প্ৰসংগ, দেশৰ অন্ন আঁচনি : অনাহাৰত মৃত্যু হৈছেনে ?

দেশত অনাহাৰৰত মৃত্যু হোৱা নাই এজনো: কেন্দ্ৰীয় চৰকাৰ
 প্ৰসংগ, দেশৰ অন্ন আঁচনি : অনাহাৰত মৃত্যু হৈছেনে ?

ডিজিটেল ডেস্ক: দেশৰ কোনো ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অনাহাৰৰ ফলত এজন লোকৰো মৃত্যু হোৱাৰ ঘটনা সংঘটিত হেৱা নাই। এই মন্তব্য কেন্দ্ৰীয় চৰকাৰৰ।

খাদ্য মন্ত্ৰী পীয়ুষ গোৱেলে লোকসভাত এক লিখিত উত্তৰত কয়, “অনাহাৰৰ ফলত মৃত্যুৰ কোনো ঘটনাৰ তথ্য পোৱা নাই এখনো ৰাজ্য চৰকাৰ অথবা কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনে।”

এটা প্ৰশ্নৰ উত্তৰ দি লোকসভাৰ সাংসদ গজানন কীৰ্তিকাৰৰ কয় যে কেন্দ্ৰীয় চৰকাৰে জানুৱাৰীৰ পৰা প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ (পিএমজিকেএ) অধীনত ৮০ কোটি হিতাধিকাৰীক দুটা বৰ্তমানৰ খাদ্য ৰাজসাহাৰ্য আঁচনি অন্তৰ্ভুক্ত কৰি বিনামূলীয়াকৈ খাদ্যশস্য প্ৰদান কৰিছে।

ৰাজহুৱা বিতৰণ প্ৰণালীৰ (পিডিএছ) অন্তিম কম্পিউটাৰকৰণে সমগ্ৰ দেশতে প্ৰায় ৪0 কোটি হিতাধিকাৰীক সঠিক লক্ষ্য নিৰ্ধাৰণ কৰাটো নিশ্চিত কৰিছে। লগতে কয় যে ৩৬ খন ৰাজ্য আৰু ইউটিত ৰেচন কাৰ্ডৰ পোৰ্টেবিলিটি নিৰৱচ্ছিন্নভাৱে সক্ষম কৰা হৈছে।

এক পৃথক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, দেশত ১৯.৫ কোটি ৰেচন কাৰ্ডৰ ১০০ শতাংশ ডিজিটেলকৰণ হৈছে। 

 প্ৰসংগ, দেশৰ অন্ন আঁচনি : অনাহাৰত মৃত্যু হৈছেনে ?
আমেৰিকাৰ দুখন বিশ্ববিদ্যালয় লৈ আমন্ত্ৰণ লাভ অসমৰ জীয়ৰীৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in