হত্যাৰ অভিযুক্ত জানু মিঞাক গ্ৰেপ্তাৰ আৰক্ষীৰ

মানকাচৰৰ কাকৰিপাৰাত হত্যাৰ অভিযুক্ত জনক জানু মিয়া (৩৮)ক গ্ৰেপ্তাৰ। কাকৰিপাৰা বজাৰৰ পিছফালে জুৱা খেলি থকা অৱস্থাত আৰক্ষীয়ে গোপুন সুত্ৰৰ পম খেদি গ্ৰেপ্তাৰ কৰে অভিযুক্তক।

author-image
Asomiya Pratidin
New Update
হত্যাৰ অভিযুক্ত জানু মিঞাক গ্ৰেপ্তাৰ আৰক্ষীৰ

ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰৰ কাকৰিপাৰাত হত্যাৰ অভিযুক্ত জনক জানু মিয়া (৩৮)ক গ্ৰেপ্তাৰ। কাকৰিপাৰা বজাৰৰ পিছফালে জুৱা খেলি থকা অৱস্থাত আৰক্ষীয়ে গোপুন সুত্ৰৰ পম খেদি গ্ৰেপ্তাৰ কৰে অভিযুক্তক।

২০ জানুৱাৰীত কাকৰিপাৰাৰ ভাৰত-বাংলাদেশ সীমান্তত নুৰ নবী নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল। যুৱকজন প্ৰায় তিনি মাহ ধৰি নিখোজ হৈ থকাৰ পাছত মৃতদেহ উদ্ধাৰ হৈছিল।

তাৰ পাছতেই জানু মিয়া সহ কেবাজনো লোকৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালে এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহাৰৰ ভিত্তিতে এগৰাকী গাওঁৰক্ষী বাহিনীৰ সচিবক আৰক্ষীয়ে ইতিমধ্য গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।

আজি জানু মিয়াক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে। অধিক তদন্তৰ বাবে আদালতে ৫ দিনৰ বাবে পুনৰ আৰক্ষীৰ জিম্মাদ দিয়ে । জানু মিয়াও গাওঁৰক্ষী বাহিনীৰ সদস্য বুলি জানিব পৰা গৈছে।

আৰু পঢ়ক: আই আই টি ছাত্ৰৰ আত্মহনন! জাতিৰ বাবে বন্ধুবৰ্গই কৰিছিল বহিষ্কাৰ...

crime Assam police