বিশ্ব সংবাদ মাধ্যমৰ প্ৰতিবেদনত মোডীৰ বিফলতাৰহে ছবি...

বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সৰ্ববৃহৎ গণতান্ত্ৰিক উৎসৱলৈ দৃষ্টি বিশ্ববাসীৰ
বিশ্ব সংবাদ মাধ্যমৰ প্ৰতিবেদনত মোডীৰ বিফলতাৰহে ছবি...
বিশ্ব সংবাদ মাধ্যমৰ প্ৰতিবেদনত মোডীৰ বিফলতাৰহে ছবি...

ডিজিটেল ডেস্কঃ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ভাৰতৰ অষ্টাদশ লোকসভা নিৰ্বাচনলৈ বিশ্বৰে দৃষ্টি নিবদ্ধ আছিল। মঙ্গলবাৰে ভাৰতৰ নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পাছতেই বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ সংবাদ পত্ৰত অতি গুৰুত্বপূৰ্ণভাৱে প্ৰকাশ পাইছে এই খবৰ।

নিউয়ৰ্ক টাইমছে ভাৰতৰ এই লোকসভা নিৰ্বাচন সন্দৰ্ভত লিখিছে "নৰেন্দ্ৰ মোডীৰ ক্ষমতাৰ যোৱা ১০ বছৰত এনে বহুতো মুহূৰ্ত  আছিল য’ত তেওঁ আচৰিত হৈ পৰিছিল, কিন্তু মঙলবাৰে পুৱা যিদৰে আচৰিত হ’ল সেয়া সম্পূৰ্ণ পৃথক। নৰেন্দ্ৰ মোডীয়ে তৃতীয় কাৰ্যকাল লাভ কৰিছে যদিও তেওঁৰ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে।"

ইয়াৰোপৰি কাকতখনে ২০১৪ ৰ পিছত প্ৰথমবাৰৰ বাবে মোডীৰ অপৰাজেয় বুলি যি এক ছবি আছিল সেয়াও নোহাৱা হৈছে বুলি উল্লেখ কৰিছে। বিজেপিয়ে নিজে ২৪০ খন আসন জয় কৰিছে। সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন ২৭২ খন আসন। ইয়াৰ বিপৰীতে ইণ্ডিয়াই ২৩৪ খন আসন লাভ কৰিছে। মোডী মিত্ৰশক্তিৰ সৈতে ক্ষমতাৰ শীৰ্ষত থাকিব, কিন্তু তেওঁৰ যি ভাবমূৰ্তি সেয়া পূৰ্বৰ দৰেই একে অৱস্থাত নাথাকিব।

ইয়াৰোপৰি নিউয়ৰ্ক টাইমছে লিখিছে, এগৰাকী নেতা হিচাপে নৰেন্দ্ৰ মোডীয়ে ক্ষমতাৰ ভাগ-বতৰাত বিশেষ আগ্ৰহী নহয়। যেতিয়া তেওঁ ২০১৬ ত বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লৈছিল সেই সময়ত আনকি তেওঁৰ চৰকাৰৰ বিত্ত মন্ত্ৰীয়েও এই বিষয়ে জনা নাছিল। জম্মু আৰু কাশ্মীৰৰ পৰা সংবিধানৰ অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ সময়তো অমিত শ্বাহে পোনপটীয়াকৈ সংসদত এই বিষয়ে ঘোষণা কৰিছিল, এই সন্দৰ্ভত কোনো আলোচনা কৰা নাছিল। যেন এয়া এক চুক্তিহে আছিল। কিন্তু নিৰ্বাচনী ফলাফলৰ পাছত এতিয়া সেই দিনবোৰ নোহোৱা হৈছে।

আন এখন সংবাদ পত্ৰ ৱাশ্বিংটন পোষ্টেও ভাৰতৰ নিৰ্বাচনৰ বিষয়ে গুৰুত্বপূৰ্ণভাৱে প্ৰকাশ কৰিছে। কাকতখনে লিখিছে - ভাৰতৰ ভোটাৰসকলে নৰেন্দ্ৰ মোডীৰ নেতৃত্বক অপ্ৰত্যাশিতভাৱে প্ৰত্যাখ্যান কৰিছে। এই জনাদেশে দশকটোৰ ভিতৰতে সৰ্বাধিক শক্তিশালী নেতা হিচাপে প্ৰক্ষেপিত নৰেন্দ্ৰ মোডীৰ ভাবমূৰ্তিৰ লগতে তেওঁৰ অজেয় ভাবমূৰ্তিও ম্লান কৰিছে।

