টিহু জাতীয় বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ: প্ৰদৰ্শনীমূলক সংসদ উপস্থাপন ছাত্ৰ-ছাত্ৰীৰ...

নলবাৰী জিলাৰ টিহুস্থিত জাতীয় বিদ্যালয়ত ২৭ মে’ত আয়োজন কৰা হয় প্ৰদৰ্শনমূলক সংসদৰ।

author-image
Asomiya Pratidin
New Update
টিহু জাতীয় বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ: প্ৰদৰ্শনীমূলক সংসদ উপস্থাপন ছাত্ৰ-ছাত্ৰীৰ...

ডিজিটেল সংবাদ, নলবাৰী : নলবাৰী জিলাৰ টিহুস্থিত জাতীয় বিদ্যালয়ত শিক্ষাৰ্থীসকলে যাতে যুক্তিৰে নিজৰ প্ৰত্যুৎপন্নমতিতা প্ৰকাশৰ লগতে যিকোনো পৰিস্থিতিত বক্তৃতা দিবলৈ সাহস গোটাব পাৰে সেই উদ্দেশ্যেৰে টিহুৰ জাতীয় বিদ্যালয়ত ২৭ মে’ত আয়োজন কৰা হয় প্ৰদৰ্শনমূলক সংসদৰ। বিদ্যালয়খনৰ প্ৰধান শিক্ষক ধৰণী ডেকাই মুকলি কৰে এই অনুষ্ঠান।

Advertisment

৬ষ্ঠ, ৭ম আৰু ৮ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে ‘মোবাইল ফোনৰ ব্যৱহাৰে শিক্ষাৰ্থীৰ অধ্যয়নত বাধাৰ সৃষ্টি কৰিছে’ শীৰ্ষক নিৰ্দিষ্ট বিষয়ত সাংসদ হিচাপে ভাগ লোৱা শিক্ষাৰ্থী ক্ৰমে বিতোপন দাস, অনুৰাগ প্ৰৱীৰ ডেকা, তন্ময় দাস, ধৃমান শৰ্মা, গৌৰৱজ্যোতি শৰ্মা, ভায়োলিনা হালৈ, সৃষ্টিশিখা কলিতা, জ্যোতিষ্ময় বেজবৰুৱা, মানসপ্ৰতিম কলিতা, বৰ্ণিল মেধি, কৃতিৰাজ কলিতা, মাধুৰ্য ডেকা, প্ৰিয়তম পাঠক, ৰুমী হুজুৰী, জোন কলিতা, কুঞ্জৰ শৰ্মা, জুমনজিৎ শৰ্মা, অনন্যা ডেকা, দিশান্ত শৰ্মা আৰু অনলদীপ বৰ্মন। এইসকল ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ যুক্তি প্ৰদৰ্শন কৰে উক্ত অনুষ্ঠানত।

আকৌ ৯ম আৰু ১০ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে ‘বিজ্ঞান মানৱ সমাজৰ আশীৰ্বাদস্বৰূপ’ শীৰ্ষক নিৰ্দিষ্ট বিষয়ত বিদ্যাৰ্থী ক্ৰমে মৃগাংক শৰ্মা, অসীম বৈশ্য, গীতাৰ্থ বড়ো, নীহাৰিকা দাস, দেৱাশিস কলিতা, হিয়া শৰ্মা, নীহাৰিকা দেৱী, মনীষা হুজুৰী, ৰিচা শৰ্মা, অংশুমান শৰ্মা, চানদীপ কলিতা, অৰ্ণৱ কুমাৰ হালৈ, কৃতিষ্মিতা মেধি, নেহা দাস, জ্যোতিষ্মিতা বৰ্মন আৰু সৌৰভ ডেকাই সাংসদ হিচাপে ভাগ লৈ নিৰ্দিষ্ট বিষয়ত সপক্ষে আৰু বিপক্ষে যুক্তি প্ৰদৰ্শন কৰে।

বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে দীপাঞ্জলি পাঠক, নিৰঞ্জন দত্ত, ভাস্বতী দাস, অনুপম বৰ্মন, ৰীতা গেস্বামী, মণিমালা দেৱী, পাৰুল গোস্বামী, ভণিতা লহকৰ, ডিকুমণি কলিতা, লিপিকা ডেকা, চন্দামিতা কলিতা, নীলাক্ষি গোস্বামী আৰু জাহ্নৱী শৰ্মাই অনুষ্ঠান সম্পাদনত বিশেষ ব্যৱস্থা গ্ৰহণ কৰে।

Also Read: অইল ইণ্ডিয়াৰ গাফিলতি: টিংৰাই চাৰিআলিত হোৰাহোৰে নিৰ্গমন হৈছে খাৰুৱা তেল...

education department of assam