ঢকুৱাখনাত বন বিভাগৰ জ্ঞাতসাৰে বনজ সম্পদৰ চোৰাং বেহা...

ঢকুৱাখনাত বন বিভাগৰ জ্ঞাতসাৰে বনজ সম্পদৰ চোৰাং বেহা...
ঢকুৱাখনাত বন বিভাগৰ জ্ঞাতসাৰে বনজ সম্পদৰ চোৰাং বেহা...

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰক্ষকেই ভক্ষক হৈ ঢকুৱাখনাৰ পাৰিপাৰ্শ্বিক পৰিবেশ বিনষ্ট কৰাত নামি পৰিছে ৰাজ্য চৰকাৰৰ এটা বিয়াগোম বিভাগ। যি সময়ত ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাত পাৰিপাৰ্শ্বিক পৰিবেশ সুৰক্ষিত কৰি গোলকীয় উষ্ণতা নিয়ন্ত্ৰণৰ লক্ষ্যৰে গছ পুলি ৰোপণৰ বিশাল কাৰ্যসূচী গ্ৰহণ কৰা হৈছে তেনে সময়তে ঢকুৱাখনাৰ সৰ্বত্ৰতে বন ধ্বংস অভিযান চলি থকা পৰিলক্ষিত হৈছে।

অতি তাৎপৰ্যপূৰ্ণ দিশটো হ'ল ঢকুৱাখনা বন বিভাগৰ জ্ঞাত সাৰে আৰু আশীৰ্বাদত নিৰন্তৰ হাৰত এই বন ধ্বংস অভিযান চলি আহিছে মহকুমাটোত। কোনো ধৰণৰ নীতি নিয়ম নামানি একাংশ অৰ্থলোভী অবিবেচকী ব্যক্তিয়ে বন বিভাগৰ অৰ্থলোভী বিষয়া কৰ্মচাৰীক হাত কৰি ঢকুৱাখনা মহকুমাত দিনে নিশাই বন ধ্বংস অভিযান চলাই চোৰাং কাঠৰ এখন বৃহৎ বজাৰ  চলাই গৈছে।

কেৱল মাহিলী বেতন লৈ শুই-বহি কটোৱা ঢকুৱাখনা উপ-খণ্ড বন কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰীসকলে এনে অবাধ গছ কটা দেখি শুনি জানিও নিৰ্বাক ভূমিকা গ্ৰহণ কৰি আহিছে। এনে বন ধ্বংসৰ অভিযোগ দিলেও কৰ্ণপাত নকৰে উপ খণ্ড বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে।

বিভাগীয় বিষয়া কৰ্মচাৰীৰ এনে সোপাধিলা চৰিত্ৰৰ বাবেই দৈনিক বৃহৎ বৃহৎ গছ চোৰাং ভাবে কাটি একাংশ কাঠৰ মিলত উচ্চ দামত বিক্ৰী কৰাৰ বহুত প্ৰমাণ উপলব্ধ। শেহতীয়াভাবে পুনৰ মুনাফালোভী এই চোৰাং কাঠ বেপাৰী চক্ৰই এখন ট্রেক্টৰত নিশা  বৃহৎ পৰিমাণৰ মূল্যবান কাঠ গোপনে সৰবৰাহ কৰি ঢকুৱাখনা বন বিভাগৰ সমীপৰ এটা কাঠৰ মিলত মজুত কৰাতো "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ অভিযান কালত পোহৰলৈ আহে।

ৰাজপথৰ পৰা অনুসৰণ কৰি বন বিভাগৰ সমীপতে থকা কাঠৰ মিলটোত চোৰাং কাঠৰ ট্ৰেক্টৰখন সোমোৱা পৰ্যন্ত সমস্ত পৰিক্ৰমা বাণীবদ্ধ কৰি এই সন্দৰ্ভত সংশ্লিষ্ট বন বিভাগক অৱগত কৰাৰ পাছতো কোনো বিধিগত কার্যব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল । বন বিভাগৰ সৈতে চোৰাং কাঠ বেপাৰীৰ সনা পিতিকা নীতিৰ বাবেই এনেদৰে নিতৌ বৃহৎ পৰিমাণৰ বন ধ্বংস চলি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ঢকুৱাখনা মহকুমাত।

তাৰোপৰি মহকুমাটোৰ বহু কেইটা অঞ্চলত অৱস্থিত গোপন কাঠৰ অবৈধ মিলত কাঠ ফালি ঢকুৱাখনা সদৰত দৈনিক উচ্চ দৰত মুকলি ভাবেই সৰবৰাহ কৰি বিক্ৰী কৰি আহিছে এক অসৎ চক্ৰই। এনেদৰে বন ধ্বংসৰ মুকলি অভিযান চলাই থকাৰ পাছতো মৰটোপনি নাভাগে এনেবোৰ অকমন্য বিষয়া কৰ্মচাৰীৰ।

পৰিণতিত মহকুমাটোৰ গ্ৰামাঞ্চলৰ বহু সংখ্যক মূল্যবান গছ বিৰিখ এফালৰ পৰা তহিলং হৈ যোৱা দৃষ্টিগোচৰ হৈছে । প্ৰকৃতি প্ৰেমীৰ প্ৰয়াস আৰু প্ৰাকৃতিকভাবে চিৰ সেউজ ঢকুৱাখনাৰ এনে বনাঞ্চল উৎখাত অভিযান ৰোধৰ ক্ষেত্ৰত ব্যৰ্থ বন বিভাগৰ এনে হঠকাৰী ভূমিকাত অতিষ্ঠ ৰাইজ, প্ৰকৃতি সংগঠনে অনাগত সময়ত এনে চোৰাং ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ নিজাববীয়াকৈ গ্ৰহণ কৰাৰ বাবে টঙালি বান্ধিছে।

ঢকুৱাখনাত বন বিভাগৰ জ্ঞাতসাৰে বনজ সম্পদৰ চোৰাং বেহা...
মহিলা, শিশু, যুৱতীৰ বাবে ভাল খবৰ! বাজেটত স্থান মুখ্যমন্ত্রী নিযুত মইনাৰ পৰা মুখ্যমন্ত্রী মহিলা উদ্যমিত অভিযানলৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in