মৃতদেহ ভৰাই থ'লে ফ্ৰীজত! কিয়, কেনেকৈ চাহিলে হত্যা কৰিলে প্ৰেমিকা নিকিক..

দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ এক হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। প্ৰেমিকে হত্যা কৰিলে প্ৰেমিকাক।

author-image
Asomiya Pratidin
New Update
মৃতদেহ ভৰাই থ'লে ফ্ৰীজত! কিয়, কেনেকৈ চাহিলে হত্যা কৰিলে প্ৰেমিকা নিকিক..

ডিজিটেল ডেস্ক: দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ এক হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। প্ৰেমিকে হত্যা কৰিলে প্ৰেমিকাক।

Advertisment

১০ ফেব্ৰুৱাৰীৰ পুৱতি নিশা নিকি যাদৱক হত্যা কৰিছিল প্ৰেমিকে চাহিল গেহলটে। ৯ ফেব্ৰুৱাৰীৰ নিকিয়ে বাসগৃহত প্ৰৱেশ কৰা দৃশ্য চিচিটিভিত আৱদ্ধ হৈছে। এই ফুটেজ ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তাৰ কিছু সময় পাছতেই হত্যা কৰা হৈছিল নিকিক।

চাহিল আৰু নিকি ২০১৮ চনৰ পৰাই এজনে আনজনক জানিছিল। আৰু লকডাউনৰ আগৰ পৰাই তেওঁলোক একেলগে বাস কৰিছিল। চাহিলৰ ঘৰত নিকিৰ বিষয়ে জনোৱা নাছিল, যাৰ বাবে চাহিলৰ পৰিয়ালে অন্য এগৰাকী যুৱতীৰ সৈতে চাহিলৰ বিয়া ঠিক কৰিছিল।

চাহিলে নিজৰ বিয়াৰ বিষয়ে নিকিক জনোৱা নাছিল আৰু একেলগে বাস কৰিয়েই আছিল। কিন্তু যেতিয়া অইন কাৰোবাৰ পৰা বিয়া সম্পৰ্কে জানিব পাৰিছিল তেতিয়া দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। সেই সময়ত চাহিল ঘৰতেই আছিল। কিন্তু নিকিয়ে লগ কৰিবলৈ জোৰ কৰাত চাহিল আহিছিল। নিকিৰ লগতে তেতিয়া ভনীয়েকো আছিল।

তাৰ কিছু সময় পাছতেই নিশা প্ৰায় ১১ বজাত দুয়ো ঘৰৰ পৰা ওলাই কাশ্মীৰে গেটলৈ গৈছিল। গাড়ীৰ ভিতৰত প্ৰায় ১ ঘন্টা ধৰি কাজিয়াত লিপ্ত হোৱাৰ পাছত প্ৰেমিকে নিকিক ডাট কেবলেৰে শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল।

আৰক্ষীয় জনাই যে প্ৰথম অৱস্থাত চাহিলে ভয় খাইছিল আৰু ঘূৰি ফুৰিছিল। পুৱতি নিশা ৪-৫ বজাত চাহিলে বাবা হৰিদাস নগৰ অঞ্চলৰ মিত্ৰু গাঁৱত থকা তেওঁৰ ধাবালৈ লৈ গৈ মৃতদেহ এটা ফ্ৰীজত ভৰাই ৰাখিছিল। তাৰ কিছু সময় পাছতেই চাহিলে অন্য এগৰাকী যুৱতীৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল।

আৰক্ষীয়ে ইতিমধ্যে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা সকলো সামগ্ৰী জব্দ কৰিছে। মঙলবাৰে এই সমগ্ৰ ঘটনা পোহৰলৈ আহে। নিকিৰ ভনীয়েকৰ কোনো সন্দেহ হোৱা নাছিল কিয়নো ভাৱিছিল চাহিল আৰু নিকিয়ে গোৱালৈ ফুৰব গৈছে।

আৰু পঢ়ক: হত্যাৰ অভিযুক্ত জানু মিঞাক গ্ৰেপ্তাৰ আৰক্ষীৰ

crime delhi