
ডিজিটেল ডেস্কঃ ২০২৪ ৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতি গৰম হৈ পৰিছে। শক্তি প্ৰদৰ্শনত নামি পৰিছে শাসক, বিৰোধী। বিজেপিক ক্ষমতাৰ পৰা আঁতৰাবলৈ বিৰোধী ৰাজনৈতিক দলসমূহ একত্ৰিত হোৱাৰ সময়তে শাসকীয় বিজেপিয়ে পুনৰ এন ডি এক শক্তিশালী কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে।
তাৰ মাজতে ২৬ টাকৈ বিৰোধী ৰাজনৈতিক দলে দুদিনীয়াকৈ বেংগালুৰুত অনুষ্ঠিত কৰিছে বৈঠক। এই বৈঠকত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, মমতা বেনাৰ্জী, মল্লিকাৰ্জুন খাৰ্গে, লালু প্ৰসাদ যাদৱ, নীতিশ কুমাৰ, অখিলেখ সিং যাদৱ, অৰবিন্দ কেজৰিৱাল, উদ্ধৱ ঠাকৰে, শাৰদ পাৱাৰৰ দৰে শক্তিশালী বিৰোধী ৰাজনৈতিক নেতাসকল উপস্থিত আছে।
তাৰ মাজতে আজি দিল্লীত শাসকীয় বিজেপিয়ে এন ডি এৰ বৈঠকো আহ্বান কৰিছে। এই বৈঠকত অংশগ্ৰহণ কৰিছে ৩৮ টাকৈ ৰাজনৈতিক দলে। বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাই প্ৰকাশ কৰা অনুসৰি বৰ্তমান ৩৮ টা ৰাজনৈতিক দলে এই বৈঠকত অংশগ্ৰহণ কৰিছে।
দিল্লীৰ অশোক হেটলত অনুষ্ঠিত এই বৈঠত সন্ধিয়া ৫ বজালৈ অব্যাহ থাকিব। এন ডি এৰ এই বৈঠকত অংশগ্ৰহণ কৰা ৰাজনৈতিক দলসমূহৰ ভিতৰত আছে ভাৰতীয় জনতা পাৰ্টী, AIADMK, শিৱসেনাৰ একনাথ সিন্দে গোট, NPP, NDPP, ছিকিম ক্ৰান্তিকাৰী মৰ্চা, জননায়ক জনতা পাৰ্টী, IMKMK, AJSU, ৰিপাব্লিক পাৰ্টী অফ ইণ্ডিয়া, মিজো নেশ্যনেল ফ্ৰণ্ট, তামিল মনিলা কংগ্ৰেছ, ত্ৰিপুৰা, বড়ো পিপলছ পাৰ্টী, PMK, MGP, অপনা দল, অসম গণ পৰিষদ, ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টী, নিশাদ পাৰ্টী, ইউ পি পি এল, এ আই এন আৰ কংগ্ৰেছ, শিৰোমণি আকালি দল, জনসেনা, এন চি পিৰ অজিত পাৱাৰৰ গোট, ৰাম বিলাস পাছোৱানৰ লোক জনশক্তি পাৰ্টী আদি।
ইয়াৰ পূৰ্বে জে পি নড্ডাই সোমবাৰে এন ডি এৰ প্ৰসংগত কৈছিল এয়া এক আদৰ্শৰ মিত্ৰজোট। ইয়াৰ বিপৰীতে বিৰোধী পক্ষৰ মিত্ৰজোটক তেওঁ স্বাৰ্থৰ আধাৰত গঠিত মিত্ৰজোট আখ্যা দিছিল। তেওঁৰ মতে বিৰোধীৰ পক্ষত কোনো নেতা নাই। নাই কোনো নীতি আৰু সিদ্ধান্ত ল'ব পৰা ক্ষমতা।