গহপুৰৰ পূূব ৰতনপুৰত চুৰিকাণ্ডঃ ৬০ হাজাৰ টকা লৈ উধাও চোৰ

গহপুৰৰ পূূব ৰতনপুৰত চুৰিকাণ্ডঃ ৬০ হাজাৰ টকা লৈ উধাও চোৰ

author-image
Asomiya Pratidin
New Update
গহপুৰৰ পূূব ৰতনপুৰত চুৰিকাণ্ডঃ ৬০ হাজাৰ টকা লৈ উধাও চোৰ

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰৰ পূূব ৰতনপুৰত নিশা সংঘটিত হয় এক চুৰিকাণ্ডৰ ঘটনা। নগদ ৬০হাজাৰ‌ টকাৰ লগতে ৰন্ধন গেছৰ‌ চিলিণ্ডাৰ লৈ উধাও হয় চোৰ। গহপুৰৰ হাৱাজান আৰক্ষী চকীৰ অন্তৰ্গত আলুপাৰাৰ পূব ৰতনপুৰৰ‌ বাবা সন্দিকৈ ঘৰত সংঘটিত হয়‌ এই চুৰিকাণ্ড।

কৰ্মস্থানৰ পৰা‌ নিশা উভতি গৈ‌‌ দেখে ঘৰত সামগ্ৰী চোৰে‌ লণ্ড-ভণ্ড কৰাৰ দৃশ্য। গাড়ীৰ ঋণ পৰিশোধ কৰাৰ লগতে সন্তানৰ হোষ্টেলৰ খৰচ‌ বহন কৰিবলৈ টকাখিনি জমা কৰাৰ কথা অৱগত কৰিছে গৃহস্থই। দোকান‌ দি কোনোমতে পেটে-ভাতে খাই থকা পৰিয়ালটোৱে‌ বহু কষ্টৰে উক্ত টকাখিনি গোটাইছিল‌। চুৰিকাণ্ডৰ পাছতেই চিন্তাত পৰিছে পৰিয়ালটো।

Also Read: ভাৰত-ভূটান সীমান্তত আবকাৰী বিভাগৰ অভিযানঃ জব্দ ১০ লক্ষাধিক টকাৰ সুৰা, আটক

Assam police