'ইণ্ডিয়া'ক এৰি বিজেপিৰ সহযোগত নীতিশ কুমাৰৰ নতুন চৰকাৰ

'ইণ্ডিয়া'ক এৰি বিজেপিৰ সহযোগত নীতিশ কুমাৰৰ নতুন চৰকাৰ

ডিজিটেল ডেস্কঃ সলনি হ'ব পাৰে বিহাৰৰ ৰাজনীতিৰ দৃশ্যপট। কংগ্ৰেছক বিশ্বাসঘাটকতা কৰি বিহাৰত পুনৰ নীতিশ কুমাৰে গঠন কৰিব পাৰে নতুন চৰকাৰ। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু আৰজেডি নেতা লালু প্ৰসাদ যাদৱৰ মাজত হোৱা সংঘাতৰ পাছতেই এই সিদ্ধান্ত লোৱাৰ দিশে জেডেইউি দলৰ নেতা তথা মুখ্যমন্ত্ৰী নীতিশ কুমাৰ।

সূত্ৰ অনুসৰি জানিব পৰা মতে নীতিশ কুমাৰে পুনৰ বিজেপিৰ লগত লগ হৈ চৰকাৰ গঠন কৰিব পাৰে। ইতিমধ্যে ৰবিবাৰৰ পূৰ্বৰ নীতিশ কুমাৰে সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰিছে।

নীতিশ কুমাৰ অহা বছৰৰ বিধানসভা নিৰ্বাচনলৈকে মুখ্যমন্ত্ৰী হৈ থাকিব। খবৰ অনুসৰি বিজেপি -জেডিইউয়ে যোৱাবাৰৰ দৰে একেলগে লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। অহা দুই-তিনি দিনৰ ভিতৰত আসন আৰু অন্যান্য বিষয়ৰ সংখ্যা স্পষ্ট হ'ব। বিহাৰত গঠন হ'বলগীয়া নতুন চৰকাৰখনত মন্ত্ৰালয়ৰ বিতৰণো পূৰ্বৰ বিজেপি-জেডিইউ চৰকাৰৰ দৰে একে হোৱাৰ সম্ভাৱনা আছে।

আৰজেডি আৰু জেডিইউৰ সম্পৰ্কৰ মাজত যে ফাট মেলিছে সেয়া আজিৰ ২৬ জানুৱাৰীৰ কাৰ্যক্ৰমতো প্ৰতিফলিত হৈছে। পাটনাত গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ সময়ত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱক ইজনে সিজনৰ পৰা নিজকে আঁতৰাই ৰখা দেখা গৈছিল। আনকি ফটো লোৱাৰ সময়তো দুয়ো আঁতৰা আঁতৰিকৈ বহি থকা দেখা যায়।

উল্লেখ্য যে, কিছুদিন পৰা লালু প্ৰসাদ যাদৱ আৰু নীতিশ কুমাৰৰ মাজত বিবাদ আৰম্ভ হৈছিল। নীতিশ কুমাৰে পৰিবাৰবাদৰ ওপৰত মন্তব্য কৰিছিল। ইয়াৰ পাছতে এতিয়া স্পষ্ট হৈ পৰিছে যে ইণ্ডিয়া বিৰোধী মৰ্চাৰ সৈতেও মিত্ৰতা ভংগ কৰাৰ দিশে নীতিশ কুমাৰ। বিৰোধী মৰ্চাৰ লগত আগৰ পৰাই সম্পৰ্ক ভাল নাছিল।

গতিকে এতিয়া কেৱল আনুষ্ঠানিক হোৱাৰ দিশত। মমতা বেনাৰ্জী, আপৰ পাছত এইবাৰ যেন নীতিশ কুমাৰ এৰিব বিৰোধী মৰ্চা। সম্ভৱত কেইটামান দিনৰ ভিতৰতে বিজেপিৰ সহযোগত গঠন কৰিব নতুন চৰকাৰ।

মন কৰিবলগীয়া যে নীতিশ কুমাৰৰ বাবে বিশ্বাসঘাটকতা ডাঙৰ কথা নহয়। বিজেপিৰ সৈতে কিছুদিন পূৰ্বে মিত্ৰতা ভংগ কৰিছিল নীতিশ কুমাৰে । এতিয়া পুনৰ বিজেপিৰ হাতত লৈয়ে শাসনৰ বাঘজৰী ধৰি ৰখাৰ দিশে আগবাঢ়িছে নীতিশ কুমাৰ।

'ইণ্ডিয়া'ক এৰি বিজেপিৰ সহযোগত নীতিশ কুমাৰৰ নতুন চৰকাৰ
হিমন্ত বিশ্ব শৰ্মালৈ কৰ্ণাটক কংগ্ৰেছৰ বিমানৰ টিকট প্ৰেৰণঃ NIMHANS ত কৰিব হেনো মানসিক চিকিৎসা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in