হিমন্ত বিশ্ব শৰ্মালৈ কৰ্ণাটক কংগ্ৰেছৰ বিমানৰ টিকট প্ৰেৰণঃ NIMHANS ত কৰিব হেনো মানসিক চিকিৎসা

হিমন্ত বিশ্ব শৰ্মালৈ কৰ্ণাটক কংগ্ৰেছৰ বিমানৰ টিকত প্ৰেৰণঃ NIMHANS ত কৰিব হেনো মানসিক চিকিৎসা
হিমন্ত বিশ্ব শৰ্মালৈ কৰ্ণাটক কংগ্ৰেছৰ বিমানৰ টিকত প্ৰেৰণঃ NIMHANS ত কৰিব হেনো মানসিক চিকিৎসা

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মানসিক চিকিৎসাৰ ব্যৱস্থা কৰিছে কৰ্ণাটক কংগ্ৰেছে। সেয়ে হিমন্ত বিশ্ব শৰ্মাক বেংগালুৰুলৈ যোৱাৰ ব্যৱস্থা কৰি বিমানৰ টিকতৰো ব্যৱস্থা কৰি দিছে।

কৰ্ণাটক কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাৰ নামত গুৱাহাটীৰ পৰা বেংগালুৰুলৈ যাবলৈ ২৫ ডিচেম্বৰত এটা ইণ্ডিগো'ৰ টিকত কাটি প্ৰেৰণ কৰিছে। দৰাচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক সমালোচনা কৰিবলৈ গৈ এই যাত্ৰাত অংশগ্ৰহণ কৰা ব্যক্তিজন ৰাহুল গান্ধীৰ Body Double বুলি উল্লেখ কৰিছিল।

২৫ ডিচেম্বৰত এক সংবাদ মেলৰ জৰিয়তে তেওঁ এটা সংবাদ প্ৰতিষ্ঠানৰ বাতৰিৰ উদ্ধৃতিৰে তেওঁ কৈছিল ভাৰত জোড়ো ন্যায় যাত্ৰাত বাছৰ ওপৰত যিজন ব্যক্তি আছে সেইজন ৰাহুল গান্ধী নহয়। সেয়া ৰাহুল গান্ধীৰ Body Double হে। প্ৰকৃত ৰাহুল গান্ধীজন বাছখনৰ ভিতৰৰ এটা পৃথক কোঠাতহে থাকে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদ মেলৰ জৰিয়তে এই কথা উল্লেখ কৰাৰ পাছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে তেওঁক মানসিক চিকিৎসাৰ পৰামৰ্শ আগবঢ়ায়। সমান্তৰালকৈ কংগ্ৰেছ দলটোৰ আন আন নেতাসকলেও মুখ্যমন্ত্ৰীক মানসিক ৰোগী আখ্যা দিয়ে।

তাৰ মাজতে কৰ্ণাটক কংগ্ৰেছে বেংগালুৰুৰ বিখ্যাত National Institute of Mental Health and Sciences ত হিমন্ত বিশ্ব শৰ্মাৰ নামত এখন বিচনা সংৰক্ষণ কৰি তেওঁলৈ এটা বিমানৰ টিকট প্ৰেৰণ কৰিছে। অৱশ্যে এতিয়ালৈকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰ্ণাটক কংগ্ৰেছৰ এনে পদক্ষেপক কিদৰে লৈছে বা ইয়াৰ প্ৰত্যুত্তৰ কিদৰে দিছে সেই বিষয়ে জানিব পৰা হোৱা নাই।

হিমন্ত বিশ্ব শৰ্মালৈ কৰ্ণাটক কংগ্ৰেছৰ বিমানৰ টিকত প্ৰেৰণঃ NIMHANS ত কৰিব হেনো মানসিক চিকিৎসা
গহপুৰৰ কেন্দ্ৰীয় গণৰাজ্য দিৱসত সাংবাদিকৰ প্ৰৱেশত বাধা আৰক্ষীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in