অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ দায়িত্ব কেন্দ্ৰৰ নহয় ৰাজ্য চৰকাৰৰহে...

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ দায়িত্ব কেন্দ্ৰৰ নহয় ৰাজ্য চৰকাৰৰহে...
অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ দায়িত্ব কেন্দ্ৰৰ নহয় ৰাজ্য চৰকাৰৰহে...

ডিজিটেল ডেস্কঃ অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ দায়িত্ব ৰাজ্য চৰকাৰৰ। কেন্দ্ৰৰ বিজেপি চৰকাৰৰ গৃহ বিভাগে স্পষ্ট কৰিছে এই কথা। যিসময়ত ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিতৰ্ক অব্যাহত আছে আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই সমষ্টি পুনৰ নিৰ্ধাৰণে ৰাজ্যৰ খিলঞ্জীয়াৰ অস্তিত্বক সুৰক্ষিত কৰাৰ লগতে নিৰাপত্ত প্ৰদান কৰিব বুলি যুক্তি আগবঢ়াইছে, সেই সময়তে কেন্দ্ৰৰ গৃহ মন্ত্ৰালয়ে এইদৰে ৬নং দফা সন্দৰ্ভত প্ৰকাশ কৰা স্পষ্টিকৰণে পুনৰ নতুন বিতৰ্কৰ সূচনা কৰিলে।

উল্লেখ্যে যে, অসম চুক্তি ৰূপায়ণৰ দায়িত্ব আছিল কেন্দ্ৰীয় চৰকাৰ। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে এইদৰে চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰলৈ বল ঠেলি কাৰ্যতঃ অসম চুক্তি ৰূপায়ণৰ বিষয়টোত যে ল'ৰা ধেমালি অব্যাহত ৰাখিছে সেই কথাই প্ৰমাণ হৈছে।

৬ বছৰীয়া বিদেশী খেদা আন্দোলন আৰু ৮৫৫ গৰাকী ছহিদৰ আত্ম বলিদানৰ পাছত স্বাক্ষৰিত হোৱা এই চুক্তিৰ ৬ নং দফাত আছিল সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক নিৰপত্তা প্ৰদানৰ ব্যৱস্থাৰ কথা। অসমীয়া সংস্কৃতি, ভাষা, সামাজিক আৰু ঐতিহাসিক ক্ষেত্ৰসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কথা।

অসমৰ অস্তিত্ব সুৰক্ষা আৰু খিলঞ্জীয়াৰ অধিকাৰ, নিৰাপত্তাৰ ক্ষেত্ৰত অসম চুক্তিখনৰ এই দফা অতি গুৰুত্বপূৰ্ণ। এক কথাত চুক্তিখনৰ প্ৰাণ আছিল এই দফা। কিন্তু আজিও চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণ নকৰিলে কেন্দ্ৰীয় চৰকাৰে।

ইফালে কেন্দ্ৰীয় বিজেপি চৰকাৰে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে গঠন কৰি দিছিল এক উচ্চস্তৰীয় সমিতি। ২০১৯ চনৰ ১৫ জুলাইত কেন্দ্ৰীয় গৃহ বিভাগে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰি দিছিল ১৩ জনীয়া এক উচ্চস্তৰীয় সমিতি।

এই সমিতিয়ে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দল, সংগঠন, বিশিষ্ট নাগৰিকৰ পৰামৰ্শ গ্ৰহণ কৰি ২০২০ ৰ ১০ ফেব্ৰুৱাৰীত প্ৰতিবেদন প্ৰস্তত কৰে। কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই প্ৰতিবেদন গ্ৰহণ নকৰিলে।

উপায়ন্তৰ হৈ ২০২০ ৰ ২৫ ফেব্ৰুৱাৰীত এই সমিতিখনে প্ৰস্তুত কৰি উলিওৱা প্ৰতিবেদনখন তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰে।আনহাতে ২০২১ ৰ ১০ ফেব্ৰুৱাৰীত ৰাজ্যসভাত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় যে, বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদন অসম চৰকাৰে পৰীক্ষা কৰি আছে।

২০২১ চনত  অসম চৰকাৰে ৬ নং দফা ৰূপায়ণৰ বাবে আন এখন সমিতি গঠন কৰে। বিপ্লৱ শৰ্মা নেতৃত্বাধীন সমিতিৰ প্ৰতিবেদন পৰীক্ষা কৰিবলৈ গঠন কৰি দিয়া এই সমিতিত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা, অজন্তা নেওঁগ, পীযুষ হাজৰিকাৰ উপৰিও সদৌ অসম ছাত্ৰ সন্থাৰ ৫ গৰাকী সদস্যও অন্তৰ্ভুক্ত আছিল।

সমতিখনে ৩ মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল যদিও আজি পৰ্যন্ত সেই প্ৰতিবেদন  প্ৰকাশ নাপালে। তাৰ পাছতো অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰণক লৈ চলি থাকিল ৰাজনীতি।

আৰু অৱেশেষত কেন্দ্ৰীয় চৰকাৰে অসম চুক্তি ৰূপায়ণৰ বাবে বল ঠেলিলে ৰাজ্য চৰকাৰলৈ। দ্যা ক্ৰছ কাৰেণ্টৰ এক আৰ টি আইৰ উত্তৰত প্ৰকাশ পাইছে এই কথা। এইদৰেই চলি আছে অসম চুক্তি ৰূপায়ণৰ ল'ৰা ধেমালি।

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ দায়িত্ব কেন্দ্ৰৰ নহয় ৰাজ্য চৰকাৰৰহে...
নুনমাটিত মহিলাৰ বাসগৃহত দুৰ্বৃত্তৰ অগ্নিসংযোগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in