/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/aec0c320-3e17-4bf2-8cb3-e0eb23f345ae/dhemaji.jpg)
ডিজিটেল সংবাদ , ধেমাজি : মিচিংসকলৰ জাতীয় উত্তৰণৰ এক বিশেষ সন্ধিক্ষণত ১৯৮২ চনত অল আসাম মিৰি হাইস্কুলত অনুষ্ঠিত হোৱা মিচিং ছাত্ৰ সন্থাৰ এক অভিৱৰ্তনত আত্মনিয়ন্ত্ৰণৰ দাবী উত্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত আজিও জাতিটোৰ সংগ্ৰাম আজিও অব্যাহত আছে, সাংবিধানিক সুৰক্ষা কৱচ নোহোৱালৈকে জাতিৰ সংগ্ৰাম ক্ষান্ত নহয়, এই মন্তব্য মিছিং বানে কৗবাঙৰ সভাপতি তথা টাকাম মিছিং পৰিন কৗবাং চমুকৈ টি এম পি কেই ৫০ বছৰত ভৰি দিয়া উপলক্ষে সংগঠনটোৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী আৰু অষ্টম মিচিং যুৱ মহোৎসৱৰ সামৰনী অনুষ্ঠানৰ উদযাপন সমিতিৰ সভাপতি পৰমানন্দ চায়েঙীয়াৰ ৷
অসমৰ ভূমিপুত্র মিচিংসকলৰ একমাত্ৰ আৰু শক্তিশালী ছাত্ৰ সংগঠন টাকাম মিছিং পৰিন কৗবাং চমুকৈ টি এম পি কেৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী আৰু অষ্টম মিচিং যুৱ মহোৎসৱটি ধেমাজি জিলাৰ গোগামুখৰ নাহৰবাৰীৰ চুমনীত যোৱা ২ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া বনাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত দেওবাৰে সামৰনী অনুষ্ঠানৰ মুকলি সভাৰ উদ্বোধন কৰি চায়েঙীয়াই কয় যে, "১৯৯৪ চনৰ ৫ মে'ৰ দিনা মহকুমা পৰ্যায়ত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰে আন্দোলনৰ পাতনি মেলা হয়।
এক দীঘলীয়া আন্দোলনৰ পাচত ১৯৯৩ চনৰ ১৫ ডিচেম্বৰত আলোচনাৰ বাবে অসম চৰকাৰে টি.এম.পি.কে আৰু এম. এম. কে. কেক আমন্ত্ৰণ জনায়। আলোচনাৰ প্ৰক্ৰিয়াৰ মাজতেই ২২, ২৩ আৰু ২৪ জুলাই ১৯৯৪ তাৰিখে চিলাপথাৰত বানপীড়িত মিচিং প্রধান অঞ্চলত বিকল্প কৃষি-পদ্ধতিৰ সন্ধান আৰু মিচিং সমাজত সমাজ সংস্কাৰ আৰু সাংস্কৃতিক আন্দোলন শীর্ষক দুটা বিষয়ৰ ওপৰত অনুষ্ঠিত হোৱা কৰ্মশালাতেই সাংস্কৃতিক দিশত এক নতুন ধাৰা সৃষ্টি কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷
