৪৫০ মহিলা শ্ৰমিকলৈ বাইচাইকেল প্ৰদান গ্ৰীণপীচ ইণ্ডিয়াৰ

৪৫০ মহিলা শ্ৰমিকলৈ বাইচাইকেল প্ৰদান গ্ৰীণপীচ ইণ্ডিয়াৰ

ডিজিটেল ডেস্ক : তৃতীয় বিশ্বৰ উন্নয়ণশীল ৰাষ্ট্ৰ ভাৰতত শ্ৰেণী বিভাজনৰ মাত্ৰা বৰ্তমানো স্পষ্ট । দৈনিক মজুৰিৰ আধাৰত শ্ৰমদান কৰি অহা শ্ৰমিকশ্ৰেণীৰ লোকসকলৰ বাবে চৰকাৰে সময়ে সময়ে বিভিন্ন আচনি ৰূপায়ন কৰি আহিছে যদিও কেৱল সেই আচনিৰ সহায়তেই শ্ৰমিকসকলক সকলো সুবিধা প্ৰদান কৰা সম্ভৱ হৈ উঠা নাই । অৱশ্যে এইয়া সম্ভৱো নহয় ভাৰতৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে ।

উল্লেখ্য যে এনে শ্ৰমিক শ্ৰেণীৰ ৪৫০ গৰাকী মহিলা শ্ৰমিকক বাইচাইকেল প্ৰদান কৰে গ্ৰীণপীচ ইণ্ডিয়া নামৰ এটি বেচৰকাৰী সংস্থাই । মূলত দিল্লী আৰু বেংগালুৰুস্থিত এইসকল শ্ৰমিক শ্ৰেণীৰ মহিলা ।

দেশৰ বিভিন্ন ক্ষেত্ৰৰ সৈতেই যাতায়তৰ ক্ষেত্ৰতো বহু সময়ত পৰিলক্ষিত হয় লিংগ বৈষম্য । একেবাৰে নিম্নস্তৰত ই হৈছে যাতায়তৰ ক্ষেত্ৰত মহিলাসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা । এই সমস্যা প্ৰাথমিক স্তৰত সমাধান কৰিবলৈয়ে এই বেচৰকাৰী স্ংস্থাটোৱে বাইচাইকেল প্ৰদান কৰে মহিলাসকলক ।

আনহাতে কেৱল এয়াই নহয় আগন্তুক সময়ত ৫০০০ হেজাৰ মহিলা শ্ৰমিকে বাইচাইকেলৰ জৰিয়তে একমাত্ৰ যাতায়তেই নহয় বৰং প্ৰদূষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনতো কিছু অৱদান আগবঢ়াব পাৰিব বুলি আশা কৰিছে সংস্থাটোৱে ।

উল্লেখ্য যে, প্ৰাথমিক অৱস্থাত এই বাইচাইকেল আগবঢ়োৱা মহিলাসকলৰ গৰিষ্ঠসংখ্যকেই ৪০ ৰ পৰা ৫০ বছৰ বয়সৰ যি যাতায়তৰ অসুবিধাৰ বাবে খোজকাঢ়িয়েই যাতায়ত কৰিব লগীয়া হয় কৰ্মস্থলীলৈ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in