বিজেপিয়ে মিত্ৰশক্তিৰ সৈতে চৰকাৰ গঠন কৰিব পাৰে। কিন্তু ২০১৪ চনৰ পিছত এয়া বিজেপিৰ আটাইতকৈ দুৰ্বল প্ৰদৰ্শন। মোডী ২০১৪ চনত উন্নয়ন আৰু দুৰ্নীতিৰ বিৰুদ্ধে থকা ক্ষোভৰ ঢৌত ক্ষমতালৈ আহিছিল। ২০১৯ চনৰ নিৰ্বাচনত ৰাষ্ট্ৰবাদ আৰু পাকিস্তানৰ সৈতে বৃদ্ধি পোৱা উত্তেজনা আছিল নিৰ্বাচনৰ মুখ্য কাৰক আছিল।

কিন্তু এইবাৰ বিজেপি সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত আছে আৰু ২৩ বছৰীয়া ৰাজনৈতিক কেৰিয়াৰত কেতিয়াও সংখ্যাগৰিষ্ঠতা অৰ্জনত ব্যৰ্থ নোহোৱা নৰেন্দ্ৰ মোডীয়ে প্ৰথমবাৰৰ বাবে এনে পৰিস্থিতিৰ সন্মুখীন হৈছে। মোডীৰ দেহত এক শক্তিশালী নেতাৰ ভাবমূৰ্তি আছে। নিৰ্বাচনৰ পাছতো, বহু ৰাজনৈতিক বিশ্লেষকে ভৱিষ্যতবাণী কৰিছিল যে আকৌ এবাৰ মোডী ঢৌত দেশখনৰ বিৰোধীদলসমূহ উটি যাব।

এই নিৰ্বাচনত, নৰেন্দ্ৰ মোডী চৰকাৰে বিৰোধীৰ বেংক একাউণ্ট ফ্ৰীজ কৰিছিল, একাংশ বিৰোধী নেতাক টেক্স আৰু কেলেংকাৰীৰ অভিযোগত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। তেওঁ মূলসুঁতিৰ সংবাদ মাধ্যম, যিসমূহৰ মালিক পক্ষ মোডীৰ ঘনিষ্ঠ ব্যক্তি, তেওঁলোকৰ পৰা কভাৰেজত একপক্ষীয় সমৰ্থন লাভ কৰি আহিছে। এনে পৰিস্থিতিত দেশ আৰু বিদেশৰ পৰা সতৰ্কবাণী দিয়া হৈছিল যে দেশখনত প্ৰতিযোগিতামূলক নিৰ্বাচন প্ৰায় সমাপ্ত হোৱাৰ পথত আছে।

জনছ হপকিন্স ইউনিভাৰ্ছিটি স্কুল অৱ এডভান্সড ইণ্টাৰনেচনেল ষ্টাডিজৰ এজন ৰাজনৈতিক বিজ্ঞানী দেৱেশ কাপুৰে বাতৰি কাকতখনক কৈছে যে "এই সকলোবোৰ দিশৰ উপৰিও মঙলবাৰে ৰাইজে এনে কৰিলে, য’ত দেখা গ’ল যে গণতন্ত্ৰ যিমান দুৰ্বল বুলি ধাৰণা কৰা হৈছিল সিমান দুৰ্বল নহয়। এই ফলাফলে দেখুৱাইছে ভোটাৰসকলে স্বতন্ত্ৰ মনেৰে ভোট দিছে।

কাটাৰৰ পৰা সম্প্ৰচাৰিত আল জাজিৰাইয়ো লিখিছে এই নিৰ্বাচনত মোডীৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত হৈছে। আল জাজিৰাৰ প্ৰতিবেদনত কোৱা হৈছে মোডীয়ে চৰকাৰ গঠন কৰিব কিন্তু তেওঁৰ চৰকাৰ তেওঁৰ মিত্ৰশক্তিৰ হাতত থাকিব।

একে সময়তে, এই জনাদেশে বিজেপিৰ নিৰ্বাচনী নীতিৰ ওপৰতো প্ৰশ্ন উত্থাপিত কৰিছে। বিজেপি আৰু নৰেন্দ্ৰ মোডীৰ প্ৰচাৰে সাম্প্ৰদায়িক বিভাজনৰ ওপৰত অধিক গুৰুত্ব দিছিল। দাবী কৰা হৈছিল যে বিৰোধী ক্ষমতালৈ আহিলে মুছলমানসকলক সম্পদ পুনৰ বিতৰণ কৰা হ’ব। কিন্তু বিৰোধীৰ প্ৰচাৰ মোডী চৰকাৰৰ আঁচনি আৰু ইয়াৰ অৰ্থনৈতিক বিফলতাৰ ওপৰত আধাৰিত আছিল।