১৯৯৪ চনৰ আগষ্ট মাহত অসম চৰকাৰৰ হতে অনুষ্ঠিত হোৱা শেষলানি আলোচনা ব্যর্থ হয় আৰু আলোচনা বৰ্জন কৰা হয় ৷ তাৰ পাচৰে পৰা পৰিস্থিতিৰ ব্যাপক পৰিৱৰ্তন হয় আৰু অসম চৰকাৰে আন্দোলনকাৰী সকলৰ মাজত বিভাজন অনাৰ বাবে ষড়যন্ত্ৰ আৰম্ভ কৰে। ভুৱা সংগঠন জন্ম দি বলপূর্বক ভুৱা স্বায়ত্ব-শাসন মিচিং ৰাইজৰ ওপৰত জাপি দিয়াৰ চক্ৰান্ত ৰচনা কৰে। চৰকাৰৰ এনে চক্ৰান্তৰ ফলতেই ১৯৯৫ চনৰ ৭ এপ্ৰিলৰ দিনা টি.এম.পি.কে আৰু এম.এম.কে.ৰ স্থিতিৰ সমৰ্থনত আৰু চৰকাৰী চক্ৰান্তৰ বিৰুদ্ধে আহ্বান কৰা এক প্ৰতিবাদী সমদলৰ ওপৰত অসম আৰক্ষীয়ে কৰা গুলি চালনাৰ ফলত দুজন সতীৰ্থ নিহত আৰু কেইবাজনো আহত হয়। উক্ত ঘটনাৰ পাছত পৰিস্থিতি অধিক জটিল হৈ পৰে।
টি.এম.পি.কে আৰু এম.এম.কে.ৰ নেতৃবৃন্দক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। বিভিন্ন স্তৰৰ প্ৰায় তিনিশ নেতা কৰ্মীক গ্ৰেপ্তাৰ কৰি ভুৱা অভিযোগ জাপি দি কাৰাগাৰলৈ নিক্ষেপ কৰা হয়। নির্মম অত্যাচাৰ চলিল। ময়ো দুবাৰকৈ কাৰাবাস খাটিবলগীয়া হৈছিল। চৰম ক্ষোভত নেতা কৰ্মীসকলৰ অন্তৰ জ্বলি উঠিল। এক চেপা উত্তেজনাই পৰিস্থিতি জয়াল কৰি তুলিছিল। মুখৰ মাতবোৰ হেৰাই গৈছিল। আন্দোলনৰ পন্থা, সলনি কৰাৰ এক অজান আবেদনে মুক কৰি পেলাইছিল সংগ্রামী লোকসকলক। সকলোৰে মুখত এটাই ভাষা : আমাক এতিয়াৰ পৰা গণতন্ত্ৰৰ কথা নকব ৷ আমাৰ হাতত বন্দুক দিয়ক । নেতৃবৃন্দৰ সন্মুখত ভয়ানক প্রত্যাহ্বান। সকলো ধৰণৰ সভা-সমিতিৰ ওপৰৰ নিষেধাজ্ঞা আৰোপ কৰা হ'ল।
এনে এক জটিল পৰিস্থিতিত পৰৱৰ্ত্তী পন্থা সম্পৰ্কত গভীৰ চৰ্চা কৰা হল। সংগঠনৰ মাজত মূৰ ভাঙি উঠা নেতিবাচক প্ৰৱণতাক ৰোধ কৰি আন্দোলনৰ ধাৰাক এক নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে স্থিৰ কৰা হল এক সাংস্কৃতিক আন্দোলনৰ সিদ্ধান্ত। ১৯৯৬ চনত ঐতিহাসিক কুলাজানৰ পাতিৰি গাঁৱৰ বিশাল পথাৰত আয়োজন কৰা হয় প্রথম মিচিং যুৱ মহোৎসৱ। মিগাং চেঙাৰাম মৰাং সভাপতি আৰু মই সাধাৰণ সম্পাদক হিচাপে লৈ কেন্দ্ৰীয় সাংগঠনিক সমিতি গঠন কৰা হয়।
মানৱ ইতিহাসৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ দৰে মিচিংসকলেও আদিম অৱস্থাৰ পৰাই বৰ্তমানলৈকে নিজস্ব বৈশিষ্ট যৰে এক স্বকীয় স্থিতি পৃথিৱীৰ বুকুত গঢ়ি তুলিছে। প্ৰকৃতিৰ প্ৰতিকূল পৰিবেশক হেলাৰঙে নেওঁচা দি এই জাতিটোৱে অসম, ভাৰতবৰ্ষ তথা পৃথিৱীৰ দৰবাৰত সগৌৰৱে জীয়াই ৰাখিছে নিজৰ ভাষা, সংস্কৃতি, ঐতিহ্য, জাতীয় পৰম্পৰা আদিক। আজি আমি চাৰিওফালে যদি দৃষ্টি নিক্ষেপ কৰো তেতিয়াহলে দেখো যে আমাৰ আশে-পাশে গঢ়ি উঠিছে এক কদৰ্য পৰিবেশ। লেতেৰা ৰাজনীতিৰ বিষবাষ্প, অধঃপতিত যুৱ মানসিকতা, হিংসা, বিদ্বেষ, বিভাজনৰ চক্ৰান্ত আদিয়ে সামাজিক জীৱন বিঘ্নিত কৰিছে।
