আমেৰিকাৰ দুখন বিশ্ববিদ্যালয় লৈ আমন্ত্ৰণ লাভ অসমৰ জীয়ৰীৰ...

বেবেজীয়াৰ শেটালী গাওঁৰ জীয়ৰীৰ সাফল্য আমেৰিকাৰ দুখন বিশ্ববিদ্যালয় লৈ আমন্ত্ৰিত ড‍০মাদ্ৰী কাকতি
আমেৰিকাৰ দুখন বিশ্ববিদ্যালয় লৈ আমন্ত্ৰণ লাভ অসমৰ জীয়ৰীৰ...

ডিজিটেল সংবাদ , বেবেজীয়া: আমেৰিকাৰ দুখন বিশ্ববিদ্যালয় লৈ আমন্ত্ৰণ লাভ অসমৰ জীয়ৰীৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগান ইউনিভাৰ্ছিটি আৰু নিউয়ৰ্ক ইউনিভাৰ্ছিটি লৈ আন্তৰ্জাতিক ছেমিনাৰৰ বাবে আমন্ত্ৰিত হৈছে ড০ মাদ্ৰী কাকতি। এপ্ৰিল মাহৰ দুই তাৰিখৰ পৰা অনুষ্ঠিত হ'ব লগা মিচিগান ইউনিভাৰ্ছিটিত "সামাজিক মাধ্যম আৰু ভাৰতীয় সমাজ" ( Social Media and Society in India) শীৰ্ষক বক্তৃতা প্ৰদানৰ বাবে বিশ্বৰ আগশাৰীৰ বক্তাৰ লগতে মাদ্ৰী কাকতিয়েও এগৰাকী ব্যংগকাৰ হিচাপে অংশগ্ৰহণ কৰিব।

আনহাতে ৪ এপ্ৰিল তাৰিখে নিউয়ৰ্ক ইউনিভাৰ্ছিটিত অনুষ্ঠিত হ'ব লগা "ভাষা, ভাষাতত্ব আৰু ব্যঙ্গ" (Language, Linguistic and Satire ) বিষয়ৰ ওপৰত মাদ্ৰী কাকতিয়ে বক্তৃতা প্ৰদান কৰিব। লগতে নিউ ইয়ৰ্ক বিশ্ববিদ্যালয়ৰ দক্ষিণ এছিয়াৰ ছাত্ৰ সকলৰ লগত মুখামুখিৰ এক বিশেষ অনুষ্ঠানতো অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে, নগাঁৱৰ বেবেজীয়া সমীপৰ শেতালী গাওঁৰ জীয়াৰী মাদ্ৰী কাকতি বৰ্তমান লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ ভাষাতত্ব বিভাগৰ অধ্যাপিকা।

আমেৰিকাৰ দুখন বিশ্ববিদ্যালয় লৈ আমন্ত্ৰণ লাভ অসমৰ জীয়ৰীৰ...
ব্ৰহ্মপুত্ৰত ভক্তৰ প্ৰাতঃস্নান, মহামিলনৰ তীৰ্থভূমিলৈ পৰিণত বৃটিছ বন্দৰ নগৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in