নীতি আয়োগৰ অষ্টম পৰিচালনা পৰিষদৰ বৈঠক: সভাপতিত্ব প্ৰধানমন্ত্ৰী মোডীৰ...

প্ৰধানমন্ত্ৰী মোডীয়ে আজি অষ্টম নীতি পৰিচালনা পৰিষদৰ বৈঠকত সভাপতিত্ব কৰে...
নীতি আয়োগৰ অষ্টম পৰিচালনা পৰিষদৰ বৈঠক: সভাপতিত্ব প্ৰধানমন্ত্ৰী মোডীৰ...

ডিজিটেল ডেস্ক : নতুন দিল্লীৰ প্ৰগতি ময়দানৰ নতুন সন্মিলন কেন্দ্ৰত 'বিকশিত ভাৰত @২০৪৭: টীম ইণ্ডিয়াৰ ভূমিকা' শীৰ্ষক বিষয়বস্তুৰে শনিবাৰে নীতি আয়োগৰ অষ্টম পৰিচালনা পৰিষদৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

নীতি আয়োগৰ অধ্যক্ষ হিচাপে প্ৰধানমন্ত্ৰী মোডীয়ে সভাপতিত্ব কৰা বৈঠকত ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে স্বাস্থ্য, দক্ষতা বিকাশ, মহিলা সৱলীকৰণ আৰু আন্তঃগাঁথনি উন্নয়ন সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰে।

আজিৰ দিনজোৰা বৈঠকত আঠটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰাৰ কথা প্ৰকাশ কৰে নীতি আয়োগে। যাৰ ভিতৰত আছে, বিকশিত ভাৰত@২০৪৭, এমএছএমই ওপৰত আলোচনা, আন্তঃগাঁথনি আৰু বিনিয়োগ, মহিলা সৱলীকৰণ, স্বাস্থ্য আৰু পুষ্টি বিষয়ক আলোচনা, দক্ষতা বিকাশ, অঞ্চল উন্নয়ন আৰু সামাজিক আন্তঃগাঁথনিৰ ওপৰত আলোচনা আদি।

উক্ত বৈঠকত কেইবাখনো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী তথা নীতি আয়োগৰ উপাধ্যক্ষ আৰু সদস্যই অংশগ্ৰহণ কৰে। উল্লেখ্য যে, অষ্টম পৰিচালনা পৰিষদৰ বৈঠকৰ প্ৰস্তুতিমূলক প্ৰস্তাৱ হিচাপে দ্বিতীয় মুখ্য সচিব সন্মিলন চলিত বৰ্ষৰ জানুৱাৰীত অনুষ্ঠিত হৈছিল। য'ত উক্ত বিষয়বোৰৰ ওপৰত বিশদভাবে আলোচনা কৰা হয়।

আনহাতে অষ্টম পৰিচালনা পৰিষদৰ বৈঠকত ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ বাবে এক ৰোডমেপ প্ৰস্তুত কৰাৰ কথা উল্লেখ কৰে। য'ত কেন্দ্ৰ আৰু ৰাজ্যসমূহে টীম ইণ্ডিয়া হিচাপে একেলগে কাম কৰিব লাগিব। এই সিদ্ধান্তই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে নীতি আয়োগে। লগতে ভাৰতৰ আৰ্থসামাজিক বিকাশ আৰু পৰিৱৰ্তনে বিশ্বৰ ওপৰত এক ইতিবাচক গুণক প্ৰভাৱ পেলাব বুলিও নীতি আয়োগে অৱগত কৰাৰ পৰিলক্ষিত হয়।

নীতি আয়োগৰ অষ্টম পৰিচালনা পৰিষদৰ বৈঠক: সভাপতিত্ব প্ৰধানমন্ত্ৰী মোডীৰ...
টিহু জাতীয় বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ: প্ৰদৰ্শনীমূলক সংসদ উপস্থাপন ছাত্ৰ-ছাত্ৰীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in