কিয় এই বিষন্নতা ?

কিয় এই বিষন্নতা ?
কিয় এই বিষন্নতা ?

চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে বিজেপি। অথচ দলটোৰ কোনো শীৰ্ষ নেতৃত্বৰ মুখত নাই হাঁহি। তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হৈয়ো অনিশ্চিয়তাত পাৰ কৰিবলগীয়া হৈছে সময়। কেতিয়া, কি হৈ যায় তাৰ কোনো নিশ্চয়তা নাই। সেয়ে বেছি পলম নকৰাকৈ চলিত সপ্তাহতে শপতগ্ৰহণ কৰিবলৈ সাজু হৈছে নৰেন্দ্ৰ মোডী।

আজিৰ পৰা এটা সপ্তাহ আগলৈকে দম্ভ, অহংকাৰত ডুবি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্বৰ মুখত এতিয়া নাই সেই দাম্ভিকতা। চৰকাৰ ভঙা, পতাত সিদ্ধহস্ত এইসকল নেতাৰ মুখত এতিয়া শুনিবলৈ পোৱা গৈছে একতাৰ কথা। সংবিধান সংশোধনৰ নানান কৌশল ৰচনা কৰা এই নেতাসকলে এতিয়া ক'বলৈ বাধ্য হৈছে সংবিধান আমাৰ গাইডিং লাইট।

অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতে বিজেপিৰ নেতৃত্বই শাৰীৰিক ভংগী, কঠন শৈলী সলনি কৰিবলৈ বাধ্য হৈছে। দেশৰ জনতাই তেওঁলোকক দিলে এক সঠিক পাঠ।

২০১৯ ত এককভাৱে ৩০৩ খন আসন আৰু এন ডি এ হিচাপে ৩৫২ খন আসনেৰে দ্বিতীয়বাৰৰ বাবে ক্ষমতা দখল কৰা বিজেপিয়ে এইবাৰ ৪০০ ৰো অধিক আসন লাভৰ শ্লোগানেৰেনিৰ্বাচনত জপিয়াই পৰিছিল যদিও দলটোৱে লাভ কৰিলে মাত্ৰ ২৪০ খন আসন। এন ডি এ হিচাপে লাভ কৰিলে ২৯৩ খন আসন।

দলটোৰ এনে পতনৰ আঁৰত আছে বহু কেইটা কাৰণ। ইয়াৰ ভিতৰত অত্যাধিক অহংকাৰ, দাম্ভিকতা, ব্যক্তিপূজা, অপ্ৰয়োজনীয় ধৰ্মীয় কথাবতৰা, সংবিধান, গণতন্ত্ৰৰ প্ৰতি কঢ়িয়াই অনা ভাবুকি, কুটিল ৰাজনীতি মূল সমস্যাৰ প্ৰতি পিঠি দিয়া, মূল্য বৃদ্ধিকে ধৰি মৌলিক সমস্যাক গুৰুত্বহীন কৰা আদি কাৰক বোৰেই প্ৰধান হিচাপে বিবেচিত হৈছে।

এইবাৰ নিৰ্বাচনত বিজেপিৰ কোনো নিৰ্বাচনী ইছ্যু নাছিল। দলটোৱে যোৱা ১০ টা বছৰত কি কৰিলে তাৰো কোনো উত্তৰ নাছিল। এনে পৰিস্থিতিত দলটোৱে কেৱল নৰেন্দ্ৰ মোডীক সন্মুখত লৈ তেওঁকেই অৱতাৰী পুৰুষ হিচাপে প্ৰক্ষেপ কৰি নিৰ্বাচনত বিজয়ী হোৱাৰ লক্ষ্য লোৱাই নহয় ৪০০ ৰো অধিক আসন লাভেৰে বিৰোধীক নিঃশেষ কৰাৰ সপোন দেখিছিল।

