পত্নীক অকথ্য নিৰ্যাতনৰ অভিযোগ আৰক্ষী বিষয়াৰ বিৰুদ্ধে

পত্নীক অকথ্য নিৰ্যাতনৰ অভিযোগ আৰক্ষী বিষয়াৰ বিৰুদ্ধে

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ আঙুলি উঠিছে খাকী পোছাকধাৰীৰ বিৰুদ্ধে । এজন খাকী পোছাকধাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে নাৰী নিৰ্যাতনৰ অভিযোগ । যৌতুক বিচাৰি পত্নীক নিৰ্যাতন চলোৱাৰ লগতে প্ৰাণে মাৰাৰ চেষ্টা চলোৱাৰ অভিযোগ অসম আৰক্ষীৰ একাদশ বেটেলিয়ানত কৰ্মৰত জোৱান ৰূপজ্যোতি হাজৰিকাৰ বিৰুদ্ধে ।

দেৰগাঁৱৰ একাদশ অসম বেটেলিয়ানত কৰ্মৰত ৰূপজ্যোতি হাজৰিকা নামৰ জোৱানজনে কামপুৰ ধিং গাঁৱৰ এগৰাকী যুৱতীক প্ৰেমসূত্ৰে পলুৱাই নিছিল । প্ৰথমে সকলো ঠিকেই আছিল যদিও পাছত সুৰাপান কৰি আহি পত্নীক যৌতুক বিচাৰি অকথ্য নিৰ্যাতন চলোৱাৰ লগতে হত্যা কৰাৰো চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

স্বামীৰূপী আৰক্ষীৰ অত্যাচাৰ সহিব নোৱাৰি মহিলা গৰাকীৰ মাতৃগৃহৰ লোকে দেৰগাঁও আৰক্ষীৰ সহযোগত তেওঁক উদ্ধাৰ কৰি কামপুৰৰ ঘৰলৈ লৈ আনে । এতিয়া যুৱতীগৰাকীৰ লগতে পৰিয়ালৰলোকে ন্যায়ৰ দাবী কৰিছে।

পত্নীক অকথ্য নিৰ্যাতনৰ অভিযোগ আৰক্ষী বিষয়াৰ বিৰুদ্ধে
দৰঙ জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰায় ১০০ কোটিৰ কেলেংকাৰী!

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in