলনাৰে তেওঁ কয়, প্ৰেমত ব্যৰ্থ হৈ যদি কোনো প্ৰেমিকে আত্মহত্যা কৰে তেন্তে তেওঁৰ প্ৰেমিকাৰ বিৰুদ্ধে আত্মহত্যাৰ প্ৰৰোচনা গোচৰ ৰুজু কৰিব পৰা নাযায়। ন্যায়ালয়ে লগতে কয়, কোনো দুৰ্বল মানসিক চিন্তাৰ মানুহে যদি কোনো কাৰণত নিজকে শেষ কৰি দিয়ে তাৰ বাবে আন কাকো দোষাৰোপ কৰিব পৰা নাযায়।
উল্লেখ্য চলিত বছৰৰ ২৩ জানুৱাৰীত ছত্তিশগড়ৰ এজন যুৱকৰ ৰহস্যময় মৃত্যু হৈছিল। এই ঘটনা সন্দৰ্ভত ৩ জনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছিল। তেওঁ লোক ক্ৰমে ২৪ বৰ্ষীয় প্ৰাক্তন প্ৰেমিকা আৰু তেওঁৰ দুই ভাতৃ।
তেওঁলোকৰ বিৰুদ্ধে ৰুজু হয় গোচৰ। মৃতকৰ পৰিয়ালৰ অভিযোগ আছিল এই তিনিজনে তেওঁক মানসিক চাপ দিছিল। সেয়ে তেওঁ আত্মহত্যাৰ সিদ্ধান্ত লয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই উদ্ধাৰ কৰিছিল দুই পৃষ্ঠাৰ এখন পত্ৰ।
সেই পত্ৰখনকে চুইছাইড নোট বুলি ধৰা হৈছে। সেই পত্ৰত আত্মহত্যা কৰা যুৱকে লিখিছে, ইমান বছৰৰ সম্পৰ্ক ভাঙি আন এজনক বিয়া কৰাইছে প্ৰেমিকাই। তাৰ ওপৰত প্ৰাক্তন প্ৰেমিকাৰ দুই ভাতৃয়ে তেওঁৰ ওপৰত মানসিক অত্যাচাৰ চলাইছে। এই চাপ সহ্য কৰিব নোৱাৰি তেওঁ আত্মহত্যাৰ পছ বাছি লৈছে।
আৰু পঢ়কঃ
এই ঘটনা সন্দৰ্ভত নিম্ন আদালতে আত্মহত্যাৰ প্ৰৰোচনাকে ধৰি একাধিক অভিযোগৰ গোচৰ তৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু নিম্ন আদালতৰ এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় প্ৰাক্তন প্ৰেমিকাসহ তেওঁৰ দুই ভাতৃ। এই গোচৰৰ শুনানি গ্ৰহণ কৰি প্ৰেমিকা আৰু তেওঁৰু দুই ভাতৃক দোষমুক্ত কৰি এই ৰায় প্ৰদান কৰিছে।
Also Read: ধাৰাবাহিক বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল মণিপুৰঃ ৫০ ফুটকৈ ব্যৱধানত সংস্থাপিত কৰা ৪৫ টা আই ই ইডি উদ্ধাৰ...