নীতিশ কুমাৰৰ নেতৃত্বত গঠন হ’বলগীয়া মহাজোঁটত থাকিব AIUDF...

অসমত এ আই ইউ ডি এফৰে মিত্ৰতাৰ প্ৰসংগক বাৰে বাৰে প্ৰত্যাখ্যান কৰিছে অসম প্ৰদেশ কংগ্ৰেছে । এ আই ইউ ডি এফে বিজেপিৰে গোপনে মিত্ৰতা কৰি কংগ্ৰেছক শলঠেকত পেলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই মিত্ৰতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰদেশ কংগ্ৰেছে

author-image
Asomiya Pratidin
New Update
নীতিশ কুমাৰৰ নেতৃত্বত গঠন হ’বলগীয়া মহাজোঁটত থাকিব AIUDF...

ডিজিটেল ডেস্কঃ অসমত এ আই ইউ ডি এফৰে মিত্ৰতাৰ প্ৰসংগক বাৰে বাৰে প্ৰত্যাখ্যান কৰিছে অসম প্ৰদেশ কংগ্ৰেছে । এ আই ইউ ডি এফে বিজেপিৰে গোপনে মিত্ৰতা কৰি কংগ্ৰেছক শলঠেকত পেলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই মিত্ৰতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰদেশ কংগ্ৰেছে।

Advertisment

পিছে কংগ্ৰেছে এইবাৰ মিত্ৰতা নকৰাৰ স্থিতি স্পষ্ট কৰিলেও ৰাজনীতিৰ পথাৰত অতিকে পাকৈত এআই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল ।

শুকুৰবাৰে আজমল বাহিনীৰ নেতৃত্বত যোৱা এটা দলে পাটনাত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰাৰ ঘটনাই যেন ইয়াৰেই এক ইংগিত বহন কৰিছে ।

আজিৰ দিনটোত আজমলে সতীৰ্থসহ নিতীশ কুমাৰক লগ কৰি মহাজোঁট বন্ধনত চামিলৰ পৰিকল্পনা কৰিছে । উদ্দেশ্য হৈছে বিজেপিক প্ৰতিহত কৰিবলৈ বিৰোধী ঐক্যবদ্ধ হোৱা ।

উদ্দেশ্য যিয়েই নহওক এ আই ডি এফে মহাজোঁটত চামিলৰ উদ্দেশ্যক কিন্তু ৰাজনৈতিক বিশ্লষকসকলে এক অন্য দৃষ্টি কোণৰ পৰা চাইছে ।

ৰাজ্যত কোনোপধ্যেই মিত্ৰতাৰ নকৰো বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বাৰম্বাৰ ঘোষণাৰ পিছতে এ আই ইউ ডি এফৰ এনে সিদ্ধান্তক কংগ্ৰেছেৰে কাষ চপাৰ এক ৰণ কৌশল বুলিও অভিহিত কৰিব খুজিছে ৰাজনৈতিক বিশ্লেষক সকলে ।

অসমৰ পৰা যোৱা প্ৰতিনিধিৰ দলটোৱে আজি পাটনাত সাক্ষাৎ কৰে বিহাৰৰ মুখ্য়মন্ত্ৰীগৰাকীক । দলটোত আছিল কৰিমউদ্দিন বৰভূঞা, আমিনুল ইছলাম, নজৰুল হক ।

প্ৰতিনিধি দলটোৱে নীতিশ কুমাৰৰ পৰা মহাজোঁটত চামিলৰ ক্ষেত্রত সঁহাৰি পোৱা বুলিও দাবী কৰিছে ।

এ আই ডি এফে মিত্ৰজোঁটত অংশীদাৰ হোৱাৰ বিষয়টো সংবাদ মাধ্যমযোগে প্ৰচাৰ হোৱাৰ পিছতেই মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে এইটো এটা বিশ্বাসঘাটক দল, আৰুি বিজেপিৰ কোনো এজেন্টৰ সৈতে আমি মিত্ৰতা নকৰো ।

Also Read: বাকচ ভৰ্তি ড্ৰাগছসহ আটক সৰবৰাহকাৰী...

congress aiudf