মধ্যপ্ৰদেশত নীতিশ কুমাৰৰ দলে ঘোষণা কৰিলে প্ৰথম ৫ জনীয়া প্ৰাৰ্থী তালিকা..
মধ্যপ্ৰদেশত নীতিশ কুমাৰৰ দলে ঘোষণা কৰিলে প্ৰথম ৫ জনীয়া প্ৰাৰ্থী তালিকা..

মধ্যপ্ৰদেশত নীতিশ কুমাৰৰ দলে ঘোষণা কৰিলে প্ৰথম ৫ জনীয়া প্ৰাৰ্থী তালিকা..

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত জেডি(ইউ)-এ ঘোষণা কৰিলে দলটোৰ ৫ জনকৈ প্ৰাৰ্থীৰ নাম। ২৩০ জনীয়া বিধানসভা আসন বিশিষ্ট মধ্যপ্ৰদেশত কংগ্ৰেছে ক্ষমতা দখলৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।

তাৰ মাজতে জে ডি (ইউ)-এ ঘোষণা কৰা এই ৫ জনীয়া তালিকাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। জে ডি (ইউ)ৰ ৰাষ্ট্ৰীয় সম্পাদক আফাক আহমেদ খানে মঙ্গলবাৰে জনোৱা অনুসৰি দলটোৱে মধ্যপ্ৰদেশ নিৰ্বাচনৰ বাবে প্ৰথম পৰ্যায়ত ৫ খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে।

পৰৱৰ্তী সময়ত পুনৰ আন আন সমষ্টিৰ প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰিব। উল্লেখ্য যে, ৰাজ্যখনত অহা ১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। দলটোৱে ঘোষণা কৰা এই ৫ গৰাকী প্ৰাৰ্থী ক্ৰমে চন্দ্ৰপল যাদৱ (পিচৌৰ সমষ্টি), ৰাম কুমাৰ ৰাইকোৱাৰ (ৰাজনগৰ সমষ্টি), শিৱ নাৰায়ণ ছনি (বিজয় ৰাঘৱগড় সমষ্টি), টল সিং ভুৰিয়া (থাণ্ডলা সমষ্টি) আৰু ৰামেশ্বৰ সিংলা (পেটালাৱাদ সমষ্টি)।

উল্লেখ্য, বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি (ইউ)ৰ মুৰব্বী নীতিশ কুমাৰে প্ৰায় এটা বছৰ পূৰ্বে বিজেপি ত্যাগ কৰি মহাগথবন্ধনত যোগদান কৰিছিল। তেওঁ বিহাৰৰ আৰ জে ডি তথা লালু প্ৰসাদ যাদৱৰ সৈতে মিত্ৰতা স্থাপন কৰি নিশাৰ ভিতৰতে বিহাৰৰ ক্ষমতাৰ পৰা বিজেপিক আঁতৰাই দিছিল।

ইয়াৰ পাছতে দেশত বিজেপি বিৰোধী গোট স্থাপনত নীতিশ কুমাৰে নিজেই লৈছিল আগভাগ। শেহতীয়াকৈ গঠন হোৱা INDIA গোটৰো তেওঁ অন্যতম পৃষ্ঠপোষক।উল্লেখ্যে যে মধ্যপ্ৰদেশত কংগ্ৰেছৰ উপৰি INDIA গোটৰ অংশীদাৰ সমাজবাদী পাৰ্টীয়েও প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

মধ্যপ্ৰদেশত নীতিশ কুমাৰৰ দলে ঘোষণা কৰিলে প্ৰথম ৫ জনীয়া প্ৰাৰ্থী তালিকা..
আহি আছে 'হামুন':অসমসহ উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত হ'ব প্ৰৱল বৃষ্টিপাত...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in