কনকসেন ডেকালৈ পণ্ডিত দীনেশ্বৰ শৰ্মা সোঁৱৰণী “সমাজ শিৰোমণি’’ বঁটা...

কনকসেন ডেকালৈ পণ্ডিত দীনেশ্বৰ শৰ্মা সোঁৱৰণী “সমাজ শিৰোমণি’’ বঁটা...
কনকসেন ডেকালৈ পণ্ডিত দীনেশ্বৰ শৰ্মা সোঁৱৰণী “সমাজ শিৰোমণি’’ বঁটা...

ডিজিটেল সংবাদ মঙলদৈঃ অসমৰ বৌদ্ধিক জগতৰ অতন্দ্ৰ প্ৰহৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, প্ৰথিতযশা সাহিত্যিক, সাংবাদিক কনকসেন ডেকাক প্ৰদান কৰা হ’ব “মংগলদৈ বুৰঞ্জী’’ৰ প্ৰণেতা, পণ্ডিত দীনেশ্বৰ শৰ্মা সোঁৱৰণী দ্বিতীয় বাৰ্ষিক “সমাজ শিৰোমণি’’ বঁটা ৷ আজি এই কথা সদৰী কৰে “দৰং দিৱস উদযাপন সমিতি’’ ৰ সভাপতি তথা দৰং ডায়েটৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মাধৱ শৰ্মাই ৷

উল্লেখযোগ্য যে, স্বাধীনতা আন্দোলনৰ এগৰাকী সিংহপুৰুষ আৰু দৰঙৰ এগৰাকী বৰেণ্য ব্যক্তি পণ্ডিত দীনেশ্বৰ শৰ্মাৰ জন্মদিন ৯ জুলাইৰ সৈতে সংগতি ৰাখি এইবেলি ঐতিহাসিক পথৰুঘাটত দৰং দিৱস উদযাপন সমিতিয়ে এলানি দিনযোৰা কাৰ্যসূচী যুগুত কৰিছে ৷ উক্ত কাৰ্যসূচীতেই বৰ্ষীয়ান সাংবাদিক, বিভিন্ন বৌদ্ধিক গ্ৰন্থৰ প্ৰণেতা কনকসেন ডেকাক এই বঁটা প্ৰদান কৰা হ'ব ৷

দৰং দিৱস উদযাপন সমিতিৰ উদ্যোগত বিগত বছৰ এই বঁটা প্ৰদান কৰা হৈছিল আমেৰিকা নিৱাসী, বিশিষ্ট লেখক, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিজ্ঞানী, সুযোগ্য দৰঙী সন্তান ড° অতুল চন্দ্ৰ শৰ্মাক ৷ আজি দিছপুৰৰ অগ্ৰদূত ভৱনত বৰেণ্য সাংবাদিক গৰাকীক দৰং দিৱস উদযাপন সমিতিৰ অন্যতম উপদেষ্টা ডা° নৰেশ্বৰ শৰ্মাৰ নেতৃত্বত এটি সজাতি দলে সাক্ষাত কৰে আৰু তেওঁৰ সন্মতি লাভ কৰি বঁটাপ্ৰাপক গৰাকীৰ নাম সদৰী কৰে ৷

আনহাতে উক্ত দিৱসৰ কাৰ্যসূচী মতে ৯ জুলাইৰ পুৱা পণ্ডিত দীনেশ্বৰ শৰ্মাৰ ছিপাঝাৰৰ ব্যাসপাৰাত তেখেতৰ সমাধিৰ নৱনিৰ্মীত প্ৰতিমূৰ্তিত স্মৃতি তৰ্পণ, পথৰুঘাটত পতাকা উত্তোলন, কৃষক ছহীদৰ পৰিয়ালক সম্বৰ্ধনা, দুপৰীয়া মুকলি সভা আৰু উক্ত সভাত সমাজ শিৰোমণি বঁটা প্ৰদানৰ লগতে দৰঙৰ তিনিগৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে অৱসৰপ্ৰাপ্ত অধ্যাপক ৰাজেন্দ্ৰ বৰুৱা, “মংগল বাতৰি’’ৰ সম্পাদক প্ৰশান্ত বৰুৱা আৰু বিশিষ্ট সমাজসেৱী ৰামেশ্বৰ শৰ্মাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ'ব ৷

সন্ধিয়া মঙলদৈ চহৰৰ বৰপুখুৰী পাৰত অৱস্থিত জয়ন্ত হাজৰিকা উদ্যানত বন্তি প্ৰজ্বলন আদি কাৰ্যসূচী ৰূপায়িত হব বুলি দৰং দিৱস উদযাপন সমিতিৰ সম্পাদক হিতেশ হাজৰিকাই জনাইছে ।

কনকসেন ডেকালৈ পণ্ডিত দীনেশ্বৰ শৰ্মা সোঁৱৰণী “সমাজ শিৰোমণি’’ বঁটা...
মক্কাত পুনৰ মৃত্যু হ'ল অসমৰ হজ যাত্ৰীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in