অনাস্থা প্ৰস্তাৱঃ বিৰোধী শূণ্য সদনত মৌখিক ভোটত জয়ী মোডী নেতৃত্বাধীন চৰকাৰ

মণিপুৰৰ সাম্প্ৰতিক বিস্ফোৰক পৰিস্থিতিক লৈ লোকসভাত সন্মিলিত বিৰোধীয়ে দাখিল কৰা অনাস্থা প্ৰস্তাৱ বিতৰ্কত উত্তৰ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে নিজৰ স্থিতি স্পষ্ট কৰে।

author-image
Asomiya Pratidin
New Update
অনাস্থা প্ৰস্তাৱঃ বিৰোধী শূণ্য সদনত মৌখিক ভোটত জয়ী মোডী নেতৃত্বাধীন চৰকাৰ

ডিজিটেল ডেস্কঃ মণিপুৰৰ সাম্প্ৰতিক বিস্ফোৰক পৰিস্থিতিক লৈ লোকসভাত সন্মিলিত বিৰোধীয়ে দাখিল কৰা অনাস্থা প্ৰস্তাৱ বিতৰ্কত উত্তৰ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে নিজৰ স্থিতি স্পষ্ট কৰে। মোডীে প্ৰদান কৰা ২ ঘন্টা ১২ মিনিটৰ ভাষণত মণিপুৰে স্থান লাভ কৰে যদিও ভাষণৰ শেষৰ ফালেহে স্থান লাভ কৰাত ক্ষুন্ন হৈ পৰে বিৰোধী।

Advertisment

কংগ্ৰেছ নেত ৰাহুল গান্ধীৰ নেতৃত্বত সদন ত্যাগ কৰে বিৰোধীয়ে। বিৰোধী শূণ্য নিম্ন সদনত পাছত মৌখিক ভোটত অগ্ৰাহ্য় হয় বিৰোধীৰ অনাস্থা প্ৰস্তাৱ। তাৰপূৰ্বে সদনত অশোভনীয় পৰিস্থিতি সৃষ্টি কৰাৰ বাবে বিৰোধী দলপতি অধীৰৰঞ্জন চৌধুৰীক নিলম্বন কৰে লোকসভাৰ অধ্যক্ষই।

ভাষণৰ প্ৰায় ডেৰ ঘন্টাতকৈ অধিক সময় মোডীয়ে বিৰোধী, কংগ্ৰেছ, বিৰোধী মৰ্চা ইণ্ডিয়াক সমালোচনা কৰে। অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত বিৰোধীক ইতিকিং কৰি মোডীয়ে কয় যে, অনাস্থা প্ৰস্তাৱত কিছুমান এনে বিচিত্ৰ দেখিছো যি আগতে কেতিয়াও দেখা নাই, শুনা নাই, কল্পনা কৰা নাই। সকলোতকৈ ডাঙৰ বিৰোধী দলৰ নেতাৰ নাম ভাষণৰ তালিতাক নাছিল। আগৰ উদাহৰণ চাওক। ১৯৯৯ ত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আছিল। শাৰদ পাৱাৰে নেতৃত্ব দিছিল। ২০০৩ অটল বিহাৰীৰ চৰকাৰৰ বিৰুদ্ধে ছোনীয়া গান্ধীৰ নেতৃত্বত অনাস্থা প্ৰস্তাৱ আনিছিল।

২০১৮ চনত খাৰ্গে আছিল বিৰোধীৰ নেতা। তেওঁ বিষয়টো আগবঢ়াইছিল। কিন্তু এইবাৰ অধিৰ বাবুক কি অৱস্থা হ'ল? তেওঁ দলে তেওঁক কবলৈ সুযোগ দিয়া নাই। কালি অমিত শ্বাহে ক'লে যে এয়া ভাল লগা নাছিল । এয়া শ্বাহৰ উদাৰতা যে তেওঁৰ সময় শেষ হোৱাাৰ পাছতো কবলৈ সুয়োগ দিছিল। কিন্তু গুড়ক কেনেদৰে গোবৰ বনাব পাৰি অধিৰ বাবুই জানে।

আপোনালোকৰ কিয় এনে অধীৰক বাহিৰ কৰি দিছে? কলকাতাৰ পৰা ফোন আহিছে নেকি? কংগ্ৰেছে বাৰে বাৰে তেওঁক অপমান কৰি আহিছে। অধিৰ বাবুৰ প্ৰতি আমাৰ সংবেদনা।

মোডীয়ে বিৰোধীক সমালোচনা কৰি থকাৰ মাজতেই বিৰোধীয়ে সদন ত্যাগ কৰে। তাৰপাছতে মৌখিক ভোটত জয়ী হৈ অনাস্থা প্ৰস্তাৱ অগ্ৰাহ্য হয়। এয়া সদনত মোডীৰ মাষ্টাৰষ্ট্ৰোক বুলি কব পাৰি।

হয়তো বিৰোধীৰ উপস্থিতিত অনাস্থা প্ৰস্তাৱত জয় লাভ কৰা শাসকীয় পক্ষৰ বাবে সহজ নাছিল। যাৰ বাবে কৌশলেৰে বিৰোধীক সদনত শূণ্য কৰি জয় লাভ কৰে মোডীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ দি থকাৰ সময়ত বিৰোধীয়ে মণিপুৰ সন্দৰ্ভত কথা কোৱাৰ বাবে দাবী জনাই আছিল যদিও কানসাৰ দিয়া নাছিল মোডীয়ে।

বিৰোধীয়ে সদন ত্যাগ কৰাৰ পাছতেই মোডীয়ে উত্থাপন কৰিছিল মণিপুৰ প্ৰসংগ। মণিপুৰ সন্দৰ্ভত তেওঁ কৈছিল- মণিপুৰৰ লোক সকললৈ মোৰ বিশেষ আহ্বান। আপোনালোকক কব বিচাৰো দেশ আপোনালোকৰ লগত আছে। সদন আপোনালোকৰ আছে। আমি মিলি এই সমস্যাৰ সমাধান বিচাৰিম। মণিপুৰত আকৌ শান্তি স্থাপন কৰিম। বিশ্বাস দিব খোজো যে মণিপুৰে আকৌ বিকাশৰ বাবে তীব্ৰ গতিৰে আগবাঢ়িব।

উত্তৰ পূৱক লৈও মোডীয়ে আগবঢ়াইছিল গুৰুত্বপূৰ্ণ মন্তব্য। মোডীয়ে কৈছিল উত্তৰ-পূৱক লৈ মোডীৰ এক বিশেষ টান আছে। উত্তৰ-পূৱ মোডীৰ হৃদয়ত আছে আৰু ভাৰতৰ হৃদয়ৰ সৈতে উত্তৰ-পূৱক সংযোগ কৰাৰ বাবে চেষ্টা কৰি আছে। উত্তৰ পূৱক লৈ মোডীৰ মৰম আনে বুজি নাপায় বুলিও কয়। মোডীয়ে কয়, আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ হ'বলৈ গৈ আছে, ই এই উন্নয়নৰ কেন্দ্ৰবিন্দু হ'ব। সেইকাৰণে আমাৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক অগ্ৰাধিকাৰ দিছে। ন বছৰত, আমি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অগ্ৰাধিকাৰৰ ওপৰত গুৰুত্বপূৰ্ণ কাম কৰিছো।

Also Read: পুৱাই মহানগৰীত উদ্ধাৰ অচিনাক্ত মৃতদেহ...

narendra modi congress