৩০০ আসন লাভেৰে পুনৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোডী- হিমন্ত বিশ্ব শৰ্মা...

৩০০ আসন লাভেৰে পুনৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোডী- হিমন্ত বিশ্ব শৰ্মা...

author-image
Asomiya Pratidin
New Update
৩০০ আসন লাভেৰে পুনৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোডী- হিমন্ত বিশ্ব শৰ্মা...

৩০০ আসন লাভেৰে পুনৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোডী- হিমন্ত বিশ্ব শৰ্মা...

ডিজিটেল ডেস্কঃ গুৱাহাটীস্থিত অসমৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিত হৈছে এক গুৰুত্বপূৰ্ণ বৈঠক। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বৈঠকত মূলতঃ নিৰ্বাচনক কেন্দ্ৰ কৰি আলোচনা হৈছে।

Advertisment

বৈঠকত অংশগ্ৰহণ কৰিছে উত্তৰ পূবৰ সংযোজক সম্বিত পাত্ৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। উপস্থিত আছে অসম বিজেপিৰ সভাপতি ভৱেশ কলিতা, ত্ৰিপুৰা বিজেপিৰ সভাপতি ৰাজীৱ ভট্টাচাৰ্য।

এই বৈঠকৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা মুখামুখিৰ সময়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মণিপুৰৰ পৰিৱেশ, পৰিস্থিতি এতিয়া বিজেপিৰ অনুকুলে নাথাকিলেও ৰাজ্যখনৰ দুয়োখন লোকসভাৰ আসনতে বিজেপিয়েই জয়ী হ’ব বুলি মন্তব্য কৰে।

তেওঁ ২০২৪ ৰ লোকসভা নিৰ্বাচনত উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ২৫ খন আসনৰ ভিতৰত ২৫ খনেই বিজেপিয়ে দখল কৰিব বুলিও কয়। ইফালে আগন্তুক ১০০ বছৰ বিজেপিৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ২০২৪ ত ৩০০ ৰো অধিক আসনেৰে পুনৰ বিজেপি শাসনলৈ আহিব বুলি দাবী কৰি কয় নৰেন্দ্ৰ মোডী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব। ইয়াৰোপৰি তেওঁ ১০ আগষ্টত দিল্লীত অসমৰ সকলো মন্ত্ৰী, সাংসদৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত হ’ব বুলি জনায়।

Also Read: ১১ আগষ্টত অজাপত যোগদান কৰিব আছুৰ প্ৰাক্তন উপদেষ্টা উদ্দীপজ্যোতি গগৈয়ে !

হিমন্ত বিশ্ব শৰ্মা লোকসভা নিৰ্বাচন