আজি নেতাজীৰ ১২৭ সংখ্যক জন্মজয়ন্তী

 আজি নেতাজীৰ ১২৭ সংখ্যক জন্মজয়ন্তী

ডিজিটেল ডেস্কঃ আজি নেতাজী সুভাস চন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্মজয়ন্তী তথা পৰাক্ৰম দিৱস। স্বাধীনতা সংগ্ৰামৰ এজন স্মৰণীয় কিংবদন্তি নেতা নেতাজী সুভাষ চন্দ্ৰ বসু । তেওঁ দেশৰ বাবে যি কাম কৰিছিল, ইংৰাজ শাসনৰ বিৰুদ্ধে দেশবাসীক পথ দেখুৱাই আগবঢ়াই নিয়া সহজ নাছিল। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ এজন উজ্জ্বল আৰু মহৎ ব্যক্তি যিয়ে তেওঁৰ গোটেই জীৱন সংগ্ৰামৰ বাবে উৎসৰ্গিত কৰিছিল। ১৯২০-১৯৩০ চনৰ সময়ছোৱাত বসু ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ শাখাৰ নেতা আছিল আৰু পিছলৈ ১৯৩৮ আৰু ১৯৩৯ চনত দুবাৰকৈ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।

সুভাষচন্দ্র বসু তেওঁৰ অসাধাৰণ ওকালতি আৰু সমাজতান্ত্ৰিক নীতিৰ বাবে জনাজাত আছিল। নিজৰ অভিনৱ পন্থা, অসাধাৰণ সাংগঠনিক শক্তি প্রভৃতিয়ে সমগ্র ভাৰতবর্ষত তেওঁক জনপ্রিয় কৰি তুলিছিল।

১৮৯৭ চনৰ ২৩ জানুৱাৰীত উৰিষ্যাৰ কটকত সুভাষ চন্দ্ৰ বসু জন্ম হৈছিল। তেওঁৰ দেউতাক জানকী নাথ বসু এগৰাকী বিখ্যাত উকীল আছিল আৰু তেওঁৰ মাতৃ প্ৰভাৱতী বসু এগৰাকী ধাৰ্মিক মহিলা আছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাজীৰ জন্মজয়ন্তীক পৰক্ৰম দিৱাস বুলি নামাকৰণ কৰিছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদানক সন্মান জনোৱাৰ অৰ্থে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো প্ৰতি বছৰে ২৩ জানুৱাৰীত দেশৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়।

 আজি নেতাজীৰ ১২৭ সংখ্যক জন্মজয়ন্তী
দুৰ্বৃত্তৰ আক্ৰমণত নিহত যুৱক

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in