২০২৪ ৰ লোকসভা নিৰ্বাচন ধৰ্মীয় আৱেগেৰে জয়ী হ'বলৈকে অযোধ্যাত অসম্পূৰ্ণ ৰাম মন্দিৰ উদ্বোধন কৰি হিন্দু ভোট লাভৰ আশাত নিমগ্ন আছিল। ৰাম মন্দিৰক নিৰ্বাচনী ইছ্যু হিচাপে নলও বুলি কৈয়ো স্বয়ং মোডীয়েই প্ৰতিখন নিৰ্বাচনী সভাত ৰাম মন্দিৰৰ নামতে ভোট বিচাৰিবলৈ কুণ্ঠাবোধ নকৰিলে।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছতে মোডীৰ মুখত শুনিবলৈ পোৱা গ'ল কেৱল সাম্প্ৰদায়িক মেৰু বিভাজনৰ কথা। প্ৰধানমন্ত্ৰীগৰাকীক সম্পূৰ্ণ সহযোগিতা আগবঢ়ালে অমিত শ্বাহকে ধৰি দলটোৰ সকলো নেতা, পালিনেতাই।

সৰ্বোপৰি বিজেপিৰ অন্যান্য নেতাই মোডীক যিদৰে প্ৰক্ষেপ কৰিলে তাৰ সুবিধা লৈ নিজেও মোডীয়ে নিজকে বায়লজিকেল নহয় বুলি কৈ পৰমাত্মাই প্ৰেৰণ কৰা বুলিহে মুকলিকৈ ক'বলৈয়ো কুণ্ঠাবোধ নকৰিলে। গংগা নদীৰ পাৰত চকু পানী উলিয়াই তেওঁক গংগাই তুলি লোৱা বুলিও যি নাটক কৰিলে সেইবোৰে সাধাৰণ মানুহক তেওঁৰ প্ৰতি আকৃষ্ট কৰাৰ বিপৰীতে মানুহক হাঁহিবলৈ ৰসহে প্ৰদান কৰিলে।

যি উত্তৰ প্ৰদেশত ৰাম মন্দিৰ নিৰ্মাণ কৰি বিজেপিয়ে ৪০০ আসনৰ সপোন দেখিছিল সেই উত্তৰ প্ৰদেশেই বিজেপিক এক প্ৰকাৰে নস্যাত কৰি দিলে। অযোধ্যা যি লোকসভা সমষ্টিৰ অন্তৰ্গত সেই লোকসভা সমষ্টিতে পৰাজিত হ'ল বিজেপি। জয়ী হ'ল সমাজবাদীৰ প্ৰাৰ্থী।

যোৱা সময়ছোৱাত কেন্দ্ৰিয় চৰকাৰখনৰ বিৰুদ্ধে উত্থাপিত হোৱা স্বতন্ত্ৰ সংস্থাক ৰাজনৈতিক উদ্দ্যেশ্যত ব্যৱহাৰ কৰা, বিৰোধীক শেষ কৰাৰ যি পৰিকল্পনা সেইবোৰ মানুহে বুজি উঠিছিল। কিদৰে বিৰোধী নেতাৰ ঘৰলৈ ইডি, চিবিআই, আয়কৰ বিভাগৰ আহা-যাহ চলিছিল সেয়া দেখিছিল। ৱাচিং মেচিনলৈ পৰিণত হোৱা বিজেপিৰ তথাকথিত দুৰ্নীতি বিৰোধী শ্লোগানো যে অসাৰ সেয়াও উপলব্ধি কৰিছিল ভোটাৰ ৰাইজে।

ইডি, চি বি আই, আয়কৰ বিভাগৰ দৰে স্বতন্ত্ৰ সংস্থাক ব্যৱহাৰ কৰি যোৱা সময়ছোৱাত জনসাধাৰণে গণতান্ত্ৰিক ব্যৱস্থাৰে নিৰ্বাচিত কৰা কেইখন ৰাজ্য চৰকাৰ ভংগ কৰিলে সেয়া মানুহে দেখিছে। গণতান্ত্ৰিক ব্যৱস্থাৰে নিৰ্বাচিত চৰকাৰক পতন ঘটাই বিজেপিয়ে নিজৰ দখললৈ কিদৰে ৰাজ্যসমূহ নিছে আৰু গেৰুৱাকৰণ কৰিছে সেইবোৰ প্ৰত্যক্ষ কৰিছে।

