বাকচ ভৰ্তি ড্ৰাগছসহ আটক সৰবৰাহকাৰী...

নগাঁও আৰক্ষীয়ে জিলা খনত ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে । অৱশ্যে নিত্য নতুন কৌশলৰে ড্ৰাগছ সৰবৰাহকাৰী সকলে জিলা খনত ড্ৰাগছৰ বেহা চলাই থকাত আৰক্ষীয়েও অভিযানত সম্পূৰ্ণ সফল হ'ব পৰা নাই ।

author-image
Asomiya Pratidin
New Update
বাকচ ভৰ্তি ড্ৰাগছসহ আটক সৰবৰাহকাৰী...

ডিজিটেল সংবাদ , নগাঁও: নগাঁও আৰক্ষীয়ে জিলা খনত ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে । অৱশ্যে নিত্য নতুন কৌশলৰে ড্ৰাগছ সৰবৰাহকাৰী সকলে জিলা খনত ড্ৰাগছৰ বেহা চলাই থকাত আৰক্ষীয়েও অভিযানত সম্পূৰ্ণ সফল হ'ব পৰা নাই ।

Advertisment

ইয়াৰ মাজতে নগাঁও আৰক্ষীৰ জালত পৰিল পুনৰ এজন ড্ৰাগছ সৰবৰাহকাৰী । ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম আছিকুল ইছলাম(২৫) ।

নগাঁও চহৰৰ হয়বৰগাওঁ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই চহৰখনৰ শিমলুগুৰিৰ পৰা কৰায়ত্ত কৰে ড্ৰাগছ সৰবৰাহকাৰীজনক।

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী জনৰ পৰা তিনিটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। বৰ্তমান আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী আছিকুল ইছলামক জেৰা অব্যাহত ৰাখিছে।

Also Read: কাজলগাঁৱত জিলা বিপিএফৰ দলীয় সভা...

drugs seized sumggler arrest