নীতিশ কুমাৰ হ'ব নেকি মোডীৰ বিকল্প ? সভাপতিৰ দায়িত্বৰ সৈতে দলৰ সকলো কৰ্তৃত্ব লাভ...

নীতিশ কুমাৰ হ'ব নেকি মোডীৰ বিকল্প ? সভাপতিৰ দায়িত্বৰ সৈতে দলৰ সকলো কৰ্তৃত্ব লাভ...

author-image
Asomiya Pratidin
New Update
নীতিশ কুমাৰ হ'ব নেকি মোডীৰ বিকল্প ? সভাপতিৰ দায়িত্বৰ সৈতে দলৰ সকলো কৰ্তৃত্ব লাভ...

নীতিশ কুমাৰ হ'ব নেকি মোডীৰ বিকল্প ? সভাপতিৰ দায়িত্বৰ সৈতে দলৰ সকলো কৰ্তৃত্ব লাভ...

ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিত চৰ্চাৰ শীৰ্ষত থকা বিহাৰৰ জে ডি ইউত বৃহৎ পৰিৱৰ্তন। দলটোৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিঙে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ পৰা পদত্যাগ কৰিছে। ইয়াৰ বিপৰীতে সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছে নীতিশ কুমাৰে

Advertisment

উল্লেখ্য যে, ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পাছতে ২০২৫ ত বিহাৰত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। এনে সময়ত দলটোৰ নেতৃত্ব পৰিৱৰ্তনৰ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। চৰ্চা অনুসৰি লালন সিঙক পদত্যাগ কৰিবলৈ বাধ্য কৰালে নীতিশ কুমাৰে।

লোকসভা নির্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছেৰে আসন ভাগ-বাটোৱাৰাৰ পূৰ্বে নীতিশ কুমাৰ দলটোৰ সৰ্বময় কর্তা হোৱাৰ লগে লগে ৰাজনৈতিক মহলত বাৰুকৈয়ে প্রতিক্রিয়াৰ সৃষ্টি হৈছে। বিজেপিয়ে নীতিশৰ দলৰ এই কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।

উল্লেখ্য যে দিল্লীত অনুষ্ঠিত হোৱা দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত লালন সিঙে পদত্যাগ কৰাৰ লগতে তেওঁ নিজেই দলটোৰ সভাপতি হিচাপে নীতিশ কুমাৰৰ নাম সভাপতি হিচাপে প্রস্তাৱ কৰে। সেই অনুসৰিয়েই তেওঁ দলৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে।

ইফালে চৰ্চা অনুসৰি নীতিশ কুমাৰ আৰু সদ্য প্ৰাক্তন সভাপতি লালন সিঙৰ মাজত বিগত কিছু দিনৰ পৰা একাধিক বিষয়ত মতানৈক্যৰ সৃষ্টি হৈছিল। যাৰ বাবে তেওঁক সভাপতি পদৰ পৰা অপসাৰণৰ উদ্যোগ লৈছিল নীতিশ কুমাৰে।

ইফালে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰকে বিৰোধী ইণ্ডিয়া মৰ্চাৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপেও এটা শ্রেণীয়ে প্রক্ষেপ কৰিছে। ৰাষ্ট্ৰীয় কার্যনির্বাহকত বাৰে বাৰে শ্ল'গান উচ্চাৰিত হয়- 'দেশ কা প্রধানমন্ত্রী কেইচা হো, নীতিশ কুমাৰ জেইচা হো'।

এই বৈঠকতে নীতিশ কুমাৰক লোকসভা নিৰ্বাচন আৰু দলটোৰ সাংগঠনিক দিশৰ সকলো সিদ্ধান্ত গ্ৰহণৰ বাবে কৰ্তৃত্ব প্ৰদান কৰা হৈছে। দলটোৰ সকলো ক্ষমতা, মিত্ৰতাক লৈ সিদ্ধান্ত আদি বোৰৰ বিষয়ত তেওঁ সিদ্ধান্ত ল'ব পাৰিব। আসন ভাগ-বতৰা, প্ৰাৰ্থী নিৰ্বাচন আদিৰ ক্ষেত্ৰতো তেওঁ নিজেই ল'ব পাৰিব সিদ্ধান্ত।

Also Read: ১,০৮,৫০০ গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰা...

নীতিশ কুমাৰ বিহাৰ