গণতান্ত্ৰিক ব্যৱস্থাক নস্যাত কৰিবলৈ বিচৰা বিজেপিৰ এনে কাৰ্যই দেশবাসীক অতিষ্ঠ কৰিছে। বিশেষকৈ সংস্থাৰপনহীনতা, দৰিদ্ৰতা, মূল্যবৃদ্ধিত জুৰুলা জনসাধাৰণে এইসমূহ মৌলিক সমস্যা সমাধানৰ ওপৰত গুৰুত্ব নিদি চৰকাৰ ভঙা, পতাত লাগি থকা বিষয়টোক সহজে লোৱা নাই।

জীৱন দায়িনী ঔষধ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনতাক জুৰুলা কৰিছে। এই সমূহ সমস্যা সমাধানৰ বাবে চৰকাৰখনে কোনো গুৰুত্বই প্ৰদান নকৰিলে। এটা বছৰৰো অধিক সময় মণিপুৰ জ্বলি আছে। এবাৰলৈও মণিপুৰৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মুখৰ পৰা এটা শব্দ নোলাল।

দুৰ্নীতি মুক্ত ভাৰতৰ কথা কোৱা দলটোৱে ইলেক্ট্ৰৰেল বণ্ডৰ জৰিয়তে দেশৰ কিমান ডাঙৰ কেলেংকাৰী কৰিলে সেয়া উচ্চতম ন্যায়ালয়ত এটা এটাকৈ প্ৰমাণিত হৈছে। ইলেক্ট্ৰৰেল বণ্ডৰ বাবেই যে ঔষধকে ধৰি বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি পালে। দেশৰ জনসাধাৰণে এইবোৰ কথা উপলব্ধি কৰিছে।

ৰাহুল গান্ধীয়েও ভাৰত জোড়ো যাত্ৰা কৰি নিজৰ এক পৃথক প্ৰতিচ্ছবি দাঙি ধৰিবলৈ সক্ষম হৈছিল। মমতা বেনাৰ্জী, অখিলেশ সিং যাদৱে যি কৌশল অৱলম্বন কৰিলে সেই কৌশলেও বিজেপিক বহুখিনি বিপদত পেলালে।

এই নিৰ্বাচনৰ অন্তত এতিয়া যদিও এন ডি এৰ চৰকাৰ গঠন হলেও পূৰ্বতকৈ বিজেপিৰ চৰিত্ৰ কিছু সলনি যে হ'ব সেয়া প্ৰায় নিশ্চিত। কিয়নো বিজেপিৰ হাতত নাই একক সংখ্যাগৰিষ্ঠতা। দলটো এতিয়াজে ডি ইউ আৰু তেলেগু দেশম পাৰ্টিৰ ওপৰতেই নিৰ্ভৰ কৰি চলিব লাগিব।

এই দুই দলে চৰকাৰৰ পৰা ওলাই আহিলেই বিপদ নিশ্চিত। গতিকে বিজেপিয়ে পূৰ্বৰ দৰে দম্ভ, অংহাকাৰেৰে চৰকাৰ চলাবলৈ বিচাৰিলে অথবা পূৰ্বৰ পন্থাকে অৱলম্বন কৰিলে তেওঁলোকৰেই বিপদ নিশ্চিত। আনহাতে বিৰোধীও শক্তিশালী হোৱাত দেশৰ গণতান্ত্ৰিক ব্যৱস্থালৈও এক সুস্থিৰতা আহিল। এতিয়া অন্তত মন গলেই সংবিধান সংশোধনৰ কথা কোৱাৰ পৰাও বিৰত থাকিবলৈ বাধ্য হ'ব বিজেপি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in