নিজৰ অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰাৰ বাবে এক চিন্তাশূন্য জীৱনধাৰাৰ প্রতি নতুন প্ৰজন্মক এটা শক্তিয়ে আকৃষ্ট কৰি থলুৱা সংস্কৃতিক বিকৃত কৰিব বিচাৰিছে। স্বকীয়তাৰ প্ৰতি উদাসীন কৰি তুলিছে । ৰ'ক ডেন্স, ব্রেক ডেন্স চিনি পোৱা আজিৰ যুৱক-যুৱতীয়ে জাতীয় নৃত্য চেল্লৈয়া, লেৰেলি, লত্তা-চঃমানবোৰ চিনি নাপায় । গীটাৰ বজায় গৌৰৱ কৰা আজিৰ যুৱকৰ আঙুলিৰ পৰশত এসময়ৰ মন বলিয়া কৰা আজুক তাপুং, তুঃটক তাপুঙে সাৰ নাপায় বুলি উল্লেখ কৰে ৷ এতিয়া আৰু সেই পৰিবেশ নাই আজি মিচিং জাতি জাগি উঠিছে ৷ আমাক সাংবিধানিক অধিকাৰ লাগিব ৷ মানে ষষ্ঠ অনুসুচীৰ স্বায়ত্ত্বশাসন মিছিং জাতিৰ প্ৰাপ্য অধিকাৰ আমাক কোনেও ৰাখিব নোৱাৰে বুলি উল্লেখ কৰে।
টি এম পি কেৰ সভাপতি ৰাজ কুমাৰ মৰাঙৰ সঞ্চালনাত অনুষ্ঠিত আজিৰ সভাত অনুষ্ঠানত জন্মুকাশ্মীৰ লাডাখৰ প্রখ্যাত শিক্ষাবিদ, সংস্কাৰক তথা যুৱ আইকন চনম ৱাংচুয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি পাহাৰীয়া লাডাখত বিগত ৩০ বছৰ ধৰি পৰিৱেশ সম্পৰ্কীয় কামকাজ কৰি যুৱ চামক আধুনিক শিক্ষাৰ বাট মুকলাই দিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/458533bd-757e-45cd-a555-1eb7b3fda45e/WhatsApp_Image_2023_02_05_at_9_13_44_PM.jpeg)
বতৰ্মান ছাত্ৰ ছাত্ৰী সকলে কিতাপৰ জ্ঞানৰ লগতে পৰিৱেশ সম্পৰ্কীয় জ্ঞান লবলৈ পৰামৰ্শ আগবঢ়াই ৷ শিক্ষানুষ্ঠানত পদাৰ্থ বিজ্ঞান, ৰাসায়ন বিজ্ঞান আৰু গনিতৰ শিক্ষা ললেই নহব, মানুহৰ মগজু, হৃদয় আৰু হাতৰ বিদ্যা শিক্ষাই মানুহক উন্নত শিখৰলৈ লৈ যায় বুলি উল্লেখ কৰি আমেৰিকাৰ শিক্ষা কেৱল মগজুত থাকে সেয়েহে মানুহে এনে শিক্ষা লব লাগে যাতে যি শিক্ষাই মানৱৰ লগতে প্ৰানীকুল, পশুপক্ষীৰ লগতো ৱ্যৱহাৰ কৰি পৰিৱেশ ৰক্ষা কৰিবলৈ আহ্বান জনায় ৷
আজিৰ সভাত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু, প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, লখিমপুৰ লোক সভাৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, মাজুলী বিধায়ক ভূৱন গাম , মিছিং জনগোষ্ঠীৰ বিশিষ্ট নেতা একলব্য গাম, সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰী, এম এম কেৰ সভাপতি সুনিল কুমাৰ পেগু, টি এম এম কেৰ সভাপতি গীতাঞ্জলী বৰি