বিজেপিৰ শ্লোগান আছিল – ‘আবকি বাৰ ৪০০ পাৰ’। কিন্তু মোডীৰ জীৱনী লিখা নীলাঞ্জন মুখোপাধ্যায়ে কয় যে "এয়া এটা অত্যাধিক আত্মবিশ্বাসী শ্লোগান আছিল।"

আমেৰিকান আলোচনী টাইমে তেওঁলোকৰ প্ৰতিবেদনত লিখিছে এক্সিট পোল আৰু ৰাজনৈতিক বিশ্লেষকসকলে মোডীৰ বিজয়ৰ ভৱিষ্যতবাণী কৰাত অলপ খৰখেদা কৰিছিল। প্ৰশ্নটো আছিল যে মোডীয়ে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব কিন্তু বিজেপিয়ে নিজে কিমানখন আসন পাব? ইয়াৰ উত্তৰ মঙলবাৰে আহিল।

এই ফলাফলত মোডীৰ দলটোৱে সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে। তেওঁলোকে ২৪০ খন আসন জিকিছে। যিটো ২০১৯ ৰ পৰিসংখ্যাতকৈ যথেষ্ট কম। তেতিয়া বিজেপিয়ে অকলেই ৩০৩ খন আসন লাভ কৰিছিল।

২০ দলীয় মিত্ৰজোঁট ইণ্ডিয়া গোটে ২৩৪ খন আসন লাভ কৰিছে। তেওঁলোকে আশাকৰাতকৈ বহুত ভাল প্ৰদৰ্শন কৰিছে।৭৩ বছৰীয়া নৰেন্দ্ৰ নোডী যাৰ এক আকৰ্ষণীয়, পোলাৰাইজিং ৰাজনীতি কৰাৰ অভিজ্ঞতা আছে তেওঁ দেশখনৰ দ্বিতীয়জন নেতা যি একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব। পূৰ্বে জৱহৰলাল নেহৰুৱে একেৰাহে তিনিবাৰ প্ৰধানমন্ত্ৰী হৈছিল।

কিন্তু এইবাৰ যিহেতু বিৰোধী শক্তিশালী হৈছে সেয়ে মোডী তেওঁৰ হিন্দু-জাতীয়তাবাদী কাৰ্যসূচী আৰু অৰ্থনৈতিক সংস্কাৰৰ সৈতে আগবাঢ়াত বাধাৰ সন্মুখীন হ’ব। যোৱা ১০ বছৰত, তেওঁলোকে শক্তিশালী বিৰোধী দেখা নাই। বিজেপিয়ে এইবাৰ ক্ষুদ্ৰ মিত্ৰজোঁটৰ দলবোৰৰ সৈতেও আলোচনা কৰিব লাগিব। তেওঁলোকৰ অবিহনে চৰকাৰ চলোৱাটো কঠিন হ’ব।

দলটোৱে একক সংখ্যাগৰিষ্ঠতাৰ বাবে দক্ষিণ ভাৰত আৰু উত্তৰ প্ৰদেশৰ দৰে দুৰ্গত ভাল প্ৰদৰ্শন কৰাটো প্ৰয়োজন আছিল। বিজেপি আৰু মিত্ৰশক্তিয়ে দক্ষিণৰ কেৰালা, অন্ধ্ৰ আৰু তেলেংগানাৰ দৰে ৰাজ্যত ভাল প্ৰদৰ্শন কৰিছে, কিন্তু উত্তৰ প্ৰদেশত বিজেপিৰ প্ৰদৰ্শনে সকলোকে আচৰিত কৰি তুলিছে। বিজেপিয়ে ৰাম মন্দিৰ নিৰ্মাণৰ ৩০ বছৰীয়া পুৰণি প্ৰতিশ্ৰুতি পূৰণ কৰিছে, কিন্তু ই কোনো প্ৰভাৱ পেলাব নোৱাৰিলে। ২০১৪ চনত, বিজেপিয়ে ৮০ খন আসনৰ ভিতৰত ৭১ খন আসন আৰু ২০১৯ ত ৬২ খন আসন লাভ কৰিছিল। কিন্তু এইবাৰ ৩৩ খন আসনহে লাভ কৰিছে।

বিশ্ব সংবাদ মাধ্যমৰ প্ৰতিবেদনত মোডীৰ বিফলতাৰহে ছবি...
কিয় এই বিষন্নতা ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in