আজিৰে পৰা বাঢ়িল ঔষধ, সোণ, ৰূপ, বাহনপ মূল্যঃ কমিল কেৱল বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য...

আজিৰে পৰা বাঢ়িল ঔষধ, সোণ, ৰূপ, বাহনপ মূল্যঃ কমিল কেৱল বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য...
আজিৰে পৰা বাঢ়িল ঔষধ, সোণ, ৰূপ, বাহনপ মূল্যঃ কমিল কেৱল বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য...

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হৈছে নতুন বিত্তীয় বৰ্ষ। সেই অনুসৰি আজিৰে পৰা বিভিন্ন সামগ্ৰীৰ মূল্যত কিছু পৰিৱৰ্তনে দেখা দিছে। কিছুমান সামগ্ৰীৰ যিদৰে মূল্য হ্ৰাস পাইছে ঠিক সেইদৰে আন কিছু সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে।

ভাল খবৰটো হ’ল আজিৰে পৰা হ্ৰাস পাইছে চিলিণ্ডাৰৰ মূল্য। বেয়া খবৰটো হ'ল জীৱন দায়িনী ঔষধকে ধৰি আন বহু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। ১৯ কিলোগ্ৰাম ওজনৰ প্ৰতিটো গেছ চিলিণ্ডাৰৰ মূল্য ৯২ টকাকৈ হ্ৰাস হৈছে।

অৱশ্যে ১৪.২ কিলোগ্ৰাম ওজনৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাই। দিল্লীত এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য কালিৰ দিনটোত আছিল ২১১৯.৫০ টকা। আজি সেই মূল্য ২০২৮ টকালৈ অৱনমিত হৈছে।

উল্লেখ্য, যোৱা ১ মাৰ্চত এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যত ৩৫০.৫০ টকা বৃদ্ধি পাইছিল। সেই অনুসৰি গুৱাহাটীত কালিলৈকে এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আছিল ২৩০৪ টকা। আজি ৯২ টকা হ্ৰাস হোৱাত গ্ৰাহকে এতিয়া ২২১২ টকাতে লাভ কৰিব এটা চিলিণ্ডাৰ।

আনহাতে জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি, সময় জমাকে ধৰি ক্ষুদ্ৰ সঞ্চয় আঁচনিত সূতৰ হাৰ বৃদ্ধি কৰিছে। একেদৰে ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ, মাহিলী উপাৰ্জন আঁচনি আৰু কিষাণ বিকাশ পাত্ৰৰ সূতৰ হাৰো বৃদ্ধি পাইছে।

অৱশ্যে, পি পি এফ আৰু সঞ্চয় একাউণ্ট আঁচনিৰ সূতৰ হাৰত কোনো পৰিৱৰ্তন হোৱা নাই। এতিয়া ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ওপৰত ৪ শতাংশৰ পৰা ৮.২ শতাংশলৈ লৈ সূত দিয়া হ'ব।

ইফালে আজিৰে পৰা সোণ ক্ৰয় কৰাৰ ক্ষেত্ৰতো নতুন নিয়ম প্ৰযোজ্য হৈছে। আজিৰে পৰা ৬ টা অংকৰ আলফানিউমেৰিক হলমাৰ্কিং অবিহনে সোণ বিক্ৰী কৰা নহ'ব। ঠিক যেনেদৰে আধাৰ কাৰ্ডত ১২ টা অংকৰ কোড আছে, সোণৰ কাৰ্ডতো তেনেদৰেই ৬ টা অংকৰ হলমাৰ্ক কোড থাকিব।

এই ৬ টা অংকৰ কোডক হলমাৰ্ক ইউনিক আইডেণ্টিফিকেচন নম্বৰ (হুইড) বুলি কোৱা হয়। এই কোডৰ জৰিয়তে কিমান কেৰেট সোণ আছে জানিব পৰা সম্ভৱ হ'ব। সোণৰ ওপৰত বাণিজ্য চিহ্ন দিবলৈ সমগ্ৰ দেশতে ৯৪০ টা কেন্দ্ৰ স্থাপন কৰা হৈছে। এতিয়াৰে পৰা ৪ টা অংকৰ হলমাৰ্কিং সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব।

একেদৰে সোণ আৰু ৰূপ ক্ৰয়ৰ ক্ষেত্ৰত আজিৰে পৰা জনসাধাৰণে অধিক ধন বিনিয়োগ কৰিব লাগিব। কিয়নো সোণৰ মূল্য আজিৰ পৰা বৃদ্ধি হৈছে। সোণৰ ওপৰত থকা শুল্ক ২০ শতাংশৰ পৰা ২৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে। সেইদৰে ৰূপৰ ওপৰত ৭.৫ শতাংশৰ পৰা ১৫ শতাংশলৈ শুল্ক বৃদ্ধি কৰা হৈছে।

দুচকীয়া বাহন ক্ৰয় কৰিব বিচৰাসকলৰ বাবেও বেয়া খবৰ। মোটোকৰ্পে ইয়াৰ বাইক আৰু স্কুটাৰৰ মূল্য ২ শতাংশ বৃদ্ধি কৰিছে। কোম্পানীৰ লাইন-আপত অন্তৰ্ভুক্ত মডেলবোৰৰ প্ৰকাৰ অনুসৰি বৰ্ধিত মূল্যবোৰ পৃথকভাৱে প্ৰযোজ্য হ'ব।

উৎকৃষ্ট মাইলেজ প্ৰদান কৰা স্প্লেণ্ডাৰ আৰু এইচ এফ ডিলাক্সৰ মূল্য প্ৰায় ১৫ হাজাৰ টকা বৃদ্ধি পাব। চাৰি চকীয়া বাহন ক্ৰয়ো এতিয়াৰে পৰা অধিক ব্যয়বহুল হৈ পৰিব। মাৰুতি, হোণ্ডা, হুণ্ডাই আৰু টাটাকে ধৰি অন্যান্য কোম্পানীয়ে বাহনৰ মূল্য বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।

টাটা মটৰ্ছে সকলো বাণিজ্যিক বাহনৰ মূল্য ৫ শতাংশ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। আহাতে আজিৰে পৰা কেৱস বি এছ ৬- দ্বিতীয় পৰ্যায়ৰ বাহন হে বিক্ৰী হ'ব।

পেইনকিলাৰ, সংক্ৰমণ-প্ৰতিৰোধী, এণ্টিবায়টিক আৰু হৃদযন্ত্ৰৰ ঔষধৰ মূল্য আজিৰে পৰা বৃদ্ধি পাব। চৰকাৰে ঔষধ কোম্পানীবোৰক মূল্য বৃদ্ধি কৰিবলৈ অনুমতি দিছে।

পাইকাৰী মূল্য সূচকৰ (ডব্লিউ পি আই) পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি মূল্য বৃদ্ধি হ'ব। সেই অনুসৰি এইসমূহ ঔষধৰ মূল্য ১০ শতাংশলৈকে বৃদ্ধি পাব। এইদৰেই আন বহু সামগ্ৰীৰ মূল্যত আজিৰে পৰা পৰিৱৰ্তনে দেখা দিব।

আজিৰে পৰা বাঢ়িল ঔষধ, সোণ, ৰূপ, বাহনপ মূল্যঃ কমিল কেৱল বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য...
বেআইনীভাৱে সংগ্ৰহ কৰা ১৫টাকৈ মূৰ্তি ভাৰতক উভতাই দিব আমেৰিকা যুক্তৰাষ্ট্ৰই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in