যোৰহাট কাণ্ডকলৈ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সংবাদমেল...

শিক্ষানগৰী যোৰহাটত সংঘটিত হোৱা এক ঘটনাই সমগ্ৰ ৰাজ্যবাসীৰ চকু কপালত তুলিছে । শেহতীয়াকৈ এগৰাকী ছাত্ৰীয়ে বিভিন্ন জনেৰে অশ্লীল ছবি নিৰ্মাণ কৰি নিষিদ্ধ ৱেবছাইটত আপলোড কৰি ধন উপাৰ্জনৰ জাল পতা কাণ্ডই সকলোকে হতবাক কৰি তুলিছে
যোৰহাট কাণ্ডকলৈ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সংবাদমেল...

ডিজিটেল ডেস্কঃ শিক্ষানগৰী যোৰহাটত সংঘটিত হোৱা এক ঘটনাই সমগ্ৰ ৰাজ্যবাসীৰ চকু কপালত তুলিছে । শেহতীয়াকৈ এগৰাকী ছাত্ৰীয়ে বিভিন্ন জনেৰে অশ্লীল ছবি নিৰ্মাণ কৰি নিষিদ্ধ ৱেবছাইটত আপলোড কৰি ধন উপাৰ্জনৰ জাল পতা কাণ্ডই সকলোকে হতবাক কৰি তুলিছে ।

এই ঘটনা পোহৰলৈ আহিছে ৭২ বছৰীয়া এগৰাকী বৃদ্ধৰ আত্মহত্যাৰ পিছতেই । ইতিমধ্যেই আৰক্ষীয়ে ঘটনাৰে জড়িত অভিযুক্ত ছাত্ৰীগৰাকীৰ লগতে দুজনকৈ যুৱকক গ্ৰেপ্তাৰ কৰিছে । ঘটনা সন্দৰ্ভত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে দেওবাৰে সংবাদমেল অনুষ্ঠিত কৰে ।

সংবাদ মেলত আৰক্ষী অধীক্ষকে অশ্লীল ভিডিঅ’ প্রস্তুত কৰা চক্রটোৰ সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছে । অভিযুক্ত যুৱতীগৰাকীৰ সৈতে দুয়োজন যুৱকৰ আছিল সম্পৰ্ক । আৰু তেওঁলোকে স্বইচ্ছাই প্ৰস্তুত কৰিছিল ভিডিঅ’ ।‘যুৱতীগৰাকী আৰু অভিষেক কাশ্যপ নামৰ যুৱকজনক বৰ্তমানেও সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

প্ৰাথমিক তদন্তত আৰক্ষীৰ আগত অভিযুক্তই স্বীকাৰ কৰিছে যে মনোৰঞ্জনৰ বাবেহে প্ৰস্তুত কৰিছিল ভিডিঅ’ । অভিযুক্ত ছাত্ৰীগৰাকী আৰু অভিষেক কাশ্যপ নামৰ যুৱকজন ৩ দিনৰ আৰক্ষী জিম্মাত আছে । দুয়োগৰাকী’

এই ঘটনাৰে হানীট্রেপিং অথবা ব্লেকমেইলিঙৰ কোনো সম্পৰ্ক নাই বুলিও আজিৰ সংবাদমেলত প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

উল্লেখ্য যে মেধাবী ছাত্ৰী এনে ঘটনাৰে জড়িত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতেই সচেতন মহল চিন্তিত হৈ পৰিছে । স্থানীয় ৰাইজে এই ঘটনাৰে জড়িত সকলো লোকক পোলিয়ে পুখাই উৎখাত কৰাবলৈ আৰক্ষীক আহ্বান জনাইছে । নহ’লে অনাগত দিনত ভৱিষ্যত প্ৰজন্ম বিনষ্ট হৈ পৰাৰ শংকা প্ৰকাশ কৰিছে ।

যোৰহাট কাণ্ডকলৈ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সংবাদমেল...
অশ্লীল ভিডিঅ' প্ৰস্তুত কৰা যোৰহাটৰ ছাত্ৰীগৰাকীৰ দুই সতীৰ্থকো গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in