ধনৰ অভাৱৰ বাবে কৰিব নোৱাৰিলে এম্বুলেঞ্চৰ যোগাৰ, পাঁচ মহীয়া সন্তানৰ মৃতদেহ লৈ গ'ল বাছত

ধনৰ অভাৱৰ বাবে কৰিব নোৱাৰিলে এম্বুলেঞ্চৰ যোগাৰ, পাঁচ মহীয়া সন্তানৰ মৃতদেহ লৈ গ'ল বাছত

ডিজিটেল ডেস্ক : ভাৰতীয় স্বাস্থ্য খণ্ডৰ শোচনীয় অৱস্থাৰ মাজতেই ৰাজনৈতিক নেতা, বিভাগীয় মন্ত্ৰীসকলে মানৱীয়তাৰ দিশতো সততেই পাহৰি যোৱা পৰিলক্ষিত হয় । তেনে এক পৰিস্থিতিৰে সন্মুখীন হ'ল পশ্চিম বংগৰ এগৰাকী দুৰ্ভগীয়া পিতৃ । ধনৰ অভাৱৰ বাবেই এম্বুলেঞ্চৰ যোগাৰ কৰিব নোৱাৰি যাত্ৰীবাহী বাছতেই লৈ যাব লগীয়া হ'ল পাঁচ মহীয়া সন্তানৰ মৃতদেহ ।

উল্লেখ্য যে, কালিগঞ্জৰ এগৰাকী ব্যক্তিয়ে সন্তানক চিকিৎসাৰ বাবে শিলিগুৰিলৈ লৈ আহিছিল যদিও সুৰ্ভাগ্যবশত: সন্তানটিৰ প্ৰাণ ৰক্ষা কৰিব পৰা নগ'ল । তাৰ পাছত সন্তানটিৰ মৃতদেহ উভতাই নিবলৈ ব্যক্তিগৰাকীক এম্বুলেঞ্চৰ বাবে প্ৰায় ৮ হেজাৰ টকাৰ প্ৰয়োজন হয় কিন্তু সেই টকা যোগাৰ কৰিব নোৱাৰৰ বাবে ২০০ কিলোমিটাৰ পথ সন্তানটিৰ মৃতদেহ এটি বেগত ভৰাই লৈ যাব লগীয়া হ'ল যাত্ৰীবাহী বাছত ।

এই সন্দৰ্ভত দুৰ্ভগীয়া পিতৃ, অসীম দেৱশৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত দিয়া ভাষ্য অনুসৰি, সন্তানটিক মুঠ ৬ দিনৰ বাবে উত্তৰ বংগ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু এই ছয় দিনত প্ৰায় ১৬ হেজাৰ টকা ব্যয় হৈছিল পিতৃ গৰাকীৰ । তাৰ পাছত এম্বুলেঞ্চৰ ড্ৰাইভাৰক দিবলৈ ধন নাছিল ব্যক্তিগৰাকীৰ হাতত । যাৰ বাবেই এনেদৰে লৈ যাব লগীয়া হয় সন্তানটিক । উক্ত সময়ছোৱাত ব্যক্তিগৰাকীয়ে বেগত যে মৃত সন্তানটি আছে সেই কথা ক'বলৈ অপাৰগ আছিল কেৱল এটা আশংকাতেই যে যদি তাৰ ফলত তেখেতক বাছৰ পৰা নমাই দিয়া হয় ।

এনে এক চৰম বিপৰ্যয়ৰ মাজত ব্যক্তিগৰাকীয়ে মৃত সন্তানটিক লৈ আহিব লগীয়া ঘটনাই এতিয়া চৌদিশে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

আনহাতে, এনে এক তদ্ৰুপ ঘটনা ৰাজ্যখনত ইয়াৰ পূৰ্বেও চলিত বৰ্ষৰ জানুৱাৰী মাহত সংঘটিত হৈছিল । এগৰাকী ব্যক্তিয়ে এম্বুলেঞ্চক ধন দিবলৈ অসমৰ্থ হোৱাৰ বাবে মাতৃৰ মৃতদেহ প্ৰায় ৪০ কিলোমিটাৰ পথ কান্ধত লৈ খোজকাঢ়ি আহিবলগীয়া হৈছিল ।

দেশৰ স্বাস্থ্যখণ্ডৰ এই অৱস্থাই দেশখন কোন পৰ্যায়লৈ গতি কৰি আছে সেই কথা সূচাই যদিও যেন মানি ল'ব বিচৰা নাই সুবিধাবাদীসকলে ।

ধনৰ অভাৱৰ বাবে কৰিব নোৱাৰিলে এম্বুলেঞ্চৰ যোগাৰ, পাঁচ মহীয়া সন্তানৰ মৃতদেহ লৈ গ'ল বাছত
গোগামুখত আছুৰ বহাগী বিদায় অনুষ্ঠানত দুৰ্বৃত্তৰ তাণ্ডৱ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in