সভাত মোডীৰ উপস্থিতিৰ সময় কোনোৱে পৰিধান কৰিব নোৱাৰিব ক'লা পোছাক!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনত অংশ গ্ৰহণ কৰিব

author-image
Asomiya Pratidin
New Update
সভাত মোডীৰ উপস্থিতিৰ সময় কোনোৱে পৰিধান কৰিব নোৱাৰিব ক'লা পোছাক!

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনত অংশ গ্ৰহণ কৰিব। তাৰ পূৰ্বে বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা।

Advertisment

এই নিৰ্দেশনা অনুসৰি মোডী উপস্থিত থকা সময়ত, পুৱা ১০ বজাৰ পৰা ১২ বজাৰ ভিতৰত সকলোৰে উপস্থিতি বাধ্যতামূলক আৰু উক্ত সময়ত কোনোৱে পৰিধান কৰিব নোৱাৰিব ক'লা পোছাক। মোডীয়ে আজি অৰ্থাৎ ৩০ জুনত মুখ্য অতিথি হিচাপে দিল্লী বিশ্ববিদ্যালয়ৰ (ডিইউ) শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

এই অনুষ্ঠানৰ লাইভ সম্প্ৰচাৰত হংসৰাজ মহাবিদ্যালয়, ড০ ভীম ৰাও আম্বেদকাৰ মহাবিদ্যালয় আৰু জাকিৰ হুছেইন দিল্লী মহাবিদ্যালয়ে শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ উপস্থিতি বাধ্যতামূলক কৰি তুলিছে।

হিন্দু মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যাপত মীনু শ্ৰীবাস্তৱে বুধবাৰে জাৰি কৰিছে এই নিৰ্দেশনা।

Also Read: কনকসেন ডেকালৈ পণ্ডিত দীনেশ্বৰ শৰ্মা সোঁৱৰণী “সমাজ শিৰোমণি’’ বঁটা...

narendra modi delhi university