পাটিৰ, সদৌ ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নিপেন খান্দা, আপাটানী এপেক্স কাউন্সিলৰ সাধাৰণ সম্পাদক টাকু চাটুং, সদৌ মনিপুৰী ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰীজিত থোংগ্ৰাম, টিপুৰা ষ্টুডেণ্টচ ফেদাৰেচনৰ সভাপতি বিঞ্চু কুমাৰ দেৱবৰ্মা, সদৌ চিকিম ষ্টুডেণ্ট ৱেলফেৱাৰ ফৰামৰ সভাপতি আনিশ শৰ্মা, আপাটানী যুৱ সংস্হাৰ সভাপতি টাপি মালী, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন ছেত্ৰী, সদৌ মৰান ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰান, সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি ৰতন কছাৰী, সদৌ ডিমাছা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মাইৰিং জোহৰি, সদৌ মদাহী কছাৰী ছাত্ৰ সন্থাৰ সভাপতি সুৰেন মদাহী, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক স্বৰূপ গোঁহাই, সদৌ অসম হাজং ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ হাজং, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক ৰাজু চুতীয়া, টি এম এম কেৰ প্ৰাক্তন সভানেত্ৰী ক্ৰমে উষাৰানী কুম্বাং, নন্দিতা পেগু, ভানুমতী দলে, বিচিত্ৰা দলে, প্ৰমিলা মিলি, বন্তিবালি পেগু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ-সভাপতি দেৱজিৎ দাস, সহকাৰী সম্পাদক ছাবিৰ আহমেদ, প্ৰদীপ শৰ্মা আদি উপস্থিত থাকে ৷
অনুষ্ঠানৰ আঁত ধৰে টি এম পি কেৰ সাধাৰণ সম্পাদক টিলক দলেয়ে ৷ অসমৰ ১৬ খন জিলাৰ ১৬৮ খন আঞ্চলিক সমিতিৰ ১০ হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা অষ্টম মিছিং যুৱ মহোৎসৱ আৰু টি এম পি কেৰ সোনালী জয়ন্তীৰ দেওবাৰে সামৰনী অনুষ্ঠানত পঞ্চাশ সহস্ৰাধিক জনতাৰ জনসমাগম পৰিলক্ষিত হয় ৷
টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষ আৰু অষ্টম মিচিং যুৱ মহোৎসৱৰ বাবে প্রায় ৪০০ বিঘা ভূমি আগুৰি নিৰ্মাণ কৰা দহটাৰো অধিক বাঁহ-বেতৰ বিভিন্ন কাৰুকাৰ্য খচিত মিচিং, আদী আৰু গাল' সম্প্ৰদায়ৰ চাংঘৰ, মিচিং মূৰং ঘৰ নিৰ্মাণ, আদৰণি তোৰণ, খাদ্যমেলা, গ্রন্থমেলা, কৃষিমেলা, হস্ততাঁত বস্ত্রমেলাৰ বিপণীসমূহত হাজাৰ হাজাৰ লোকৰ সমাগেমেৰে এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷
আৰু পঢ়ক : ভাৰতীয় কূটনীতিৰ নুবুজা সাথৰ : ৰাছিয়াৰ তেল আমেৰিকা-ইউৰোপক বিক্ৰী !