ৰাৱণৰ সৈতে তুলনা মোডীকঃ ৰাহুলে ক'লে- ৰাৱণক ৰামে নহয় তেওঁৰ অহংকাৰেহে হত্যা কৰিছিল

ৰাৱণৰ সৈতে তুলনা মোডীকঃ ৰাহুলে ক'লে- ৰাৱণক ৰামে নহয় তেওঁৰ অহংকাৰেহে হত্যা কৰিছিল

author-image
Asomiya Pratidin
New Update
ৰাৱণৰ সৈতে তুলনা মোডীকঃ ৰাহুলে ক'লে- ৰাৱণক ৰামে নহয় তেওঁৰ অহংকাৰেহে হত্যা কৰিছিল

ৰাৱণৰ সৈতে তুলনা মোডীকঃ ৰাহুলে ক'লে- ৰাৱণক ৰামে নহয় তেওঁৰ অহংকাৰেহে হত্যা কৰিছিল

ডিজিটেল ডেস্কঃ লোকসভাত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত আনাস্থা প্ৰস্তাৱৰ বিতৰ্ক অব্যাহত আছে। আজি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে সংসদত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অতি কঠোৰ ভাৱে আক্ৰমণ কৰাৰ লগতে ৰামায়ণ, মহাভাৰতৰ কথা উল্লেখেৰে তেওঁ মোডীক ৰাৱণৰ সৈতেও তুলনা কৰিছে।

Advertisment

ৰাহুল গান্ধীৰ ভাষণৰ মাজতে উত্তপ্ত হৈ উঠিছে সংসদ। বিজেপি সাংসদসকলে ৰাহুল গান্ধীৰ ভাষণৰ মাজতে উত্তপ্ত কৰি তুলিছে সংসদ। ভাষণৰ আৰম্ভণিতে ৰাহুল গান্ধীয়ে তেওঁক সাংসদ পদ ঘূৰাই দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰি উৰ্দু কবি ৰুমিৰ উদ্ধৃতিৰে কয়, ৰুমিয়ে কৈছিল হৃদয়ৰ পৰা কোৱা কথাই হৃদয়লৈ গৈ পায়। ময়ো আজি মগজুৰে কথা নকও। যি কম মনৰ পৰা কম।

ইয়াৰ পাছতে তেওঁ সকলোকে আশ্বস্ত কৰি কয়, চিন্তা কৰিব নালাগে আজি মই আদানীৰৰ কথা নকও। আজি মই আন বিষয়ৰ ওপৰতহে কথা কম। ৰাহুল গান্ধীয়ে ভাষণৰ আৰম্ভণিতে ভাৰত জোড়ো যাত্ৰাৰ অভিজ্ঞতাৰ কথাও উল্লেখ কৰে।

আনাস্থা বিতৰ্কত মণিপুৰক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে কয়, মণিপুৰক ভাঙি টুকুৰা টুকুৰ কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে। এই অশান্ত মণিপুৰলৈ তেওঁ এবাৰৰ বাবেও নগ'ল। অথচ তেওঁ দেশৰ আন আন ঠাইলৈ গৈছে। ভ্ৰমণ কৰিছে। কিয় মণিপুৰলৈ যোৱা নাই? কিয় তেওঁৰ মণিপুৰলৈ যোৱাৰ সময় নাই?

এই প্ৰশ্ন উত্থাপন কৰাৰ উপৰিও গান্ধীয়ে কয়, ইয়াৰ কাৰণ হৈছে মণিপুৰক ভাৰতৰ অংশ হিচাপে বিবেচনা নকৰে। ৰাহুল গান্ধীয়ে পুনৰ কয়, মই মণিপুৰলৈ গৈছিলো। এগৰাকী মহিলাক সুধিছিলো আপোনালোকৰ সৈতে কি হৈছে? তেওঁ অজ্ঞান হৈ পৰিল আৰু কপিবলৈ আৰম্ভ কৰিলে। মই পূৰ্বে কোৱাৰ দৰে ভাৰত এটা কণ্ঠস্বৰ। দেশৰ মানুহৰ কণ্ঠ। আৰু এই কণ্ঠকে হত্যা কৰা হৈছে মণিপুৰত। তাৰ মানে আপুনি মণিপুৰত ভাৰত মাতাক হত্যা কৰিছে।

ইয়াৰোপৰি ভাষণৰ মাজতে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দেশদ্ৰোহী আখ্যা দি কয়, আপুনি মণিপুৰৰ ৰাইজক মাৰি ভাৰত মাতাক হত্যা কৰিছে। আপুনি দেশভক্ত নহয়। আপুনি দেশদ্ৰোহী। আপুনি মণিপুৰলৈ যাব নোৱাৰে। কাৰণ আপুনি মণিপুৰত ভাৰত মাতাক হত্যা কৰিছে।

নাম নোলোৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে কয়, আপুনি ভাৰত মাতাৰ ৰক্ষক নহয়, আপুনি ভাৰত মাতাৰ হত্যাকাৰী। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অহংকাৰী ৰাৱণৰ সৈতে তুলনা কৰি ৰাহুল গান্ধীয়ে কয়, ৰাৱণে দুজনৰ কথা শুনিছিল। মেঘনাদ আৰু কুম্ভকৰ্ণৰ। মোডীয়েও দুজনৰ কথা শুনে। এজন শ্বাহ আৰু আনজন পুঁজিপতি আদানী।

সমগ্ৰ দেশতে নৰেন্দ্ৰ মোডীয়ে জুই জ্বলোৱাৰ চেষ্টা কৰিছে বুলিও অভিযোগ কৰি ৰাহুল গান্ধীয়ে আনাস্থা প্ৰস্তাৱৰ বিতৰ্কত নিজৰ ভাষণ সামৰে। শেষত তেওঁ লংকাক হনুমানে জ্বলোৱা নাছিল বুলি উল্লেখ কৰি কয় ৰাৱণৰ অহংকাৰৰ বাবে জ্বলিছিল লংকা। তেওঁ কয়, ৰাৱণক ৰামে হত্যা কৰা নাছিল তেওঁৰ অহংকাৰেহে তেওঁক হত্যা কৰিছিল। মোডীয়েও সেইদৰেই গোটেই দেশত কেৰাছিন ঢালি আছে।

Also Read: ৩০০ আসন লাভেৰে পুনৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোডী- হিমন্ত বিশ্ব শৰ্মা...

ৰাহুল গান্ধী মণিপুৰ নৰেন্দ্ৰ মোডী